ETV Bharat / state

২৩ ৰ পৰা ২৭ জুলাইলৈ মধ্য অসমৰ চাৰি জিলাত অগ্নিবীৰ নিযুক্তি সমাৱেশ - Agniveer recruitment

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 9:03 AM IST

Agniveer recruitment to begin soon : পুনৰ অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে চলিছে প্ৰস্তুতি । মধ্য অসমৰ চাৰি জিলাৰ বাবে ২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ অনুষ্ঠিত হ'ব অগ্নিবীৰ নিযুক্তি সমাৱেশ । নিযুক্তি সন্দৰ্ভত মধ্যভোগীৰ কাষ নাচাপিবলৈ আহ্বান সেনা বাহিনীৰ ।

Agniveer recruitment to begin soon
মধ্য অসমৰ চাৰি জিলাত অগ্নিবীৰ নিযুক্তি সমাৱেশ (ETV Bharat)

নগাঁও, ২৭ জুন : পুনৰ আৰম্ভ হৈছে অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰস্তুতি । মধ্য অসমৰ চাৰি জিলাৰ বাবে নগাঁৱত অনুষ্ঠিত হ'ব অগ্নিবীৰ নিযুক্তি সমাৱেশ । বুধবাৰে নগাঁও জিলা জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত উল্লেখ কৰে অগ্নিবীৰ নিযুক্তি সমাৱেশৰ কথা ।

Agniveer recruitment to begin soon
অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়া (ETV Bharat)

প্ৰেছ বিবৃতিটোত উল্লেখ কৰা অনুসৰি, মধ্যভাৰতীয় সেনাই অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে । এই নিযুক্তি প্ৰক্ৰিয়া ভাৰতীয় সেনাবাহিনীয়ে নিজৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাক ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে ৷

আগ্ৰহী প্ৰাৰ্থীসকলৰ নিযুক্তিৰ ক্ষেত্ৰত এক নিৰৱচ্ছিন্ন আৰু কাৰ্যক্ষম নিৰ্বাচন প্ৰক্ৰিয়া হিচাপে পৰিগণিত হৈছে । যিহেতু নিযুক্তি সমাৱেশ মুক্ত, নিকা আৰু স্বচ্ছ, সেয়েহে কোনো প্ৰাৰ্থীকে কোনো ধৰণৰ মধ্যভোগীৰ কাষ নাচাপিবলৈ সেনা বাহিনীৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে ।

নতুন নিযুক্তি ব্যৱস্থাৰ অংশ হিচাপে প্ৰথম পৰ্যায়ত এটি অনলাইন প্ৰৱেশ পৰীক্ষা যোৱা এপ্ৰিল-মে’ মাহত দেশজুৰি অনুষ্ঠিত হৈছিল । চৰ্টলিষ্ট কৰা প্ৰাৰ্থীসকলৰ ফলাফল ইতিমধ্যে ভাৰতীয় সেনাৰ অফিচিয়েল ৱেবছাইট www.joininidianarmy.nic.in ত আপলোড কৰা হৈছে বুলিও বিবৃতিটোত উল্লেখ আছে ।

মধ্য অসমৰ চাৰিখন জিলা ক্ৰমে নগাঁও, শোণিতপুৰ, বিশ্বনাথ আৰু মৰিগাঁৱৰ জিলাৰ বাবে আগন্তুক অগ্নিবীৰ নিযুক্তি সমাৱেশ ২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ মিছামাৰী সামৰিক কেন্দ্ৰত অনুষ্ঠিত হ’ব । চৰ্টলিষ্ট কৰা প্ৰাৰ্থীসকলে সেই সমাৱেশত অংশগ্ৰহণৰ বাবে প্ৰৱেশ পত্ৰ বিভাগীয় ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল’ব পাৰিব ।

এই সম্পৰ্কত প্ৰাৰ্থীসকলৰ কোনো প্ৰশ্ন বা জানিবলগীয়া বিষয় আছে অথবা এডমিট কাৰ্ড লাভ কৰা নাই তেওঁলোকে নিযুক্তি কাৰ্যালয় (মুখ্য কাৰ্যালয়), শ্বিলং, এনআইচিৰ মেইল ​​আইডি run.fun@nic.in আৰু ফোন নং ০৩৬৪-২৫০৪১৭৭ ত যোগাযোগ কৰিব পাৰে ।

লগতে পঢ়ক : ভাৰতীয় সেনাবাহিনীৰ উদ্যোগত অগ্নিবীৰৰ যোগ্যতা পৰীক্ষা - COUNSELLING PROGRAMME OF AGNIVEER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.