ETV Bharat / state

ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি ৰঞ্জিৎ বৰগয়াৰীৰ বিয়োগ

Ranjit Borgoyary passed away : সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি, জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, এবছুৰ প্ৰতিষ্ঠাপক সদস্য ৰঞ্জিৎ বৰগয়াৰীৰ মৃত্যু ৷ বৰগয়াৰীৰ মৃত্যুক কেন্দ্ৰ কৰি বিটিআৰত পৰিছে শোকৰ ছাঁ ৷ বৰগয়াৰীৰ মৃত্যুৰ বাবে বিধায়ক লৰেন্স ইছলাৰীসহ বিভিন্ন সংগঠনৰ শোক প্ৰকাশ ৷

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 10:50 PM IST

Ranjit Borgoyary passed away
ৰঞ্জিৎ বৰগয়াৰীৰ মৃত্যু

কোকৰাঝাৰ, ২০ জানুৱাৰী : সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি, জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, এবছুৰ প্ৰতিষ্ঠাপক সদস্য তথা কোকৰাঝাৰ জিলা বড়ো সমাজৰ প্ৰাক্তন সভাপতি ৰঞ্জিৎ বৰগয়াৰীয়ে শনিবাৰে বাৰ্ধক্যজনিত কাৰণত ইহলীলা সম্বৰণ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪ বছৰ ।

তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধই তেওঁৰ বাসভৱনত ভিৰ কৰে আৰু মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ মৃত্যুৰ পূৰ্বে তিনি সন্তান আৰু অজস্ৰ গুণমুগ্ধক ইহজগতত এৰি থৈ যায় ।

উল্লেখ্য যে ১৯৪০ চনৰ ৩১ অক্টোবৰত তিতাগুৰীত জন্মগ্ৰহণ কৰা ৰঞ্জিৎ বৰগয়াৰী ১৯৬৭-৬৮ চনত এবছুৰ প্ৰতিষ্ঠাপক সদস্য আছিল ৷ ১৯৬৯ চনত তেওঁ কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত সহঃশিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল ।

১৯৬৭ চনৰ পৰা ১৯৮৯ চনলৈ তেওঁ বড়ো সাহিত্য সভাৰ সম্পাদক আৰু সভাপতি পদত অধিষ্ঠিত হৈছিল । ১৯৬৮ চনত পিটিচিএৰ দ্বাৰা নিৰ্বাচন বৰ্জন কৰা বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছিল বৰগয়াৰী । ১৯৭২ চনত তেওঁ তিতাগুৰী সমবায় সমিতি স্থাপন কৰিছিল ।

১৯৭৪ চনৰ ৰোমান লিপি আন্দোলনত তেওঁ পাঁচমাহ গোৱালপাৰা জেলত কাৰাৰুদ্ধ হৈ আছিল । ১৯৮৬ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা সুব্ৰত কাপ ফুটবল চেম্পিয়নৰ খিতাপ অৰ্জন কৰা দলৰ দলপতি আছিল বৰগয়াৰী । ১৯৯৫ চনত কোকৰাঝাৰ বড়ো সমাজৰ প্ৰতিষ্ঠাপক সম্পাদক হোৱাৰ লগতে ২০০৫ চনৰ পৰা ২০১৬ চনলৈ সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতিও হৈ আছিল বৰগয়াৰী । গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোকৰাঝাৰ কেম্পাচ বৰ্তমানৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক সদস্য আছিল তেওঁ ।

সমাজ সচেতক, শুভচিন্তক তথা অভিভাৱক স্বৰূপ ৰঞ্জিৎ বৰগয়াৰীৰ মৃত্যু সমাজৰ বাবে অপুৰণীয় ক্ষতি বুলি মন্তব্য কৰি বিধায়ক লৰেন্স ইছলাৰীয়ে বৰগয়াৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।

তেওঁৰ মৃত্যুত এবছু , বড়ো সাহিত্য সভা, সদৌ অসম ট্ৰাইবেল সংঘ, বড়ো সমাজ আদিকে ধৰি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক : ২৫ জানুৱাৰীৰ পৰা নাহৰণিত আয়োজন মৰাণ মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.