ETV Bharat / state

কি আদালত কি আৰক্ষী, অসমত এতিয়া ড৹ শৰ্মাই সকলো : অখিল গগৈৰ কটাক্ষ - Akhil Gogoi slams government

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 6:39 PM IST

Akhil Gogoi slams CM Himanta: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উচ্ছেদ সম্পৰ্কীয় গোচৰত কলিয়াবৰ মহকুমা ন্যায়িক আদালতত হাজিৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ উচ্ছেদ সন্দৰ্ভত বিজেপি চৰকাৰক সমালোচনা শিৱসাগৰৰ বিধায়কগৰাকীৰ ৷ অসমত আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ স্বাৰ্থত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হোৱাৰ চিন্তা-চৰ্চা চলি আছে বুলিও ক’লে অখিল গগৈয়ে ৷

Akhil Gogoi slams government
Akhil Gogoi on Police firing (ETV Bharat Assam)

কলিয়াবৰ, ২৫ জুন: ছবছৰীয়া পুৰণি গোচৰত কলিয়াবৰৰ মহকুমা ন্যায়িক আদালতত মঙলবাৰে হাজিৰ হয় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৬ চনত হোৱা উচ্ছেদৰ সময়ত হোৱা প্ৰতিবাদ সন্দৰ্ভত পঞ্জীয়ন হৈ থকা পি আৰ চি ২৮২/১৭ নম্বৰৰ গোচৰত মঙলবাৰে আদালতত হাজিৰ হয় বিধায়কগৰাকী । সেই সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত কাজিৰঙাত চলিছিল প্ৰতিবাদ ৷ এই প্ৰতিবাদৰ মাজতে আৰক্ষীৰ গুলীত নিহত হৈছিল দুগৰাকী প্ৰতিবাদকাৰী ৷ অখিল গগৈৰ বিৰুদ্ধে আন্দোলনকাৰীক উচটনি দিয়াৰ লগতে আন কেবাটাও অভিযোগ উত্থাপন কৰি আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল ৷

অসমত এতিয়া ড৹ শৰ্মাই সকলো: অখিল গগৈৰ কটাক্ষ (ETV Bharat Assam)

এই সন্দৰ্ভত অখিল গগৈয়ে কয় যে, সেই সময়ত চৰকাৰে অন্যায়ভাৱে বহুকেইটা কৃষক পৰিয়ালক উচ্ছেদ কৰিছিল আৰু ইয়াৰ প্ৰতিবাদ কৰোতে আৰক্ষীৰ গুলীত দুগৰাকী প্ৰতিবাদকাৰীয়ে মৃত্যুক সাৱটিবলগীয়া হৈছিল ৷ চৰকাৰে উচ্ছেদৰ নামত দৰিদ্ৰ জনতাক হাৰাশাস্তি চলাই আহিছে আৰু ইয়াৰ প্ৰতিবাদ কৰিলেই গুলীয়াই দিয়ে ৷ গুলী কৰে চৰকাৰে আৰু দোষ জাপি দি গোচৰ চলাই প্ৰতিবাদকাৰীৰ ওপৰত ৷

আৰক্ষীৰ এনকাউন্টাৰক লৈ সৰৱ অখিল গগৈ:

অখিল গগৈয়ে কয়, ‘‘অসমত শেহতীয়াকৈ অসমত পুনৰ এনকাউণ্টাৰ হ'বলৈ আৰম্ভ কৰিছে । অসম বিধানসভাৰ এনে এখন অধিৱেশন নাই য'ত একাউণ্টাৰ সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰা নাই । সদৰ ভিতৰে-বাহিৰে প্ৰশ্ন উত্থাপন কৰি আহিছোঁ । এনকাউণ্টাৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়তো এক গোচৰ চলি আছিল । ভুৱা এনকাউণ্টাৰ, সংবিধান বিৰোধী এনকাউণ্টাৰ, মানুহক অন্যায়ভাৱে কৰা এনকাউণ্টাৰৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত গোচৰ চলি আছিল । কিন্তু দুৰ্ভাগ্যবশতঃ এই গোচৰটো আদালতে নাকচ কৰিলে ।’’

লগতে পঢ়ক: অমিত শ্বাহে ৰাজ্যৰ বানাক্ৰান্তক অপমান কৰিছে : অখিল গগৈ - Assam floods 2024

ন্যায়পালিকাক বাদ দিব নালাগে:

