ETV Bharat / state

গোগামুখত সৰ্বভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান মুকলি কেন্দ্ৰীয় কৃষিমন্ত্ৰীৰ - Sarbananda Sonowal

গোগামুখত সৰ্বভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানখন উদ্বোধন কৰিলে কেন্দ্ৰীয় ৰাজ্যিক কৃষিমন্ত্ৰী কৈলাশ চৌধুৰীয়ে ।

All India Agricultural Research Institute
সৰ্বভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান
author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 9:18 PM IST

সৰ্বভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান

ধেমাজি, ৪ মাৰ্চ: এছিয়া মহাদেশৰ ভিতৰতে অন্যতম বৃহৎ কৃষি গৱেষণা প্ৰতিষ্ঠান হিচাপে পৰিগণিত হোৱা সৰ্বভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ আজি শুভ উদ্বোধন কৰা হয় ৷ এই সৰ্বভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানখন উদ্বোধন কৰে কেন্দ্ৰীয় ৰাজ্যিক কৃষিমন্ত্ৰী কৈলাশ চৌধুৰীয়ে । গৱেষণা প্ৰতিষ্ঠান মুকলি কৰি কেন্দ্ৰীয় ৰাজ্যিক কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে গোগামুখস্থিত ভাৰতীয় গৱেষণা প্ৰতিষ্ঠান কেৱল গোগামুখ, অসম বা ভাৰতৰ বাবে নহয়, ই সমগ্ৰ দক্ষিণ পূৱ এছিয়াৰ সপোনৰ প্ৰকল্প ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দূৰদৰ্শী চিন্তা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰ্ববিস্তাৰিত বিকাশ যোজনাৰ ফচল আই চি এ আৰ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কৃষিমন্ত্ৰী কৈলাশ চৌধুৰীয়ে পুনৰ কয় যে আই চি এ আৰ গুৱাহাটী আই টি আই, গুৱাহাটী এইমছৰ সমানে গুৰুত্বপূৰ্ণ ৷ ইয়াৰ পৰা পৰা সমগ্ৰ দক্ষিণ-পূৱ এছিয়াই কৃষি যোজনাত পূৰামাত্ৰাই লাভান্বিত হ'ব ৷ অন্য উন্নত দেশবোৰত যিমান কৃষি প্ৰযুক্তি উপলব্ধ হৈ আছে আই চি এ আৰতো এইসমূহ প্ৰযুক্তি উপলব্ধ হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে আই চি এ আৰত বহুকেইটা এনে বিশ্বমানৰ কৃষি সামগ্ৰী আহি পাইছে ৷ ধেমাজি জিলাৰ গোগামুখৰ দৰে মফচলীয়া অঞ্চলত এনে বিশ্বমানৰ অনুষ্ঠান স্থাপন হোৱাটো অসমৰ বাবে গৌৰৱৰ বিষয় হিচাপে বিবেচিত হৈছে বুলি কয় কৃষিমন্ত্ৰী কৈলাশ চৌধুৰীয়ে ৷

উল্লেখ্য় যে ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি আমাৰ অসমৰ আয়ুসৰেখা ৷ চলিত বৰ্ষৰ মে'ৰ পৰা আই চি এ আৰত ছাত্ৰ-ছাত্ৰীসকলে পাঠগ্ৰহণ কৰিব ৷ প্ৰথম পৰ্যায়ত ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইয়াত এগ্ৰিকালছাৰ বি এ চি পাঠ গ্ৰহণ আৰম্ভ কৰিব ৷ ছাত্ৰীসকলে সোৱণশিৰি ছাত্ৰী নিৱাস আৰু ছাত্ৰসকলে ব্ৰহ্মপুত্ৰ ছাত্ৰাবাসত থাকিব ৷ এতিয়ালৈকে আই চি এ আৰত ৩১ গৰাকী বিজ্ঞানীয়ে নিজৰ নিজৰ বিভাগত নিৰন্তৰ কাম কৰি আছে আৰু আন ২৯ গৰাকী বিজ্ঞানী মে'ত যোগদান কৰিব ৷ ইয়াত কৃষি গৱেষণাৰ সমান্তৰালভাৱে স্থানীয় কৃষকৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰি যাব ৷

উল্লেখ্য যে ২০১৭ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোগামুখস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিছিল । ২০১৮ চনৰ পৰা ইয়াৰ নিৰ্মাণ আৰম্ভ হৈছিল ৷ এতিয়াও পূৰ্ণ পৰ্যায়ত নিৰ্মাণ চলি থকা প্ৰতিষ্ঠানখনৰ মূল পাঠদান গৃহ, প্ৰশাসনিক ভৱন, ছাত্ৰী নিৱাস, ছাত্ৰ নিৱাস, শিক্ষক ভৱন নিৰ্মাণ সম্পূৰ্ণ হৈছে ৷ অৱশ্যে কেইবাটাও শিক্ষক ভৱন নিৰ্মাণ এতিয়াও নিৰ্মাণ চলি আছে ৷

আজি কেন্দ্ৰীয় কৃষিমন্ত্ৰী অৰ্জুন মুণ্ডাই আই চি এ আৰৰ ভাৰ্চুৱেলী উদ্বোধন কৰে । একেদৰে ধেমাজি জিলা চিমেন চাপৰিস্থিত ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰত উপস্থিত হৈ জিলাখনৰ কৃষকৰ সৈতে মতবিনিময় কৰে কৈলাশ চৌধুৰীয়ে । এই অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, এম এ চি চিফ পৰমানন্দ চায়েঙীয়া, ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী আদি উপস্থিত থাকে ।

লগতে পঢ়ক:গোলাঘাট জিলাৰ একমাত্ৰ লাখপতি বাইদেউৱে সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.