ETV Bharat / state

বিশ্ব আদিবাসী দিৱসৰ দিনাই তিনিচুকীয়াত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ - AASAA Protest - AASAA PROTEST

AASAA Protest: তিনিচুকীয়াৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম আদবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী । জনজাতিকৰণকে ধৰি কেইবাটাও দাবীৰে সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে ।

AASAA Protest
বিশ্ব আদিবাসী দিৱসৰ দিনাই তিনিচুকীয়াত আদবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 8:46 PM IST

তিনিচুকীয়া,৯ আগষ্ট : আজি বিশ্ব আদিবাসী দিৱস । বিশ্বজুৰি আদিবাসী তথা বিভিন্ন সংগঠনে এই দিৱস উদযাপন কৰিছে । এই দিনটোতে সদৌ অসম আদবাসী ছাত্ৰ সন্থাই বিভিন্ন দাবীৰে তিনিচুকীয়াত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

বিশ্ব আদিবাসী দিৱসৰ দিনাই তিনিচুকীয়াত আদবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ (ETV Bharat)

সদৌ অসম আদবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ :

সমাগত পঞ্চায়ত নিৰ্বাচন । বিধানসভাৰ উপ-নিৰ্বাচনো সমাগত । তাৰ প্ৰাকক্ষণত তিনিচুকীয়াৰ ৰাজপথত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই । তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিয়ে ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰতিবাদত অংশ লৈ সংগঠনটোৰ এগৰাকী নেতাই কয়,"আজি বিশ্ব আদিবাসী দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলা সমিতিয়েও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো । জিলা আয়ুক্তৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বিচাৰিছো । অসমত বসবাস কৰা প্ৰায় ১.৫ কোটি আদিবাসী লোকসকলৰ সৰ্বাংগীন সাংবিধানিক সুৰক্ষাৰ বিষয় লৈ এই স্মাৰক পত্ৰ প্ৰেৰণ কৰিছো । প্ৰথমে আমাৰ জন্মৰ অধিকাৰ হিচাপে জনজাতিকৰণৰ মৰ্যাদাৰ বাবে দাবী জনাইছো । দ্বিতীয়তে ভূমিৰ অধিকাৰ বিচাৰি আমি দাবী জনাইছো ।"

তেওঁ লগতে কয়, "ভূমিৰ অধিকাৰ দিয়াৰ পৰিৱৰ্তে চৰকাৰে বণিক গোষ্ঠীক চাহ বাগিচা বিক্ৰী কৰিছে । কেৱল নিউজ আৰু সামাজিক মাধ্যমত ক'লেই নহ'ব, নথি পত্ৰ আদিবাসী লোকৰ হাতত তুলি দিব লাগিব ।" যদি চৰকাৰে এইক্ষেত্ৰত পদক্ষেপ নলয় আগন্তুক পঞ্চায়ত আৰু বিধানসভাৰ উপ-নিৰ্বাচনত শাসনত থকা বিজেপি চৰকাৰৰ বিৰুদ্ধে মুকলিকৈ যুঁজ দিব ।" অসমত বাস কৰা আদিবাসী লোকক জাতি বা উপজাতিৰ নামত জাতিগত প্ৰমাণপত্ৰ দিব লাগিব বুলিও সংগঠনটোৱে দাবী জনায় ।

লগতে পঢ়ক :স্মাৰ্ট মিটাৰ স্থাপন কৰি লুণ্ঠন চলাইছে বিদ্যুৎ বিভাগে: প্ৰতিবাদকাৰী - Protest against smart meters

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.