ETV Bharat / state

বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ বিক্ষোভ - AASU Protest - AASU PROTEST

AASU protest: ৰাজ্যৰ প্ৰতিখন জিলাতে সদৌ অসম ছাত্ৰ সন্থাই বিদ্যুৎ বিভাগৰ বিৰুদ্ধে শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজক চলোৱা লুণ্ঠন, বিদ্যুতৰ মাচুল বৃদ্ধি আৰু বিদ্যুতৰ অনিয়মীয়া যোগানৰ বিৰুদ্ধে আছুৱে এই প্ৰতিবাদ সাব্যস্ত কৰে ।

AASU Protest
বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ বিক্ষোভ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 9:56 PM IST

নিউজ ডেস্ক,১৭ আগষ্ট : সম্প্ৰতি বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজ । পূৰ্বে ৩০০ টকা মাচুল দিয়া গ্ৰাহকে আজি ৩০০০ টকা পৰ্যন্ত বিদ্যুতৰ মিটাৰৰ ৰিছাৰ্জ কৰিবলগীয়া হৈছে ! একেদৰে বিদ্যুতৰ মাচুল বৃদ্ধিয়ে ৰাইজক সমস্যাৰ সৃষ্টি কৰিছে । যাৰ বাবে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজ ক্ষোভিত হৈছে । শনিবাৰৰ দিনটোত চৰকাৰ তথা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ বিক্ষোভ (ETV Bharat)

লখিমপুৰ :

ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে লখিমপুৰতো জিলা ছাত্র সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদৰ জৰিয়তে আছুৱে শক্তি মন্ত্রীক তীব্ৰ সমালোচনা কৰে । স্মার্ট মিটাৰৰ নামত জনসাধাৰণক মাধমাৰ সোধাইছে বুলি আছুৱে অভিযোগ কৰে । জিলা ছাত্র সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনৰ পৰা আছুৱে এক প্ৰতিবাদী সমদলো উলিয়ায় । এই প্ৰতিবাদী সমদলত অংশগ্রহণ কৰি জিলা ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক পুনম জ্যোতি বুঢ়াগোহাঁইয়ে কয়, "অসম চৰকাৰৰ ২৪ ঘণ্টীয়া বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি ধোঁৱা চাঙত উঠিল । শক্তি মন্ত্রী নন্দিতা গাৰ্লোচা ক'ত আছে ?" স্মার্ট মিটাৰৰ নামত জনসাধাৰণক মাধমাৰ সোধোৱা কাৰ্যক আছুৱে ধিক্কাৰো দিয়ে ।

গোলাঘাট :

স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাটত জিলা ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ সংগঠনটোৰ শতাধিক কৰ্মীয়ে এক প্ৰতিবাদী বিক্ষোভ সমদলৰ আয়োজন কৰে । প্ৰতিবাদত অংশ লৈ ছাত্ৰ সন্থাই অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে । স্মাৰ্ট মিটাৰ লগাই ৰাইজক সমস্যাত পেলাইছে বুলি ছাত্ৰ সন্থাই অভিযোগ কৰে । স্মাৰ্ট মিটাৰৰ নামত সৰ্বসাধাৰণ জনতাৰ পৰা যি লুণ্ঠন চলাইছে সেয়া কোনো কাৰণতে মানি লোৱা নহ'ব বুলিও আছুৱে দাবী কৰে । যদি চৰকাৰে বিদ্যুৎ মাচুল নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে আছু নেতাসকলে ।

বৰপেটা :

স্মাৰ্ট মিটাৰ আৰু অত্যধিক হাৰত বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে বৰপেটাত জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । শক্তি মন্ত্ৰীক অকৰ্মণ্য আখ্যা দি বিদ্যুৎ বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰীক ল'বলৈ বৰপেটা আছুৱে দাবী কৰে । আছুৱে অভিযোগ কৰা মতে অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ । স্মাৰ্ট মিটাৰৰ জৰিয়তে গ্ৰাহকক হাৰাশাস্তি বন্ধ কৰাৰো দাবী জনাই সদৌ বৰপেটা জিলা ছাত্র সন্থাই ।

