ETV Bharat / state

CAA ৰ বিৰুদ্ধে আছুৰ ৰাজ্যজুৰি বাইক ৰেলী

CAA protest in Assam: ৰাজ্যজুৰি অব্যাহত CAA বিৰোধী আন্দোলন । বিভিন্ন দল-সংগঠনে নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰাৰ দাবীত সাব্যস্ত কৰিছে প্ৰতিবাদ । বৃহস্পতিবাৰে আছুৱ CAA ৰ বিৰোধিতাৰে সমগ্ৰ অসমত বাহিৰ কৰে বাইক ৰেলী ।

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 2:45 PM IST

AASU bike rally against CAA in Assam
CAA ৰ বিৰুদ্ধে আছুৰ বাইক ৰেলী

নিউজ ডেস্ক,৭ মাৰ্চ : নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজ্যজুৰি অব্যাহত প্ৰতিবাদৰ ঢৌ । CAA ৰ বিৰুদ্ধে আছুকে আদি কৰি প্ৰায় ৩০ টা জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদী কাৰ্যসূচী আহ্বান কৰে । প্ৰতিবাদী কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰে আছুৰ উদ্য়োগত উলিওৱা হয় বাইক ৰেলী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছু নেতাসকলে CAA বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে আকাশ-বতাহ ।

লখিমপুৰত জিলা ছাত্র সন্থাই লখিমপুৰ নগৰৰ মাজেৰে বাইক ৰেলী উলিয়াই । জিলা ছাত্র সন্থাই কাৰ্যালয়ৰ সমীপৰ পৰা বাহিৰ কৰা বাইক ৰেলীত কেইবাশ আছু কৰ্মীয়ে অংশগ্রহণ কৰে । CAA আমি নামানো, কেন্দ্রীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, অসমত কা বলবৎ কৰিবলৈ দিয়া নহ'ব আদি শ্ল'গান দি উলিওৱা এই বাইক ৰেলীয়ে নগৰখন উত্তাল কৰি তোলে ।

লখিমপুৰৰ সমান্তৰালকৈ নগাঁও, তিনিচুকীয়া, নলবাৰী, চিৰাং, মাজুলীকে আদি কৰি সৰ্বত্ৰে শ শ আছু নেতা-কৰ্মীয়ে বাইক ৰেলী বাহিৰ কৰি CAA বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে । অসমত কোনো কাৰণত কা বলবৎ হবলৈ দিয়া নহ'ব বুলি মন্তব্য কৰে আছুৰ কৰ্মকৰ্তাসকলে । CAA শীঘ্ৰে বাতিল নকৰিলে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী আছু কৰ্মীসকলে ।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশজুৰি পুনৰ নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাৰ্চ মাহৰ পৰা সমগ্ৰ দেশত CAA বলৱৎ হ'ব বুলি ঘোষণা কৰাৰ পিছতে ৰাজ্যত মূৰ দাঙি উঠিছে CAA বিৰোধী প্ৰতিবাদ ।

লগতে পঢ়ক : কা আহিলে ভোট নিদিব, ময়ো নিদিও : জুবিন গাৰ্গ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.