গোলাঘাট, 19 ফেব্ৰুৱাৰী : সোমবাৰৰ দিনটো অসম গণ পৰিষদৰ বাবে এটা ঐতিহাসিক দিন ৷ কিয়নো লোকসভা নিৰ্বাচনৰ পূৰ্বে জন্মস্থান গোলাঘাটত শক্তি প্ৰদৰ্শন কৰে অসম গণ পৰিষদ চমুকৈ অগপই ৷ আনকি এই দিনটোতে এক দলীয় অনুষ্ঠানত সহস্ৰাধিক লোকে যোগদান কৰে আঞ্চলিক দল অগপত ৷
ইয়াৰ উপৰিও সোমবাৰে গোলাঘাট অসম গণ পৰিষদৰ নৱনিৰ্মিত জিলা কাৰ্যালয় ভৱনটোৰো শুভ উদ্বোধন কৰা হয় ৷ অগপৰ নৱনিৰ্মিত কাৰ্যালয়টো শুভ উদ্বোধন অনুষ্ঠানৰ পূৰ্বে পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ লগতে পূজা পাঠ কৰা হয় ৷ এই ভৱনটোৰ শুভ উদ্বোধন অনুষ্ঠানত দলৰ বহু জ্যেষ্ঠ-কণিষ্ঠ বিষয়ববীয়া উপস্থিত থাকে ৷
ইফালে গোলাঘাট আছুৰ সদ্য প্ৰাক্তন সভাপতি-সাধাৰণ সম্পাদক ক্ৰমে গীতাৰ্থ শইকীয়া আৰু বিশ্বজিৎ গগৈয়ে আজি অগপত যোগদান কৰে ৷ গীতাৰ্থ শইকীয়া আৰু বিশ্বজিৎ গগৈৰ লগতে পাঁচ শতাধিক ছাত্ৰ-কৰ্মী আৰু বিভিন্ন দল-সংগঠনৰ পৰা অহা পাঁচ শতাধিক নেতা-কৰ্মীয়ে অগপত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷
লগতে পঢ়ক : গোলাঘাটৰ আছু কাৰ্যালয়ত আৰক্ষীৰ দল আছু-কৰ্মীৰ ভিৰ, কি হৈছিল ?
এই যোগদান অনুষ্ঠানতে অগপৰ সভাপতি অতুল বৰাই আগন্তুক দিনত অগপৰ ভেঁটি অধিক শক্তিশালী কৰাৰ লগতে যুৱ শক্তিক অগপত প্ৰাধান্য দিয়াৰ কথা উল্লেখ কৰে ৷ অৱশ্যে অতুল বৰাই আগন্তুক লোকসভা নিৰ্বাচনত অগপই কেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, সেই কথা সংবাদ মাধ্যমক কোৱাৰ পৰা বিৰত থাকে ৷
ইফালে দলীয় যোগদান কাৰ্যসূচীৰ জৰিয়তে আঞ্চলিকতাবাদ অধিক শক্তিশালী কৰাৰ কথা উল্লেখ কৰে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মহন্ত কয় যে পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিত অগপৰ প্ৰাৰ্থী আছিল মণিমাধৱ মহন্ত ৷ আগন্তুক নিৰ্বাচনত যদি কাজিৰঙা লোকসভা সমষ্টিত দলে মহন্তক প্ৰাৰ্থিত্ব দিয়ে, তেতিয়া তেওঁ নিৰ্বাচন খেলিবলৈ সাজু বুলি উল্লেখ কৰে অগপৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷
লগতে পঢ়ক : অগপৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি; কলিয়াবৰত যুৱ পৰিষদত যোগদান পাঁচ শতাধিকৰ