‘‘এতিয়া উচ্চতম ন্যায়ালয়ত গোচৰটো চলি আছে । আমি আশা কৰিছো, উচ্চতম ন্যায়ালয়ে এই গোচৰ সন্দৰ্ভত এক সঠিক ৰায় দিব । আমাৰ নিচিনা এখন দেশত আমি আইনৰ শাসন বিচাৰো ৷ গতিকে, ই এটা সংবিধান বিৰোধী ঘটনা । যেতিয়া যিকোনো এটা ঘটনা ঘটিব, তেতিয়া আদালতে বিচাৰ কৰিব । ন্যায়পালিকাক বাদ দি মানুহৰ ক্ষেত্ৰত কাৰ্যপালিকাই কোনো সিদ্ধান্ত দিব নোৱাৰে । যদি অভিযোগ উঠে, সেই অভিযোগ চৰকাৰে আদালতে তথ্য-প্ৰমাণ দাখিল কৰিব লাগে আৰু আদালতেহে সিদ্ধান্ত ল'ব অভিযুক্তজনৰ ওপৰত কি শাস্তি গ্ৰহণ কৰিব । তেওঁক জে'লত দিব নে ফাঁচী দিব নে জৰিমনা বিহিব সেই সিদ্ধান্ত গণতান্ত্ৰিক দেশ ভাৰতত কেৱল আদালতৰ আছে ।’’ গগৈয়ে লগতে কয় ৷

আদালতৰ পৰা আৰক্ষী বিষয়া, ন্যায়াধীশলৈকে নিজেই সকলো হিমন্ত বিশ্ব শৰ্মা:

অখিল গগৈয়ে ৰাজ্য চৰকাৰক সমালোচনা কৰি কয়, ‘‘হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যি মন যায় তাকে কৰিব পাৰে । হিমন্ত বিশ্ব শৰ্মা আদালতো, আৰক্ষী বিষয়াও, আৰক্ষী অধীক্ষকো, আৰক্ষী মহানিৰ্দেশকো, উকীলো, ন্যায়ধীশো । শৰ্মাৰ চৰকাৰখনে নিজকে আদালত বুলি ভাবে । যদি এনে অভিযুক্তক তেওঁলোকে ধৰি লৈ যায়, ৰাতি এটা-দুটা বজাত ভুৱা নাটক কৰি অভিযুক্তক গুলীয়াই হত্যা কৰে, এনেকৈ ততাতৈয়াকৈ ন্যায় দিবলৈ যি চেষ্টা কৰা হয় সি সংবিধানসন্মত নহয়, গণতান্ত্ৰিক নহয় । সেয়ে এনেধৰণৰ অন্যায়, সংবিধান তথা গণতন্ত্ৰ বিৰোধী কাৰ্যক সকলোৱে বিৰোধিতা কৰা উচিত ।’’

লগতে পঢ়ক: বিজেপিৰ মানুহেই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট কোম্পানীটোক সমৰ্থন নকৰে : অখিল গগৈ - Akhil Gogoi

নতুন আঞ্চলিক দল গঠনৰ পোষকতা:

ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুই আঞ্চলিকতাবাদী ৰাজনৈতিক দল চামিল হ'বৰ বাবে প্ৰচেষ্টা অব্যাহত আছে আছে বুলি জানিবলৈ দিয়ে অখিল গগৈয়ে । তেওঁ কয় যে ইতিমধ্যে ৰাইজৰ দলে দুই দলৰ চামিলৰ সিদ্ধান্ত গ্ৰহণ কৰি আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে । দুয়োটা দল একগোট হৈ এটা শক্তিশালী আঞ্চলিক দল গঠন কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে । যাতে এটা শক্তিশালী আঞ্চলিকতাবাদী দল এটা অসমৰ ৰাইজে পাব পাৰে ।

আঞ্চলিকতাবাদেহে সাধিব ৰাজ্যৰ উন্নয়ন:

কোনো এটা ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দলৰ ওচৰতে অসম নিৰাপদ নহয় । অসমৰ সমস্যাসমূহৰ প্ৰকৃত অৰ্থত যদি সমাধান কৰিব লাগে, তেতিয়া হ'লে আঞ্চলিকতাবাদ কৰিব লাগিব । আঞ্চলিকতাবাদেহে অসমৰ জাতীয় সমস্যাসমূহৰ সমাধান কৰিব পাৰে । কিন্তু তাৰ বিপৰীতে অতিকেন্দ্ৰিক ব্যৱস্থাত বিশ্বাস কৰা বিজেপিয়ে ইটোৰ পিচত সিটো অন্যায় কৰি আছে । আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছে ।

এটা ছাতিৰ তললৈ আহক সকলো আঞ্চলিক দল:

অসমৰ সকলো আঞ্চলিকতাবাদী দলক ঐক্যবদ্ধ হ'বৰ বাবে আৰু জনগোষ্ঠীয় যিবিলাক দল আছে তেওঁলোককো এখন মঞ্চলৈ আহিবলৈ আহ্বান জনায় অখিল গগৈয়ে । লগতে ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু অজিত ভূঞাৰ নেতৃত্বাধীন দল মিলি এটা নতুন দল গঠন কৰা উচিত বুলি মন্তব্য কৰে গগৈয়ে ।

লগতে পঢ়ক: অসমত বিজেপি দল নহয়, এইচ বি এছ কোম্পানীৰ ৰাজত্ব চলি আছে: অখিল গগৈ - Akhil Gogoi demands re election

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.