ETV Bharat / state

নামৰূপ মহাবিদ্যালয়ক কালৰ বুকত হেৰাই যাবলৈ দিয়া নহ’ব : আছু - Many Govt School Close In Assam

Assam Govt Plans College Mergers : ৰাজ্যৰ ৭৯ মহাবিদ্যালয় একত্ৰিকৰণ কৰিবলৈ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে ৷ ইয়াৰে ভিতৰত আছে নামৰূপ মহাবিদ্যালয়ৰ নামো ৷ যাৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে নামৰূপবাসী ৷

Assam Govt Plans College Mergers
ৰাজ্যৰ ৭৯ মহাবিদ্যালয় একত্ৰিকৰণ কৰাৰ বাবে প্ৰস্তুত কৰিছে তালিকা
author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 1:15 PM IST

ৰাজ্যৰ ৭৯ মহাবিদ্যালয় একত্ৰিকৰণ কৰাৰ বাবে প্ৰস্তুত কৰিছে তালিকা

ডিব্ৰুগড়, ২৯ ফেব্ৰুৱাৰী : বিদ্যালয়ৰ পাচত এইবাৰ মহাবিদ্যালয় একত্ৰিকৰণ কৰিব চৰকাৰে । চৰকাৰী বিদ্যালয় বিভিন্ন কাৰণত বন্ধ কৰি দিছিল ৰাজ্যৰ শিক্ষা বিভাগে ৷ যাক লৈ ৰাজ্যত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছিল দল-সংগঠনৰ লগতে বন্ধ হোৱা বিদ্যালয়সমূহৰ স্থানীয় ৰাইজে । ইয়াৰ পাচতে ৰাজ্য চৰকাৰৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

অসম চৰকাৰে ৰাজ্যৰ ৭৯ মহাবিদ্যালয় একত্ৰিকৰণ কৰাৰ বাবে প্ৰস্তুত কৰিছে তালিকা । যাক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি দল-সংগঠনে প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে । মহাবিদ্যালয় একত্ৰিকৰণ কৰাৰ বাবে প্ৰস্তুত কৰিছে তালিকাত নামৰূপ মহাবিদ্যালয়ৰ নামো সন্নিবিষ্ট হোৱাত নামৰূপত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

নামৰূপৰ বিভিন্ন দল-সংগঠন তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়খন একত্ৰিকৰণৰ বিৰোধিতা কৰে ৷ লগতে সোণালী জয়ন্তীবৰ্ষ গৰকা ঐতিহ্যমণ্ডিত এই মহাবিদ্যালয়খনৰ গুণগত মানদণ্ড উপেক্ষা কৰি কেৱলমাত্ৰ সংখ্যাৰ মাপকাঠি ব্যৱহাৰ কৰি একত্ৰিকৰণৰ কুচ-কাৱাজ কৰা কাৰ্যক ধিক্কাৰ প্ৰদান কৰে ।

লগতে পঢ়ক : পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয় একত্ৰীকৰণৰ বিৰোধিতা

মহাবিদ্যালয়খনত উপস্থিত হৈ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি অৱনী কুমাৰ গগৈয়ে কয় যে নামৰূপৰ জনসংখ্যাৰ ঘনত্ব, নামৰূপ কলেজে আৱৰি ৰখা দূৰত্ব আৰু বৃহত্তৰ অঞ্চলটোত মহাবিদ্যালয়খনৰ গুৰুত্ব সম্পৰ্কে কোনো পৰ্যবেক্ষণ নকৰি চৰকাৰে এনে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰা বিষয়টো অবিবেচক আৰু স্বৈৰাচাৰী ৷ চৰকাৰৰ এনে ভাবুকিত ছাত্ৰ সন্থাই ভয় নাখায় আৰু কোনোপধ্যেই নামৰূপ মহাবিদ্যালয় একত্ৰিকৰণ হ’বলৈ নিদিয়ে বুলি হুংকাৰ প্ৰদান কৰে ।

সমগ্ৰ বিষয় সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ দুৰ্গা প্ৰসাদ গগৈয়ে কয় যে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিবৰ বাবে চৰকাৰে গুৱাহাটীত ২৪ ফেব্ৰুৱাৰী তাৰিখে এখন সভাৰ জৰিয়তে নিৰ্দেশ প্ৰদান কৰিছে । বিভিন্ন কাৰক আৰু কাৰণৰ বাবে বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৫০০ তকৈ কম যদিও পৰৱৰ্তী শিক্ষাবৰ্ষত নামৰূপ মহাবিদ্যালয়ে চৰকাৰে নিৰ্ধাৰণ কৰা সংখ্যা অতিক্ৰম কৰিবলৈ সক্ষম হ’ব ।

তেওঁ কয় যে নামৰূপ মহাবিদ্যালয় একত্ৰিকৰণ তালিকাত অন্তৰ্ভুক্ত হোৱা বিষয়টোৰ সন্দৰ্ভত ১১ মাৰ্চত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিব । বিদ্যালয়খন বন্ধ কৰিব বুলি ওলোৱা খবৰৰ পাচতে নামৰূপবাসীৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলো ক্ষোভিত হৈ পৰে ।

লগতে পঢ়ক : অৰ্ধ শতাধিক মহাবিদ্যালয় বন্ধৰ প্ৰক্ৰিয়া চৰকাৰৰ: সৰৱ আছু-বাঁওপন্থী ছাত্ৰ সংগঠন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.