ETV Bharat / state

ৰেগিঙৰ নামত জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰাবাসত প্ৰকৃততে ঘটিছে কি ! - jawahar navodaya vidyalaya

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 12:31 PM IST

Jawahar Navodaya Vidyalaya controversy : পুনৰ বিতৰ্কত জৱাহৰ নৱোদয় বিদ্যালয় । বিতৰ্কই যেন লগ নেৰা হৈছে এই শিক্ষানুষ্ঠানখনক । এইবাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৰ চাংলাং জিলাৰ বৰডুমছাৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে সংঘটিত কৰিলে অমানৱীয় কাণ্ড ।

Jawahar Navodaya Vidyalaya
বৰডুমছা জৱাহৰ নৱোদয় বিদ্যালয় (Google)

তিনিচুকীয়া, ২৬ জুন: ন্য়ায়ালয়ে বিদ্য়ালয়ত কোনো কাৰণতে ৰেগিং কাণ্ড সংঘটিত হ'ব নোৱাৰে বুলি কঠোৰ নিৰ্দেশনা দিয়াৰ পিচতো একাংশ শিক্ষানুষ্ঠানত এই ব্য়াধি চলি আছে । এনে ঘটনাৰ বাবে বহুতে আনকি বিদ্য়ালয়ৰ পৰা অন্য় শিক্ষানুষ্ঠানলৈ যাবলগীয়া ঘটনাও সংঘটিত হৈ আছে ।

বৰডুমছা জৱাহৰ নৱোদয় বিদ্যালয় (ETV BHARAT ASSAM)

ইয়াৰ মাজতেই অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৰ চাংলাং জিলাৰ বৰডুমছাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত ৰেগিং কাণ্ডই শংকিত কৰিছে অভিভাৱকক । উত্থাপিত অভিযোগ অনুসৰি, মঙলবাৰে পুৱা বিদ্যালয়খনৰ ছাত্ৰাবাসত ৰেগিঙৰ নামত একাদশ শ্ৰেণীৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৫ গৰাকীকৈ শিক্ষাৰ্থীক চলালে অকথ্য় নিৰ্যাতন ।

বৰডুমছাৰ স্থানীয় ছাত্ৰ এজনৰ অভিভাৱকে অভিযোগ উত্থাপন কৰি কয় যে, মঙলবাৰে পুৱা বিদ্যালয়খনৰ ছাত্ৰাবাসত জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীয়ে ৫ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক ৰেগিঙৰ নামত নৃশংসভাৱে মাৰপিট কৰে । ইয়াৰ পিচতো বিদ্য়ালয় কৰ্তৃপক্ষই এই বিষয়টোত কোনো গুৰুত্ব আৰোপ নকৰা বুলিও অভিভাৱকগৰাকীয়ে অভিযোগ কৰিছে ।

লগতে পঢ়ক:সৰ্প দংশনত ছাত্ৰীৰ মৃত্যু : ছিপাঝাৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ চিকিৎসকৰ বিৰুদ্ধে ন্যায়িক তদন্তৰ দাবী আছুৰ - AASU protest

চাংলাং জিলাৰ বৰডুমছাৰ জৱাহৰ নৱোদয় বিদ্যালয়খনত একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীক শাৰীৰিক-মানসিকভাৱে আঘাত কৰে । এই কাণ্ডই অভিভাৱক সকলৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে । এইক্ষেত্ৰত বিহিত ব্য়ৱস্থা গ্ৰহণ কৰি জৱাহৰ নৱোদয় বিদ্যালয় কৰ্তৃপক্ষক অভিযুক্তসকলক বিদ্য়ালয়খনৰ পৰা বহিস্কাৰ কৰিবলৈ দাবী জনাইছে ।

এই শেহতীয়া ঘটনাই বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষা কৰ্তৃপক্ষৰ তদাৰকীৰ ফলপ্ৰসূতা সম্পৰ্কে প্ৰশ্নৰ উত্থাপন কৰিছে অভিভাৱকসকলে । ভৱিষ্যতে এনে জঘন্য কাৰ্যৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক ৰক্ষা কৰিবলৈ উক্ত ঘটনাৰ তদন্ত কৰাৰ লগতে প্ৰতিৰোধমূলক ব্যৱস্থা কঠোৰ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী ছাত্ৰৰ অভিভাৱকৰ লগতে সচেতন ৰাইজে ।

লগতে পঢ়ক: কণমানি ছাত্ৰক প্ৰহাৰ কৰাক লৈ শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল - Teacher Beating Student

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.