ETV Bharat / state

মেৰাপানীত অসমৰ ভূমিত নগাৰ কৌশলী আগ্ৰাসন, কাটিলে গছ-গছনি - ASSAM NAGALAND BORDER

মেৰাপানী সীমান্তত পুনৰ নগাৰ তাণ্ডৱ । এইবাৰ ভূমিৰ গৰাকীক ভাবুকি ।

Assam Nagaland border conflict
মেৰাপানী সীমান্তত পুনৰ নগাৰ তাণ্ডৱ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 17, 2024, 4:39 PM IST

গোলাঘাট: অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীত ২ নং উপৰ তৰানিত পুনৰ নগাৰ আগ্ৰাসন । নগাৰ এটা দলে অসমৰ ভূমিত প্ৰৱেশ কৰি কাটি তহিলং কৰিলে গছ-গছনি । শনিবাৰৰ পৰা নগাৰ এটা বৃহৎ দলে ৱেলচন কেৰকেটা নামৰ অসমীয়া কৃষকজনৰ ভোগ দখলত থকা এটা টিলাৰ গছ-গছনি কাটি তহিলং কৰিছে ।

দশক দশক ধৰি ৱেলচন কেৰকেটাৰ ভোগদখলত থকা ভূমিখণ্ড নিজৰ বুলি দাবী কৰি নগাৰ দলটোৱে নিজৰ আয়ত্বলৈ নিবলৈ চেষ্টা চলাই আছে । নগাৰ এনে বেদখলক কেৰকেটাই বাধা প্ৰদান কৰাত নগাৰ দলটোৱে ওলোটাই ভাবুকিহে প্ৰদান কৰে । ইপিনে, কেৰকেটাই কৰা অভিযোগৰ ভিত্তিত নিৰপেক্ষ বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাত নগাৰ দলটো আঁতৰি যায় ।

মেৰাপানী সীমান্তত পুনৰ নগাৰ তাণ্ডৱ (ETV Bharat Assam)

এই সম্পৰ্কে উক্ত ভূমিত ভোগ দখল কৰি থকা ৱেলচন কেৰকেটাই কয়," মোৰ উপৰিপুৰুষৰ পৰাই এই ভূমিত ভোগ দখল কৰি আছো । কিন্তু এতিয়া নগাই তামোল গছ, কলগছ কাটি দখল কৰিব বিচাৰিছে । মোক ন্যায় লাগে । শনিবাৰৰ পৰা নগাৰ এটা দলে গছ-গছনি কাটি আছে । "

তেওঁ পুনৰ কয়," চুমবে লতা নামৰ নগা লোকজনে গছ-গছনি কাটি লৈ যাবলৈ নিৰ্দেশ দিছে । মই ইয়াৰ বিৰোধিতা কৰিছিলো কিন্তু নগা লোকজন মান্তি হোৱা নাই । তাৰ পাছত এই বিষয়ে স্থানীয় গাওঁবুঢ়া আৰু সীমান্তত নিয়োজিত চি আৰ পি এফক অৱগত কৰিলো । "

আনহাতে, এই সম্পৰ্কে এজন স্থানীয় লোকে কয়,"নগাই গছ-গছনি কাটি থকা দেখি মোক কৈছিল । তাৰ পাছত তালৈকে গৈ বাধা প্ৰদান কৰিছিলো, কিন্তু নগা মান্তি নহ'ল । নগাই এনেদৰে গছ-গছনি কাটি দিলে কেনেকৈ হ'ব ? আজি গছ-গছনি কাটি আছিল, কিন্তু চি আৰ পি এফৰ দল উপস্থিত হোৱাৰ পাছত নগাৰ দলটো পলায়ন কৰে । " উল্লেখ্য় যে শেহতীয়াকৈ মেৰাপানী সীমান্তৰ গড়বস্তি, ইন্দ্ৰপুৰ, ওপৰ তৰানি আদি গাঁৱত নগাই বিভিন্ন কৌশলেৰে অসমৰ ভূমি বেদখল কৰাৰ বাবে উঠি-পৰি লাগিছে ।

লগতে পঢ়ক:অসমৰ ভূমিত নগাৰ দপদপনি; অসমীয়াক গুৰুলাগুৰুলকৈ প্ৰহাৰ - ASSAM NAGALAND BORDER

অসমৰ ভূমিত নগাৰ আদৰণি তোৰণ নিৰ্মাণক লৈ উত্তেজনা - Assam Nagaland border - ASSAM NAGALAND BORDER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.