ETV Bharat / state

সভাপতি সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ: জীতেন্দ্ৰ সিং - APCC in charge Jitendra Singh

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 8:16 PM IST

APCC president Bhupen Bora: অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি সলনি প্ৰসংগত মন্তব্য এ আই চি চিৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ নেতা জীতেন্দ্ৰ সিঙৰ । কোনো কাৰণতে ভূপেন বৰাক সভাপতি পদৰ পৰা সলনি কৰা নহয় বুলি মন্তব্য সিঙৰ ।

Jitendra Singh commented on the change of APCC president
APCC ৰ সভাপতি প্ৰসংগত মন্তব্য (ETV Bharat Assam)

গুৱাহাটী, ৭ ছেপ্টেম্বৰ: "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে যথেষ্ট কঠোৰভাৱে যুঁজ দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । ভূপেন বৰাই কাৰ্যভাৰ চম্ভালি যাব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে । এতিয়াই সলনি নহয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি । এ পি চি চিৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰি যাব ভূপেন বৰাই । এ আই চি চিয়ে সভাপতি সলনিৰ কোনো কথা নাজানে ।" এই মন্তব্য অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ ।

সভাপতি সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ: জীতেন্দ্ৰ সিং (ETV Bharat Assam)

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই শনিবাৰে এই কথা ৰাজহুৱাকৈ ঘোষণা কৰে কংগ্ৰেছৰ অসমৰ তত্বাৱধায়কৰ দায়িত্বত থকা এ আই চি চিৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ নেতা জীতেন্দ্ৰ সিঙে ।

কিয় এই ঘোষণা কৰিব লগা হ’ল জীতেন্দ্ৰ সিঙে ?

সলনি হ’ব নেকি এ পি চি চি অৰ্থাৎ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ? অসম কংগ্ৰেছৰ ভিতৰচ’ৰাৰ লগতে শেহতীয়াকৈ অসমৰ একাংশ সংবাদ মাধ্যমত এটা বাতৰিয়ে তোলপাৰ লগাইছিল যে অসমৰ কংগ্ৰেছৰ ২০ গৰাকীকৈ বিধায়কে ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা আঁতৰাবৰ বাবে কংগ্ৰেছৰ হাইকমাণ্ডক পত্ৰ প্ৰেৰণ কৰিছে । হয়তো শীঘ্ৰেই ভূপেন বৰাৰ ঠাই ল’ব পাৰে অসমৰ ৰাজনীতিত সক্ৰিয়ভাৱে জঁপিয়াই পৰা গৌৰৱ গগৈয়ে । এই কথাই ব্যাপক চৰ্চা লাভ কৰিছিল ।

ভূপেন বৰাক লৈ কি কি ক’লে জীতেন্দ্ৰ সিঙে ?

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি প্ৰসংগত শনিবাৰে চৰাইদেউত এ আই চি চিৰ জ্যেষ্ঠ নেতা জীতেন্দ্ৰ সিঙৰ স্পষ্ট মন্তব্য,“অসমত সভাপতি সলনিৰ বাবে কোনো ধৰণৰ প্ৰচেষ্টা এ আই চি চিয়ে লোৱা হোৱা নাই । যদিহে কেতিয়াবা সভাপতি সলনি কৰা হয় তেতিয়া এ আই চি চিয়ে সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু মই অসমৰ ক্ষেত্ৰত ক’ব পাৰো যে অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত অসমত বহুত ভাল কাম-কাজ চলি আছে । এনে ধৰণৰ উৰাবাতৰি ভাৰতীয় জনতা পাৰ্টিয়েই উলিয়ায় । তেঁওলোকেই এনে উৰাবাতৰি উলিয়াইছে চাগৈ ।”

ভূপেন বৰাক প্ৰশংসাৰে উপচাই পেলাই অসমৰ তত্বাৱধায়কৰ দায়িত্বত থকা জীতেন্দ্ৰ সিঙে সভাপতি সলনিৰ বিষয়টোৰ বাবে বিজেপিক দোষী কৰি ক’লে,“ আজি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অসমৰ গাঁৱে গাঁৱে গৈ কংগ্ৰেছৰ বাবে এক পৰিৱেশ সৃষ্টি কৰিছে । ভাৰতীয় জনতা পাৰ্টী আৰু মুখ্যমন্ত্ৰী দুৰ্নীতিৰ বিৰুদ্ধে যি যুঁজ দিছে, তাত তেঁওলোক চিন্তিত হৈ পৰিছে । যাৰ বাবে তেওঁলোকে এনে অপপ্ৰচাৰ চলাইছে ।”

লগতে পঢ়ক: বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন : মুখ্যমন্ত্ৰীলৈ ভূপেন বৰাৰ দুটা প্ৰশ্ন, এটা প্ৰত্যাহ্বান - Assam Accord Implementation

ঘৰলৈ উভতিব ৰিপুণ বৰা: অভিমান এৰি সাজু হৈছে কংগ্ৰেছত যোগদানৰ বাবে - Ripun Bora

অসমক ভাবুকি দিবলৈ আপোনাৰ সাহস কেনেকৈ হ’ল ? মমতাক হিমন্ত বিশ্ব শৰ্মাৰ সকীয়নি - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.