ETV Bharat / state

মঞ্চত মুকলি সমৰ্থন, ভূৰি ভূৰি প্ৰশংসা কৰিও কিয় অগপত যোগদান নকৰিলে অনুপ চেতিয়াই ?

চাবুৱাৰ জেৰাই গাঁৱত অগপৰ ৪০ সংখ্যক কেন্দ্রীয় প্ৰতিষ্ঠা দিৱস । অগপত যোগদানৰ সৰৱ চৰ্চাৰ সময়তে কি ক'লে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই ?

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 6:47 PM IST

AGPs 40th Foundation Day in Dibrugarh
অসম গণ পৰিষদৰ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস (ETV Bharat Assam)

মৰাণ, ১৪ অক্টোবৰ: আজি অসম গণ পৰিষদৰ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস । ১৯৮৫ চনৰ ১৪ অক্টোবৰত জন্মলাভ কৰা দলটোৰ এইবাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস চাবুৱাৰ জেৰাই গাঁৱত অনুষ্ঠিত কৰি দলটোৱে ৰাজ্যত আঞ্চলিক শক্তি শক্তিশালী কৰিবলৈ সংকল্প গ্ৰহণ কৰে । আজি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰিলে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তসহ ৪০ গৰাকী নেতাই । অগপৰ ৪০ পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ দিনটোত দলটোৰ বাবে জীৱন ত্যাগ কৰা প্ৰতিজন শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ।

কিয় অগপত যোগদান নকৰিলে অনুপ চেতিয়াই:

অগপৰ এই কেন্দ্রীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত উপস্থিত থাকে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়া । বিগত কেইবাদিনৰ পৰা চৰ্চা চলিছিল অনুপ চেতিয়াই আজিৰ দিনটোতে অসম গণ পৰিষদত যোগদান কৰিব । কিন্তু অসম গণ পৰিষদক মুকলি সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিয়ো দলীয় প্ৰতীক নিপিন্ধিলে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই ।

আজি প্ৰাক্তন আলফা নেতাগৰাকী অগপত যোগদানৰ সৰৱ চৰ্চা চলি থকা সময়তে এই কথা পোনচাটেই নসাৎ কৰে । বৰ্তমান পৰিস্থিতিত তেওঁ কোনোপক্ষে ৰাজনৈতিক দলত যোগদান কৰাটো সম্ভৱ নহয় বুলি উল্লেখ কৰে । তেওঁ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক অগপৰ সৈতে একত্ৰিত হৈ কাম কৰি যোৱাৰ আহ্বান জনাই কয় যে বৰ্তমান সময়ত আন আঞ্চলিক দলসমূহে সাংগঠনিক ভেঁটি শক্তিশালী কৰাটো সহজ নহয় ।

অগপৰ আমোলৰ গুপ্তহত্যাৰ বাবেই ৰাইজৰ আস্থা হেৰুৱাইছিল যদিও বৰ্তমানৰ অগপৰ নেতৃত্বই সেই পৰিস্থিতি হ'বলৈ নিদিয়ে বুলিও তেওঁ মন্তব্য় কৰে । লগতে অগপক শক্তিশালী জাতীয়তাবাদী আঞ্চলিকতাবাদী দল বুলি মন্তব্য কৰে অনুপ চেতিয়াই ।

প্ৰাক্তন আলফা নেতাগৰাকী অগপত যোগদান কিয় নকৰিলে সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "প্ৰকৃত জাতীয়তবাদী হিচাপে মোৰ তেজৰ কণিকাই কণিকাই আঞ্চলিকতাবাদ বিয়পি আছে । মই অসম গণ পৰিষদক সমৰ্থন কৰো আৰু ভৱিষ্যতে তেওঁলোকক সহযোগিতা কৰিবলৈ প্ৰস্তুত আছো । বৰ্তমান কোনো ৰাজনৈতিক দলত যোগদান নকৰো । আলফাৰ চুক্তি সফল নোহোৱাকৈ মই কোনো ৰাজনৈতিক দলত যোগদান কৰিব নোৱাৰো ।"

আঞ্চলিকতাবাদ শক্তিশালী কৰিবলৈ সংকল্প লোৱাৰ আহ্বান

ৰাজ্যত আঞ্চলিকতাবাদ শক্তিশালী কৰিবলৈ সংকল্প ল'বলৈ জেৰাই গাঁৱৰ পৰাই সকলোকে আহ্বান অগপৰ নেতৃত্বৰ । শ্বহীদ তৰ্পণ,সতীৰ্থ সোঁৱৰণ,সাংস্কৃতিক এনাজৰী কাৰ্যসূচী অনুষ্ঠিত হোৱা পাছতেই অনুষ্ঠিত হয় মুকলি সভা । চাবুৱাবাসী ৰাইজৰ সহযোগত আৰু জেৰাই গাঁওবাসীৰ আতিথ্যত অনুষ্ঠিত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অগপৰ সভাপতি অতুল বৰা, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাংসদ ফণীভূষণ চৌধুৰীৰ লগতে দলটোৰ সকলো বিধায়ক,জিলা সমিতিৰ সভাপতি সম্পাদক সকল উপস্থিত থাকে ।

আজি প্ৰাক্তন আলফা নেতাগৰাকী অগপত যোগদানৰ সৰৱ চৰ্চা চলি থকা সময়তে এই কথা পোনচাটেই নস্যাৎ কৰে । বৰ্তমান পৰিস্থিতিত তেওঁ পক্ষে কোনো ৰাজনৈতিক দলত যোগদান কৰাটো সম্ভৱ নহয় বুলি উল্লেখ কৰে । তেওঁ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক অগপৰ সৈতে একত্ৰিত হৈ কাম কৰি যোৱাৰ আহ্বান জনাই কয় যে বৰ্তমান সময়ত আন আঞ্চলিক দলসমূহে সাংগঠনিক ভেঁটি শক্তিশালী কৰাটো সহজ নহয় ।

তেওঁ অগপৰ আমোলৰ গুপ্ত হত্যাৰ বাবেই ৰাইজৰ আস্থা হেৰুৱাইছিল যদিও বৰ্তমানৰ অগপৰ নেতৃত্বই সেই পৰিস্থিতি হ'বলৈ নিদিয়ে বুলিও মন্তব্য় কৰে । লগতে অগপক শক্তিশালী জাতীয়তাবাদী আঞ্চলিকতাবাদী দল বুলি মন্তব্য কৰে অনুপ চেতিয়াই ।

লগতে পঢ়ক:অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস; যোগদান কৰিব নেকি অনুপ চেতিয়াই ?

নতুন ৰাজনৈতিক ঠিকনা অনুপ চেতিয়াৰ - Anup Chetia to join AGP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.