ধেমাজি :

ধেমাজি জিলাতো একে পৰিৱেশ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাতো সদৌ অসম ছাত্ৰ সন্থাই বিদ্যুৎ বিভাগ লগতে বিভাগীয় মন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদৰ মাজতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হোৱা দেখা যায় । ধেমাজি সদৰৰ আছু কাৰ্যালয়ৰ পৰা এক বিশাল প্ৰতিবাদী সমদলো উলিয়াই সংগঠনটোৰ নেতা-কৰ্মীসকলে । সমদলৰ অন্তত আছু কৰ্মীসকলে ধেমাজি তিনিআলিস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন চৰকাৰ বিৰোধী আৰু জনপ্ৰতিনিধি বিৰোধী শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

যোৰহাট :

যোৰহাটত আছু কৰ্মীসকলে ৩ ঘণ্টা ধৰি বিদ্যুৎ ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে । তাৰ পিছতে প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে । অত্যধিক হাৰত বিদ্যুৎ মাচুল বৃদ্ধি, অনিয়মীয়া বিদ্যুৎ যোগান আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজৰ পৰা অধিক হাৰত মাচুল সংগ্ৰহ আদি বিষয় সামৰি যোৰহাট জিলা ছাত্র সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে । বহু সময় ধৰি আছুৱে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো বিভাগটোৰ কোনো বিষয়া-কৰ্মচাৰী ওলাই নহাত প্ৰতিবাদকাৰীসকলে অতি ব্যস্ত মহাত্মা গান্ধী পথটো অৱৰোধ কৰে । পথ অৱৰোধ কৰাৰ লগে লগে যোৰহাট জিলা প্ৰশাসনত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । তাৰ পিচতো প্ৰতিবাদস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল হৈ পথ অৱৰোধ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায় ।

হোজাই :

ৰাজ্য চৰকাৰ আৰু বিদ্যুৎ বিভাগৰ বিৰুদ্ধে হোজাই জিলাত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । স্মাৰ্ট মিটাৰৰ জৰিয়তে লুণ্ঠন, অভাৱনীয় বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে আছুৰ শতাধিক কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । সাধাৰণ ৰাইজে সন্মুখীন হোৱা সমস্যা শীঘ্ৰে সমাধান কৰিব নোৱাৰিলে চৰকাৰৰ বিৰুদ্ধে আছুয়ে আগন্তুক দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।

মৰিগাঁও :

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগতো মৰিগাঁৱত অনিমীয়া বিদ্যুৎ যোগান, স্মাৰ্ট মিটাৰৰ নামত ৰাইজক কৰা হাৰাশাস্তিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । মৰিগাঁৱৰ মাজমজিয়াত আছুৱে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । আছু কৰ্মীসকলে মৰিগাঁও গান্ধী ভৱন প্ৰেক্ষাগৃহৰ পৰা এক প্ৰতিবাদী সমদলো উলিয়াই । সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । সাধাৰণ ৰাইজৰ পৰা টকা হৰলুকি কৰাৰ কৌশল বন্ধ কৰাৰো দাবী জনাই সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক :বিদ্যুৎ মাচুল বৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তিনিচুকীয়াত সৰৱ আছু - AASU Protest

লগতে পঢ়ক :চিকিৎসকক ধৰ্ষণ-হত্যা : ৰাজ্যৰ ভিন্ন প্ৰান্তত চিকিৎসকৰ কৰ্মবিৰতি-প্ৰতিবাদ - IMA calls for 24 hours strike

লগতে পঢ়ক :চিকিৎসকক ধৰ্ষণ-হত্যাৰ ঘটনাৰ বিৰুদ্ধে অসমত চিকিৎসকৰ প্ৰতিবাদ, স্তব্ধ চিকিৎসা সেৱা - IMA calls for 24 hours strike

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.