ETV Bharat / state

সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন - All Moran Students Union - ALL MORAN STUDENTS UNION

AMSU 56TH CENTRAL FOUNDATION DAY : 56 টা বসন্ত গৰকিলে সদৌ মৰাণ ছাত্ৰ সন্থাই ৷ সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ মৰাণ ছাত্ৰ সন্থা, তিনিচুকীয়া আঞ্চলিক সমিতিৰ আতিথ্যত আৰু পুৰণি মতাপুং কৰ্মবীৰ সংঘৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে সংগঠনটোৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ।

ALL MORAN STUDENTS UNION
সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 7:34 AM IST

সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন (ETV BHARAT ASSAM)

তিনিচুকীয়া, 6 মে’ : উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ভূমিপুত্ৰ হৈছে মৰাণ জনগোষ্ঠী ৷ বৰ অসম গঢ়াৰ ক্ষেত্ৰত মৰাণ জনগোষ্ঠীৰ যথেষ্ট অৱদান ইতিহাসৰ পৃষ্ঠাত সন্নিবিষ্ট হৈ আছে । অসমৰ সমাজ জীৱনৰ যিকোনো কাৰ্য ক্ষেত্ৰত মৰাণ জনগোষ্ঠীৰ অৰিহণা সদায় সুকীয়া ৷

তৎস্বত্বেও মৰাণ জনগোষ্ঠীৰ লোকসকলে সময়ে সময়ে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক দিশত বিভিন্ন ধৰণৰ সমস্যাত ভুগি আহিছে ৷ ফলত এই জনগোষ্ঠীটোক আগুৱাই নিবলৈ বা জনগোষ্ঠীটোৰ জৰ্জৰিত সমস্যাসমূহৰ হকে যুঁজ দিবলৈ 1968 চনৰ 5 মে’ত সদৌ মৰাণ ছাত্ৰ সন্থা প্ৰতিষ্ঠা হৈছিল । জন্ম লগ্নৰ পৰাই সদৌ মৰাণ ছাত্ৰ সন্থাই নিজৰ জনগোষ্ঠীটোৰ হকে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক ক্ষেত্ৰত যুঁজ দি আহিছে ।

2024 বৰ্ষত এই সংগঠনটোৱে 56 টা বৰ্ষ গৰকিল । এই বিশেষ দিনটোৰ উপলক্ষে সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ মৰাণ ছাত্ৰ সন্থা, তিনিচুকীয়া আঞ্চলিক সমিতিৰ আতিথ্যত আৰু পুৰণি মতাপুং কৰ্মবীৰ সংঘৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে দেওবাৰে বাৰেকুৰিৰ পুৰণি মতাপুং শ্ৰী শ্ৰী অষ্টভূজ প্ৰকল্পত 56 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ।

প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী উপলক্ষে পুৱাই পতাকা উত্তোলন কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বড়া, শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক জয়কান্ত মৰাণে ৷ সমবেত সংগীতেৰে আৰম্ভ কৰা অনুষ্ঠানত সংগঠনটোৰ ন-পুৰণি বিষয়ববীয়াসকলৰ মাজত এটি বাৰ্তালাপ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । ইয়াৰ লগতে মৰাণ জনগোষ্ঠী লোকসকলৰ অতীজৰে পৰা উদযাপন কৰি অহা গছ তলৰ বিহু, মুকলি সভা আৰু অন্যান্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে ৷

ইয়াৰোপৰি সদৌ মৰাণ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নৱ নিৰ্বাচিত সভাপতি পলিন্দ্ৰ বড়া আৰু সাধাৰণ সম্পাদক জয়কান্ত মৰাণে মৰাণ জনগোষ্ঠীটোক এইবাৰ জনজাতি মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰক দাবী প্রয়োগ কৰিবলৈ আন্দোলন গঢ়ি তোলাৰ লগতে 'কা' বাতিল কৰিবলৈও সকলো ধৰণৰ আন্দোলন গঢ়ি তুলিব বুলি সংবাদমাধ্যমৰ আগত অৱগত কৰে ৷

লগতে পঢ়ক: পিতা-পুত্ৰই নীৰৱেই চলাইছে দুগ্ধ বিপ্লৱ - Self Reliant Story

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.