ETV Bharat / state

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতাক দলবদ্ধ আক্ৰমণ - Mob attack in Jonai

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 8:23 PM IST

Attack on KMSS leader : কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতিক দলবদ্ধ আক্ৰমণৰ ঘটনা ৷ মিচিং জাতীয় সংগঠনৰ এশজনীয়া দলে আক্ৰমণ কৰাৰ অভিযোগ ৷

Attack on KMSS leader
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতাক দলবদ্ধ আক্ৰমণ (ETV Bharat Assam)

জোনাই, ২৭ জুলাই : শনিবাৰে জোনাইত তীব্ৰ হতাহতিৰ সৃষ্টি হ’ল মিচিং জাতীয় সংগঠন টি এম পি কে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মাজত ৷ শিশু শ্ৰমিকক কেন্দ্ৰ কৰি দুই সংগঠনৰ কৰ্মীৰ মাজত এই হতাহতিৰ সৃষ্টি হয় ৷

জানিব পৰামতে বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি চেইফ পাৱৰ নিজা এখন দোকানগৃহ নিৰ্মাণ কৰি থকা অৱস্থাত তেওঁৰ মিস্ত্ৰীগৰাকীয়ে দুটি শিশু শ্ৰমিকক কামত নিয়োগ কৰে ৷ তেনে সময়তে মিচিং জাতীয় সংগঠন টি এম পি কেৰ একাংশ কৰ্মীয়ে শিশু দুটিক কাম কৰি থকা প্ৰত্যক্ষ কৰাত জোনাই থানাত গতাই দি পিচত চেইফ পাৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।

উক্ত এজাহাৰৰ ভিত্তিত কৃষক নেতাগৰাকীক নিশা জোনাই থানাত আৰক্ষীয়ে আৱদ্ধ কৰি ৰাখে যদিও শুকুৰবাৰে কৃষক নেতাগৰাকীয়ে জামিন লাভ কৰে । ইফালে জামিন লাভ কৰাৰ পিচতে কৃষক নেতাগৰাকীয়ে ধেমাজি জিলাৰ লগতে জোনাইৰ বিভিন্ন অঞ্চলত চৰকাৰী কামৰ দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে মাত মাতি অহাৰ কাৰণে তেওঁক আইনগতভাৱে হত্যা কৰাৰ চেষ্টা চলোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

এই ঘটনাৰ পিচতে শনিবাৰে পুনৰ কৃষক নেতাগৰাকীয়ে তেওঁৰ নিৰ্মাণৰত অৱস্থাত থকা দোকানগৃহৰ কাষতে থকা এখন হোটেলত চাহ খাই থকা অৱস্থাত মিচিং জাতীয় সংগঠন টি এম পি কেৰ এটা ১০০ জনীয়া দলে তেওঁক প্ৰচণ্ডভাৱে মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হয় ৷ অভিযোগ অনুসৰি উক্ত স্থানৰ পৰা বলপূৰ্বকভাৱে এখন চাৰিচকীয়া বাহনত উঠাই লৈ জোনাইৰ বগৰীগুৰি নামৰ নিজান ঠাইত এটা বস্তাত ভৰাই শৰীৰৰ বিভিন্ন অংশত শিল তথা চোকা শস্ত্ৰৰে আঘাত কৰি গুৰুতৰভাৱে কৃষক নেতাগৰাকীক আহত কৰে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

এই ঘটনাৰ পিচতে কৃষক নেতাগৰাকীৰ পৰিয়ালে জোনাই থানাত এজাহাৰ দাখিল কৰে ৷ তাৰ পিচতে এজাহাৰৰ ভিত্তিত কৃষক নেতাগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি জোনাই অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : মৰিয়নীত দলবদ্ধ আক্ৰমণত যুৱকৰ মৃত্য়ু : ১৯ দিনৰ পিচত এজাহাৰ দাখিল

লগতে পঢ়ক : ঘূণাসুঁতিত মিচিং সংগঠৰ সদস্যক আক্ৰমণ : গুৰুতৰভাৱে আহত কেবাজনো

লগতে পঢ়ক : জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃয়ে হেৰুৱালে এখন হাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.