ETV Bharat / state

দল-সংগঠনৰ বিষয়ববীয়াক দুৰ্ব্যৱহাৰ বেদখলকাৰী মহিলাৰ ! - Land encroachment in Golaghat

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 10:12 AM IST

Rangamati Cooperative Society : ৰাজ্যত অব্যাহত ভূমি বেদখলকাৰীৰ দপদপনি । গোলাঘাট জিলাত সমবায় সমিতিৰ ভূমি বেদখলৰ অভিযোগ এগৰাকী মহিলাৰ বিৰুদ্ধে । চক্ৰ বিষয়া কাৰ্যালয়ৰ বিষয়া, আৰক্ষী আৰু দল-সংগঠনৰ বিষয়ববীয়াক দুৰ্ব্যৱহাৰৰ অভিযোগ মহিলাগৰাকীৰ বিৰুদ্ধে । অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া ।

allegation against a woman of encroaching on land belonging to the Rangamati Cooperative Society in golaghat
গোলাঘাটত ভূমি বেদখলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

গোলাঘাট, 22 জুন : ভূমি বেদখলক কেন্দ্ৰ কৰি গোলাঘাট জিলাৰ বাদুলিপাৰত উত্তপ্ত পৰিস্থিতি ৷ জানিব পৰা মতে, বাদুলিপাৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত লেবলেবি পথাৰৰ 3 কঠা 10 লেচা ভূমি আছিল ৰঙামাটি সমবায় সমিতিৰ নামত । সমবায় সমিতিৰ নামত থকা মাটিখিনি বিগত কিছুদিনৰ পৰা স্থানীয় এগৰাকী মহিলাই অবৈধভাৱে দখল কৰি অহা বুলি অভিযোগ তুলিছে স্থানীয় লোকসকলে ।

এই সন্দৰ্ভত ৰঙামাটি সমবায় সমিতিৰ সভাপতি আৰু সম্পাদকে খুমটাই ৰাজহ চক্ৰ কাৰ্যালয়ত এখন লিখিত অভিযোগ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : বিদ্যালয়ৰ ভূমিত ডেকা সত্ৰাধিকাৰৰ চকু ! বেদখল বিঘাই বিঘাই মাটি

ভূমিখিনি বেদখলমুক্ত কৰিবলৈ লিখিতভাবে দাবী জনোৱাৰ পাচতে খুমটাই চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে আৰক্ষীসহ ৰঙামাটি সমবায় সমিতিৰ বিষয়ববীয়া আৰু বাদুলিপাৰৰ বিভিন্ন দল-সংগঠনক লগত লৈ সমবায় সমিতিৰ নামত থকা মাটিখিনি পুনৰ অধিগ্ৰহণৰ বাবে যায় ।

অভিযোগ অনুসৰি অধিগ্ৰহণৰ বাবে যোৱাৰ সময়ত অভিযুক্ত মহিলাগৰাকীয়ে চক্ৰ বিষয়া কাৰ্যালয়ৰ বিষয়া, আৰক্ষী আৰু দল-সংগঠনৰ বিষয়ববীয়াক যথেষ্ট দুৰ্ব্যৱহাৰ কৰে । এই কাণ্ডই বিশেষ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : চৰকাৰী-ট্ৰাইবেল বেল্টৰ ৩৫ লাখৰো অধিক বিঘা মাটি বেদখলকাৰীৰ কবলত - Land Encroachment in Assam

এই ঘটনা সংঘটিত হোৱাৰ পাচত সমবায় সমিতিৰ মাটি বেদখল কৰি অহা বুলি অভিযোগ উত্থাপন হোৱা মহিলাগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰঙামাটি সমবায় সমিতিৰ লগতে স্থানীয় দল-সংগঠন । ইয়াৰ পাচতে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি সৰ্বসন্মতি ক্ৰমে গোলাঘাট জিলা আয়ুক্ত পি উদয় প্ৰবীণলৈ এখন পত্ৰ প্ৰেৰণ কৰি বিষয়টোত হস্তক্ষেপ কামনা তথা সুবিচাৰ আশা কৰিছে ৰঙামাটি সমবায় সমিতিৰ লগতে দল-সংগঠনে ।

মাটিখিনি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত অনাগত দিনত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়াহে আগন্তুক দিনত হ'ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক : শিক্ষামন্ত্ৰীৰ নামত মাটি বেদখলৰ চেষ্টা: ভূ-মাফিয়াক খেদিলে উত্তেজিত ৰাইজে - Tense Situation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.