ETV Bharat / state

বিনামূলীয়া পাঠ্যপুথি যোগানৰ দাবীত আছুৰ প্ৰতিবাদ - AASU Protest In Jorhat

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 10:30 PM IST

Demand for textbook supply: শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বিৰুদ্ধে ক্ষোভ সদৌ অসম ছাত্ৰ সন্থাৰ ৷ নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ প্ৰায় দুমাহ অতিক্ৰম কৰাৰ পাচতো চৰকাৰী শিক্ষানুষ্ঠানত বিনামূলীয়া পাঠ্যপুথি যোগান নধৰাৰ প্ৰতিবাদত আছুৱে মঙলবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

Demand for Textbook Supply
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ (ETV BHARAT ASSAM)

যোৰহাট, ২৮ মে': পাঠদান আৰম্ভ হোৱাৰ দুমাহৰ পিচতো ৰাজ্য়ৰ বিদ্যালয়ত পাঠ্যপুথি যোগান ধৰিব নোৱৰাৰ বিৰুদ্ধে মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থা (আছু)ই ৰাজ্য়জুৰি ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাট আছুৱেও উক্ত কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি যোৰহাট আছুৰ নেতৃত্বই ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে ৷

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত যোৰহাট জিলা ছাত্র সন্থাই যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে চৰকাৰবিৰোধী শ্লোগানেৰে বিক্ষোভ কাৰ্যসূচীস্থলীৰ পৰিৱেশ উত্তাল কৰি তোলে । আনহাতে,এই কাৰ্যসূচীত উপস্থিত থাকি যোৰহাট জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অৰ্জুনমণি ভুঞাই কয় যে নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ দুটা মাহ অতিক্ৰম কৰিলে, কিন্তু আজিপৰ্যন্ত শিক্ষা বিভাগে ছাত্র-ছাত্ৰীসকলক বিনামূলীয়াকৈ পাঠ্যপুথি যোগান ধৰিবলৈ সক্ষম নহ'ল ।

তেওঁ পাঠ্যপুথি যোগানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ অত্যন্ত প্ৰয়োজন বুলি কয় । প্ৰতিবাদকাৰীয়ে পাঠ্যপুথি যোগানত ব্যৰ্থ হোৱা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক পুতলা শিক্ষামন্ত্ৰী আখ্য দিয়ে । শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ আৱেগ-বিবেকৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি আছুৱে তেওঁক সসন্মানেৰে পদত্যাগৰ আহ্বান জনায় ৷ অতি শীঘ্ৰে শিক্ষাৰ্থীক পাঠ্যপুথি যোগান ধৰিবলৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুক প্ৰতিবাদী কাৰ্যসূচীযোগে দাবী জনাই যোৰহাট জিলা ছাত্ৰ সন্থাই ৷ অন্যথা অনাগত দিনত তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক:বিনামূলীয়া পাঠ্যপুথি যোগানৰ দাবীত আছুৰ প্ৰতিবাদ - AASU Protest In Dhemaji

ৰাজ্যৰ আটাইতকৈ অকৰ্মণ্য মন্ত্ৰী কোন ? ক’লে আছুৱে - AASU PROTEST IN TINSUKIA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.