ETV Bharat / state

লক্ষ্য ১০ কোটি: ১ ছেপ্টেম্বৰৰ পৰা দেশজুৰি চলিব বিজেপিৰ সদস্যতা অভিযান-২০২৪ - BJP membership campaign 2024 - BJP MEMBERSHIP CAMPAIGN 2024

BJP membership campaign 2024: ভাৰতীয় জনতা পাৰ্টীয়ে পুনৰ সদস্য ভৰ্তি আৰু নৱীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব । অহা ১ ছেপ্টেম্বৰৰ পৰা দেশজুৰি আৰম্ভ হ'ব এই অভিযানৰ । অসমতো ২ ছেপ্টেম্বৰৰ পৰা সদস্যৰ নৱীকৰণ আৰু নতুন সদস্য ভৰ্তি অভিযান আৰম্ভ হ'ব ।

BJP membership campaign 2024
সদস্যতা অভিযানৰ পূৰ্বে গুৱাহাটীত বিজেপিৰ ৰাজ্যিক কৰ্মশালা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 7:10 AM IST

গুৱাহাটী, ২২ আগষ্ট : অহা ১ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হ'ব শাসকীয় দল ভাৰতীয় জনতা পাৰ্টীৰ 'সদস্যতা অভিযান' কাৰ্যসূচী । দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো বিজেপি দলে এই সদস্যতা অভিযান আৰম্ভ কৰিব । যাৰ বাবে দলটোৱে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে । তাৰ অংশস্বৰূপে অসম ৰাজ্যিক বিজেপিয়ে বশিষ্ঠস্থিত দলৰ মুখ্য কাৰ্যালয়ত এখন ৰাজ্যিক কৰ্মশালা অনুষ্ঠিত কৰে । উক্ত কৰ্মশালাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, সদস্যতা অভিযানৰ উত্তৰ-পূবৰ আহ্বায়ক ৰাজদ্বীপ ৰয়, সাধাৰণ সম্পাদক পল্লৱ লোচন দাসৰ লগতে দলীয় নেতা-কৰ্মীসকল উপস্থিত থাকে ।

সদস্যতা অভিযানৰ পূৰ্বে গুৱাহাটীত বিজেপিৰ ৰাজ্যিক কৰ্মশালা (ETV Bharat)

বিজেপিৰ সদস্যতা অভিযান-২০২৪

অনুষ্ঠানত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই জনোৱা মতে ১ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ পৰা সদস্য পদ নৱীকৰণ কৰিব । ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ২ ছেপ্টেম্বৰৰ পৰা ৰাজ্যিক পৰ্যায়ত এই অভিযান আৰম্ভ হ'ব । প্ৰতিটো অঞ্চলতে যাতে সুকলমে সদস্যতা অভিযান সম্পাদন হয় তাৰ বাবে ৰাজ্যিক বিজেপিৰ ৩৯ খন সাংগঠনিক জিলাতেই অহা ২৮ আগষ্ট পৰ্যন্ত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব ।

লক্ষ্য ১০ কোটি

উল্লেখ্য যে এই অভিযানৰ মূল লক্ষ্য ১০ কোটিৰো অধিক কৰ্মীক সংযুক্ত কৰা । এই অভিযানৰ ৪ টা পদ্ধতি ক্ৰমে মিছকল, কিউ আৰ ক'ড, নমো এপ আৰু BJP.org ৱেবচাইটৰ দ্বাৰা যিকোনো লোকে ভাৰতীয় জনতা পাৰ্টীৰ সদস্য পদ গ্ৰহণ কৰিব পাৰিব ।

২ ছেপ্টেম্বৰৰ পৰা অসমত

কৰ্মশালাত উপস্থিত থাকি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয়, "ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ২ ছেপ্টেম্বৰৰ পৰা অসমত আৰম্ভ হ'ব সদস্যৰ নৱীকৰণ আৰু নতুন সদস্য ভৰ্তি অভিযান । যিহেতু ৬ বছৰৰ মূৰে মূৰে আমাৰ সদস্যসকলৰ নৱীকৰণ কৰা হয় । সেয়েহে বৰ্তমানৰ সকলো সদস্যই নৱীকৰণ কৰিব ।" ৰাজ্যিক বিজেপিৰ বৰ্তমানৰ সদস্যতকৈ ২০ শতাংশ অধিক নতুন সদস্য ভৰ্তিৰো লক্ষ্য আগত ৰাখিছে বিজেপিয়ে ।

লগতে পঢ়ক :মুছলমান বিবাহ সম্পৰ্কীয় বিধেয়কত কেবিনেটৰ অনুমোদন: কি কি সিদ্ধান্ত লোৱা হ’ল অসম চৰকাৰৰ সাপ্তাহিক কেবিনেটত - DECISION OF CABINET MEETING

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.