ETV Bharat / state

কেতিয়াবা থানা আকৌ জেল; চুমি, তাৰ্কিক, বিশালৰ এই সময়বোৰ - Online Trading Scam - ONLINE TRADING SCAM

Sumi Borah in Jail: আৰক্ষীৰ জিম্মাৰ পৰা আকৌ ডিব্ৰুগড়ৰ কেন্দ্ৰীয়‌ কাৰাগাৰত দিন কটাব লাগিব বিশাল ফুকন, চুমী বৰা আৰু তাৰ্কিক বৰাই । ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষীয়ে দুদিনৰ বাবে নিজৰ জিম্মাত লৈছিল বিশাল, চুমী, তাৰ্কিকক । এতিয়া আদালতে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

Bishal Phukan Online Trading Scam
পুনৰ ন্যায়িক জিম্মালৈ বিশাল, চুমী, তাৰ্কিক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 27, 2024, 9:52 AM IST

ডিব্ৰুগড়, ২৭ ছেপ্টেম্বৰ: অনলাইন ট্ৰেডিং কেলেংকাৰীত জড়িত হৈ কোটি কোটি টকাৰ গৰাকী হোৱা বিশাল ফুকন, চুমী বৰা আৰু তাৰ্কিক বৰাক ২৪ ছেপ্টেম্বৰত দুদিনৰ বাবে আদালতে বৰবৰুৱা আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল । বৰবৰুৱা আৰক্ষী থানাত বিশাল ফুকনৰ পাৰ্চেলিয়া কোম্পানীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল এগৰাকী ভুক্তভোগীয়ে । বৰবৰুৱা আৰক্ষীয়ে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰি বিশাল, চুমী আৰু তাৰ্কিকক নিজৰ জিম্মাত বিচাৰিছিল ।

ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষীৰ আবেদনৰ পাছতে অনলাইন বিত্তীয় কেলেংকাৰীৰ মহানায়ক বিশাল ফুকন, চুমী বৰা আৰু তাৰ্কিক বৰাক ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষীক দুদিনৰ জিম্মাত প্ৰদান কৰিছিল ডিব্ৰুগড় জিলা সত্ৰ আৰু ন্যায়ধীশ আদালতে । ২৪ ছেপ্টেম্বৰত নিশা ৮ বজাত আদালতৰ ৰায়দানৰ পাছতে নিজৰ জিম্মাত লৈছিল বৰবৰুৱা আৰক্ষীয়ে তিনিওজনকে ।

পুনৰ ন্যায়িক জিম্মালৈ বিশাল, চুমী, তাৰ্কিক (ETV Bharat)

আনহাতে, বৃহস্পতিবাৰে আৰক্ষীৰ জিম্মা শেষ হোৱাত আবেলি বিশাল, চুমী, তাৰ্কিকক আদালতত হাজিৰ কৰায় আৰক্ষীয়ে । আদালতত বৰবৰুৱা আৰক্ষীয়ে পুনৰ ৮ দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰে চুমী, তাৰ্কিক আৰু বিশালক । কিন্তু ন্যায়ালয়ে আৰক্ষীৰ আবেদন নাকচ কৰি তিনিওকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । ইয়াৰ পাছতে সন্ধিয়াৰ ভাগত ডিব্ৰুগড়ৰ কেন্দ্রীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় তিনিওকে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ডিব্ৰুগড় সদৰ থানাত 352/24 গোচৰ ৰুজু কৰি Section 316 and 318 BNS Section 21/23 Banning of unregulated deposit scheme Actৰ ডিব্ৰুগড়ৰ সদৰ আৰক্ষীয়ে নিজাকৈ গোচৰ ৰুজু কৰি প্ৰথমে বিশাল ফুকন গ্ৰেপ্তাৰ কৰা পাছতে বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ সহযোগী চুমী-তাৰ্কিক আৰু অম্লানক আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল । কিন্তু বৰবৰুৱা আৰক্ষী থানাত এজন ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰা পাছত প্ৰথমবাৰলৈ একেলগে আৰক্ষীৰ জেৰাৰ সন্মুখীন হয় বিশাল ফুকন আৰু চুমি-তাৰ্কিক ।

লগতে পঢ়ক :এইবাৰ একেলগে জেৰাৰ সন্মুখীন হ'ব বিশাল, চুমী আৰু তাৰ্কিক - Bishal Phukan Online Trading Scam
লগতে পঢ়ক :কাৰাবন্দী বিশাল-চুমীৰ সমুখত আকৌ আহিছে এক বিপদ - Online trading fraud

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.