ETV Bharat / state

লখিমপুৰত প্ৰাপ্তবয়স্কৰ বি.চি.জি টীকাকৰণ আৰম্ভ - TB vaccination drive in Assam

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 10:21 PM IST

Adult BCG vaccination programme: ৰাজ্যৰ ভিতৰতে শিৱসাগৰ আৰু লখিমপুৰ জিলাত মঙলবাৰে পোন প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হয় প্ৰাপ্তবয়স্কৰ বি.চি.জি টীকাকৰণ । জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত এই অভিযানৰ শুভাৰম্ভ কৰে জিলা আয়ুক্ত গায়ত্রী হ্যালিংগেই ।

Adult BCG vaccination programme begin in Lakhimpur
লখিমপুৰত প্ৰাপ্তবয়স্কৰ বি.চি.জি টীকাকৰণ আৰম্ভ (ETV Bharat Assam)

লখিমপুৰ,১১ জুন: মঙলবাৰে লখিমপুৰ জিলাত প্ৰাপ্তবয়স্ক সকলৰ বাবে বি.চি.জি প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হয় । এই উপলক্ষে লখিমপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আয়োজিত শুভাৰম্ভণি অনুষ্ঠান জিলাৰ আয়ুক্ত গায়ত্ৰী হ্যালিংগে এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ।

আজিৰে পৰা ১৮ দিন ধৰি সমগ্ৰ জিলাৰ বিভিন্ন ব্লকত চলিবলগীয়া এই কাৰ্যসূচীৰ জৰিয়তে টি. বি.উইন পৰ্টেলত পঞ্জীয়ন কৰা জিলাখনৰ সৰ্বমুঠ ২,৩৫,৪৩৭ গৰাকী হিতাধিকাৰীক এই প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে । ইতিমধ্যে এই প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ বাবে জিলাৰ স্বাস্থ্য বিভাগে মাইক্ৰ'প্লেনিং কৰাৰ উপৰি ৰাজ্যিক তথা জিলা পৰ্যায়ত নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে ।

উল্লেখযোগ্য যে ৰাজ্যখনৰ লখিমপুৰৰ লগতে শিৱসাগৰ জিলাত পাইলট প্ৰকল্প হিচাপে এই কাৰ্যসূচী হাতত লোৱা হয় । এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি জিলা আয়ুক্ত গায়ত্ৰী হ্যালিংগেই প্ৰদান কৰা নিজৰ বক্তব্যত জিলা স্বাস্থ্য বিভাগে সমগ্ৰ জিলাতে স্বাস্থ্য সেৱা প্ৰদানৰ দিশত লৈ অহা ভূমিকাৰ শলাগ লয় । ভাষণ প্ৰসংগত তেওঁ জিলাৰ স্বাস্থ্য বিভাগে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ স্বাস্থ্য মন্থন-১২ কাৰ্যসূচীৰ ৪ শিতানত উৎকৃষ্ট পাৰদৰ্শিতা প্ৰদৰ্শন কৰা জিলা হিচাপে স্বীকৃতি লাভ কৰাটো বিভাগটোৰ বাবে এক গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে ।

লগতে এই ধাৰা অব্যাহত ৰাখি প্ৰাপ্তবয়স্ক বি.চি.জি.প্ৰতিষেধক প্ৰদান কাৰ্যসূচীটো সকলোকে উৎসৰ্গিত সেৱাৰ মনোভাৱেৰে কৰ্তব্যত ব্ৰতী হৈ এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী সৰ্বতো প্ৰকাৰে সফল কৰি তোলাৰ বাবে আহ্বান জনায় । এই শুভাৰম্ভণি অনুষ্ঠানতে কেইবাগৰাকী হিতাধিকাৰীক এই প্ৰতিষেধক প্ৰদান কৰা হয় । অনুষ্ঠানত লখিমপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত (স্বাস্থ্য) গৌতম প্ৰিয়ম মহন্ত, ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জে এম কাকতি, জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ বিমান শৰ্মা, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ তৰুণ কুমাৰ দেউৰীকে ধৰি বহু গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: লখিমপুৰ-শিৱসাগৰত প্রথমবাৰৰ বাবে প্ৰাপ্তবয়স্ক যক্ষ্মা প্ৰতিষেধক প্ৰদানৰ প্ৰস্তুতি - TB vaccination drive in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.