ETV Bharat / state

ইউ পি পি এল-বি পি এফক একত্ৰিত হোৱাৰ আহ্বান এবছুৰ সভাপতিৰ - ABSU President on BTR Politics

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 7:23 AM IST

BTR Politics : বড়োভূমিত আন্দোলনৰ পটভূমিত জন্ম হোৱা আঞ্চলিক দলেহে বি টি আৰৰ উন্নয়ন কৰিব । সেয়েহে ইউ পি পি এল আৰু বি পি এফে একেলগ হৈ বি টি আৰৰ উন্নয়নৰ হকে কাম কৰিব লাগে । এই আহ্বান এবছুৰ সভাপতি দ্বীপেন বড়োৰ ।

ABSU President on BTR Politics
ইউ পি পি এল-বি পি এফক একত্ৰিত হোৱাৰ আহ্বান এবছুৰ সভাপতিৰ (ETV Bharat Assam)

গুৱাহাটী, ২২ আগষ্ট : দুদিনমান পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বি টি আৰৰ ৰাজনীতিক লৈ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল । এই মন্তব্যৰ পিচতে বি টি আৰৰ লগতে সমগ্ৰ ৰাজ্যৰ ৰাজনৈতিক মহলত খলকনিৰ সৃষ্টি হৈছিল । মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে বড়োভূমিত বি পি এফ আৰু ইউ পি পি এল একেলগে হ'লে ভাল হ'ব । নিশ্চিতভাৱে মুখ্যমন্ত্ৰীৰ এই মন্তব্য বিজেপিৰ ৰাজনৈতিক লাভালাভৰ দৃষ্টিকোণৰ পৰা আছিল ।

কিন্তু এইবাৰ বি টি আৰৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত বি পি এফ-ইউ পি পি এলক একত্ৰিত হ'বলৈ আহ্বান জনাইছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে । মহানগৰীৰ খানাপাৰাৰ বড়োলেণ্ড অতিথিশালাত এক সংবাদমেল সম্বোধন কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়োৱে বি টি আৰৰ দুই প্ৰধান আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰতি এই আহ্বান জনায় ।

সংবাদমেলত বড়োভূমিৰ আঞ্চলিক ৰাজনৈতিক দল দুটাক একেলগ হোৱাৰ আহ্বান জনাই এবছুৰ সভাপতিগৰাকীয়ে কয়, "আমি উপলব্ধি কৰোঁ যে ঘৰখনৰ মাজত যদি কাজিয়া হৈ থাকে তেতিয়া সুস্থিৰ পৰিৱেশ নাথাকে । সেয়েহে নিখিল বড়ো ছাত্ৰ সন্থাই বিচাৰিছোঁ যে ইউ পি পি এল আৰু বি পি এফে একেলগ হৈ বি টি আৰৰ উন্নয়নৰ হকে কাম কৰিব লাগে ।"

আনহাতে, নাম উল্লেখ নকৰাকৈ শাসকীয় ভাৰতীয় জনতা পাৰ্টীক উদ্দেশ্যি দ্বীপেন বড়োৱে কয়, "ৰাষ্ট্ৰীয় দলে ৰাজনীতি কৰাৰ ঠাই বহুত আছে । ৰাষ্ট্ৰীয় দলে আমাক আগ্ৰাসন কৰিম, শাসন কৰিম আদি কথা ক'লে আমি দুখ পাওঁ । বড়োভূমিত আন্দোলনৰ পটভূমিত জন্ম হোৱা আঞ্চলিক দলেহে বি টি আৰৰ উন্নয়ন কৰিব । আঞ্চলিক দলে যিহেতু ৰাষ্ট্ৰীয় ৰাজনীতি কৰিব নোৱাৰে, সেইবাবে নিজৰ মাজত শান্তিৰে আলোচনা কৰি বি টি আৰৰ উন্নতিৰ হকে কাম কৰিব লাগে । আমি একেলগ হৈ উন্নয়নৰ হকে কাম কৰিবলৈ ২০১৫ চনৰ পৰাই আলোচনা কৰি থকা হৈছে । আমি পুনৰ আহ্বান জনাইছোঁ । বাকী দায়িত্ব ৰাজনৈতিক দল দুটাৰ নেতৃবৃন্দৰ ওপৰত ।"

লগতে পঢ়ক :বড়োভূমিত ইউ পি পি এল-বি পি এফ একেলগ হ'লে ভাল হ'ব: মুখ্যমন্ত্ৰী শৰ্মাৰ ঘোষণা - CM Himanta Biswa Sarma
লগতে পঢ়ক :২০২৫ৰ বি টি চি নিৰ্বাচনত অকলেই যুঁজিব বিজেপিয়ে - 2025 BTC Election

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.