কোকৰাঝাৰ,৬ মাৰ্চ: সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ উদ্যোগত কোকৰাঝাৰৰ সমীপৰ বেদলাংমাৰীত অনুষ্ঠিত কৰা হয় এক নাগৰিক সভা ৷ কেইবাশতাধিক সংখ্যালঘু ৰাইজে অংশগ্ৰহণ কৰা এবিএমছুৰ নাগৰিক সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে এবিএমছুৰ কেন্দ্ৰীয় সভাপতি টাইছন হুছেইনে । বাল্য বিবাহ আৰু বিভিন্ন কু-প্ৰথাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা নাগৰিক সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এবিএমছুৰ সভাপতি টাইছন হুছেইনে পৰিৱৰ্তনৰ সপোন দেখুৱাই বিটিআৰৰ গাদী দখল কৰা প্ৰমোদ বড়ো চৰকাৰক তীব্ৰ সমালোচনা কৰে ।
- " class="align-text-top noRightClick twitterSection" data="">
তেওঁ কয় যে প্ৰমোদ বড়োৱে নিৰ্বাচনৰ সময়ছোৱাত বহুতো প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পাচত সেই প্ৰতিশ্ৰুতি পালন কৰা নাই প্ৰমোদ বড়ো চৰকাৰে । প্ৰমোদ বড়ো চৰকাৰে পুনঃসংস্থাপন, ভূমিপট্টাৰ সলনি সহস্ৰাধিক পৰিয়ালক উচ্ছেদৰহে জাননী দিছে বুলি মন্তব্য কৰি এবিএমছুৰ সভাপতিগৰাকীয়ে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰক সকীয়াই দিয়ে যে আসন্ন লোকসভা নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব ৷
আনহাতে সাংসদ নৱ কুমাৰ শৰণীয়াই ৰাইজক বিশ্বাসঘাতকতা কৰিছে বুলি মন্তব্য কৰি এবিএমছুৰ সভাপতি টাইছন হুছেইনে কয় যে ১০ বছৰে সাংসদ হৈ থকা নৱ কুমাৰ শৰণীয়াই ৰাইজৰ মৌলিক সমস্যা সমাধান নকৰিলে । সাংসদ নৱ কুমাৰ শৰণীয়াকো লোকসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব সংখ্যালঘু ৰাইজে ৷ ইপিনে কোকৰাঝাৰ লোকসভা সমষ্টিত বিকল্প হিচাপে তৃতীয় মঞ্চ গঠন কৰাৰ হুংকাৰ প্ৰদান কৰি ইতিমধ্যে ইয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি সদৰী কৰে এবিএমছুৰ সভাপতি টাইছন হুছেইনে ।
আনহাতে এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ আজিও ন্যায় বিচাৰ নোহোৱাত ক্ষোভ প্ৰকাশ কৰে সভাপতিগৰাকীয়ে । উল্লেখ্য যে নাগৰিক সভাত এবিএমছুৰ কেন্দ্ৰীয় উপসভাপতি মইনুদ্দিন আলী , সাধাৰণ সম্পাদক জাইদুল ইছলাম, কোকৰাঝাৰ জিলা এবিএমছুৰ সভাপতি নজৰুল ইছলামসহ ছাত্ৰ-সংগঠনটোৰ কেইবাগৰাকী নেতা উপস্থিত থাকে ৷
লগতে পঢ়ক: নিখিল বড়ো ছাত্ৰ সন্থা কোকৰাঝাৰ জিলা সমিতিৰ প্ৰতিবাদ