ETV Bharat / state

তেজপুৰত ভূমিকম্প ! যুদ্ধকালীন ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান - TEZPUR MOCK DRILL

ভূমিকম্পত বিধ্বস্ত তেজপুৰ চহৰ ! উদ্ধাৰ অভিযান ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ, সেনা বাহিনী, ৰাজ্যিক দুৰ্যোগ প্ৰশমন, এছ এছ বি আৰু অসম আৰক্ষীৰ দলৰ ।

Mock drill in Tezpur
তেজপুৰত ভূমিকম্পৰ জোঁকাৰণি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 7, 2024, 8:11 PM IST

Updated : Dec 7, 2024, 8:41 PM IST

তেজপুৰ : হঠাৎ এক শক্তিশালী ভূমিকম্পই জোঁকাৰি গ'ল তেজপুৰ চহৰ ! কোনোৱে বিদ্যালয়ত হাহাকাৰ কৰিছে, কোনোৱে কাৰ্যালয় আৰু আৱাসিক এপাৰ্টমেণ্টত । তেজপুৰ চহৰত ভূমিকম্পৰ ফলত বিধ্বস্ত কেইবাটাও অঞ্চল । প্ৰায় ১৫ গৰাকী ছাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আৰু কেইবাজনো নিহত !

দুৰ্যোগ প্ৰশমন বিভাগৰ তৎপৰতা :

সময় তেতিয়া পুৱা প্ৰায় ১০.৩০ । এটা ফোন কলৰ লগে লগেই জিলা দুৰ্যোগ প্ৰশমন বিভাগ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত হাহাকাৰ ! বিদ্যালয়ত ভূমিকম্পৰ ফলত শ্বৰ্ট চাৰ্কিট । ছাইৰেণৰ শব্দত কঁপি উঠিছে সমগ্ৰ চহৰ । সকলোৰে মনত শংকা, প্ৰকৃততে ক'ত কি হৈছে ? ভূমিকম্পৰ ফলত হোৱা অগ্নিকাণ্ডত তেজপুৰ চৰকাৰী বহুমুখী কন্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেইবাগৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত হোৱাৰ উপৰি দেৱালৰ চেপাত আৱদ্ধ হৈ আছে কেইবাগৰাকীও ছাত্ৰী । একে সময়তে তেজপুৰ চহৰৰ মাজমজিয়াত থকা জলসম্পদ বিভাগৰ কাৰ্যালয়ৰ প্ৰথম মহলাত আৱদ্ধ কেইবাগৰাকী চৰকাৰী কৰ্মচাৰী । বিপৰীতে এটা আৱাসিক এলেকাত আৱদ্ধ কেইবাজনো ।

তেজপুৰত ভূমিকম্পৰ জোঁকাৰণি (ETV Bharat Assam)

উদ্ধাৰ অভিযান :

তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযানত নামি পৰিলে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ, সেনা বাহিনী, ৰাজ্যিক দুৰ্যোগ প্ৰশমন, এছ এছ বি আৰু অসম আৰক্ষীৰ দল । সেনাৰ এম্বুলেঞ্চৰ জৰিয়তে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আৰক্ষীয়ে জিলা দুৰ্যোগ প্ৰশমন কেন্দ্ৰৰ পৰা ৱাৰ্লেছৰ জৰিয়তে সকলো নিয়ন্ত্ৰণ কৰে ৷ উদ্ধাৰকাৰ্যত ব্যৱহৃত উন্নত মানৰ সঁজুলি লৈ ঘটনাস্থলীত উপস্থিত হয় সেনা বাহিনী ।

Mock drill in Tezpur
তেজপুৰত ভূমিকম্পৰ জোঁকাৰণি (ETV Bharat Assam)

বিদ্যালয়ত অস্থায়ী শিবিৰ আৰু চিকিৎসা শিবিৰ :

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । বহুতো ছাত্ৰী আৱদ্ধ হৈ পৰে শ্ৰেণীকোঠাত । যাৰ বাবে স্বাস্থ্য বিভাগে তাৎক্ষণিকভাৱে স্থাপন কৰে চিকিৎসা শিবিৰ । তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে সেনা বাহিনী আৰু জিলা প্ৰশাসনে । কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা অহা এম্বুলেঞ্চত তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আহতসকলক । ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছৰ অধীনত থকা সেনাৰ মেডিকেল বাহিনীৰ দ্বাৰাও চিকিৎসালয়লৈ লৈ যোৱা হয় ছাত্ৰীসকলক । আনহাতে চৰকাৰী কাৰ্যালয়ৰ পৰাও উদ্ধাৰ কৰা হয় কেইবাজনো কৰ্মচাৰীক । আৱাসিক অঞ্চলত সেনাৰ দল আৰু এন ডি আৰ এফে উদ্ধাৰ অভিযান চলালে ।

প্ৰকৃত ঘটনাটো কি ?

এয়া আচলতে দুৰ্যোগৰ সময়ত কৰিবলগীয়া উদ্ধাৰৰ এক অনুশীলনহে । জিলাখনত যিকোনো সময়ত হ'ব পৰা দুৰ্যোগত তাৎক্ষণিক উদ্ধাৰকাৰ্য কেনেদৰে সম্পন্ন কৰিব পাৰি তাৰ এক অনুশীলন কৰে প্ৰশাসনে । শোণিতপুৰ জিলা ভূকম্পন এলেকাৰ পঞ্চম শ্ৰেণীত অৱস্থিত । সেই অনুপাতে সকলো উদ্ধাৰকাৰী বিভাগ, সামৰিক বাহিনী আদি সকলোকে সচকিত কৰি সজাগতা সৃষ্টিৰ বাবে শনিবাৰে এই পদক্ষেপ গ্ৰহণ কৰে শোণিতপুৰ জিলা প্ৰশাসনে । জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে এই সন্দৰ্ভত কয়,"আমি সকলো একত্ৰিত হৈ কিদৰে যিকোনো দুৰ্যোগৰ সময়ত মোকাবিলা কৰিব পাৰি তাৰ বাবে এক প্ৰস্তুতি চলাইছো ।" ইতিমধ্যে এই দুৰ্যোগৰ সময়ত উপস্থিত হ'ব পৰাকৈ জিলাখনত এন ডি আৰ এফক সাজু কৰি ৰখা হৈছে । সমান্তৰালভাৱে সেনা বাহিনীৰ লোক আৰু সেনাৰ চিকিৎসালয় আছে যাৰ বাবে যৌথভাৱে কৰা এই অনুশীলনৰ প্ৰয়োজন আছে ।"

লগতে পঢ়ক :ক'ত হেৰাল গুৱাহাটী সৌৰ নগৰী আঁচনি; ইয়াৰ লক্ষ্য কি আছিল ?

Last Updated : Dec 7, 2024, 8:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.