ETV Bharat / state

১৪ জুনৰ ভিতৰত কৰক আপোনাৰ আধাৰ কাৰ্ডৰ এই কেইটা কাম - Updation of Aadhaar details

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 8:14 PM IST

Update Aadhaar for free : আপুনি আপোনাৰ আধাৰকাৰ্ড খন আপডেট কৰিলে নে ? ১৪ জুনৰ ভিতৰত আপডেট কৰক আপোনাৰ আধাৰ কাৰ্ডখন।

Update Aadhaar for free
আপডেট কৰক আপোনাৰ আধাৰ কাৰ্ড (ETV BHARAT ENGLISH DESK)

গুৱাহাটী, 27 মে’ : আধাৰ কাৰ্ডৰ গৰাকীসকলৰ বাবে এটা ডাঙৰ খবৰ ৷ 14 জুনৰ ভিতৰত আপডেট কৰক আপোনাৰ আধাৰ কাৰ্ড ৷ যদিহে 14 জুনৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ড আপডেট নকৰে তেন্তে আপুনি সমস্যাত পৰিব পাৰে ৷ 14 জুনলৈ বৃদ্ধি কৰা হৈছে বিনামূলীয়া আধাৰ কাৰ্ড আপডেটৰ সময়সীমা ৷ UIDAI (Unique Identification Authority of India) য়ে জাৰি কৰিছে এই নিৰ্দেশনা ৷

কেনেদৰে আপডেট কৰিব আপোনাৰ আধাৰ কাৰ্ড ?

myAadhar পৰ্টেলৰ জৰিয়তে আপোনাৰ আধাৰ কাৰ্ড আপডেট কৰিব পাৰিব ৷ প্ৰথমে আপুনি UIDAIৰ অফিচিয়েল ৱেবছাইটত অৰ্থাৎ uidai.gov.in লৈ যাব লাগিব ৷ লিংকটো খোলাৰ পাচত Update Demographics Data & Check Status ত ক্লিক কৰিব লাগিব ৷ তাৰপাচত আপোনাৰ আধাৰ নম্বৰটো আৰু আধাৰ কাৰ্ডৰ লগত জড়িত ফোন নম্বৰটো দি Send OTP ত ক্লিক কৰিব লাগিব ৷ OTP (One Time Password) অহাৰ পাচত Log in ত ক্লিক কৰিব ৷ Log In কৰাৰ পাচত আন এটা পেজ খোল খাব ৷ তাৰ পাচত আপুনি তললৈ গৈ তাত Document Update ৰ অপচনত ক্লিক কৰিব ৷ ইয়াৰ পাচত খোল খোৱা সেই পেজটোৰ তললৈ গৈ NEXT অপচনত ক্লিক কৰিব ৷ ইয়াৰ পিচতে আপুনি আপোনাৰ পৰিচয় পত্ৰ আৰু ঠিকনাৰ পৰিচয় পত্ৰ আপলোড কৰিব লাগিব ৷ লগতে আপুনি আপোনাৰ নাম, ফটো বা বায়মেট্ৰিক সলনি কৰিব বিচাৰিলেও এই পদ্ধতিৰে আপডেট কৰিব পাৰে ৷

উল্লেখ্য যে, চৰকাৰে বিনামূলীয়া আধাৰ সবিশেষ আপডেটৰ সময়সীমাৰ মূল তাৰিখ ১৪ মাৰ্চৰ পৰা ২০২৪ চনৰ ১৪ জুনলৈ বৃদ্ধি কৰিছে ৷

লগতে পঢ়ক : ৰেমলৰ প্ৰভাৱ : সাময়িকভাৱে বন্ধ কৰা হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা - CYCLONE REMAL IMPACT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.