ডিব্ৰুগড়, 8 মাৰ্চ : লোকসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰ । বিজেপিৰ বিৰুদ্ধে ৰাজ্যত গঠন হোৱা বিৰোধী ঐক্যত অন্তৰ্ভুক্ত দলসমূহেও সমষ্টিয়ে সমষ্টিয়ে সাংগঠনিক কামকাজ কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে । ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি আৰু আপে প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পাচতেই তুংগত উঠিছে প্ৰচাৰ অভিযান । অসমতো কেজৰিৱাল শ্ল’গানেৰে প্ৰচাৰ তুংগত তুলিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমী পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে ।
ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত আম আদমী পাৰ্টিৰ উদ্যোগত ‘অসমতো কেজৰিৱাল’ শ্ল’গান কাৰ্যসূচী ৰূপায়ণ কৰি আপৰ ৰাজনৈতিক লক্ষ্য ৰাইজক অৱগত কৰি প্ৰচাৰ অব্যাহত ৰাখিছে আম আদমী পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে । ইয়াৰ মাজতেই নিশা শতাধিক দলীয় সমৰ্থকৰ সৈতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্যতম শক্তিশালী প্ৰাৰ্থী মনোজ ধনোৱাৰে মৰাণ নগৰত শতাধিক বিপণীত গ্ৰাহক তথা স্বত্বাধিকাৰীক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে ।
ইয়াৰ সমান্তৰালকৈ আম আদমী পাৰ্টিৰ নেতা কেজৰিৱালৰ নীতি আদৰ্শৰে আগন্তুক লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ ৰাইজ তথা দেশ আৰু সমষ্টিৰ হকে কাম কৰি যাবলৈ সকলোৰে সহযোগিতা বিচাৰে তেওঁ । লগতে শাসনাধীষ্ঠ বিজেপি দল আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰে ডিব্ৰুগড়ৰ আপ প্ৰাৰ্থীৰ মনোজ ধানোৱাৰে । নেতা গৰাকীয়ে মন্তব্য কৰে যে বিজেপিৰ মন্ত্ৰী-বিধায়কৰ নেতা হে এই চৰকাৰৰ দিনত উন্নয়ন হৈছে ।
উল্লেখ্য যে, অসমৰ ভোটাৰক আকৰ্ষিত কৰিবলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পত্ৰ লিখিছে । কেজৰিৱালৰ পত্ৰৰ কথা ঘৰে ঘৰে প্ৰচাৰ কৰিবলৈ আম আদমি পাৰ্টীয়ে অসমতো কেজৰিৱাল শীৰ্ষক কাৰ্যসূচী হাতত লৈছে ৷
লগতে পঢ়ক : আম আদমী পাৰ্টীৰ ৰণডংকা