তেজপুৰ, ৮ এপ্ৰিল: এটা পৰিয়ালৰ সদস্যৰে গঠিত এখন গাঁও বৰ্তমান সময়ত কল্পনা কৰিব পাৰিনে বাৰু ? এনেকুৱা খুব কমেইহে দেখা যায় । কাৰণ বৰ্তমানৰ যান্ত্ৰিক যুগত যৌথ পৰিয়াল হিচাপে মানুহে বাস নকৰে । কিন্তু আজি আমি ক'বলৈ লৈছো অসমৰে এনে এখন গাঁৱৰ কথা য'ত এটা পৰিয়ালৰ সদস্যৰেই গঠিত হৈছে এখন গাঁও । এই গাঁওখনৰ জনসংখ্যা হৈছে প্ৰায় ২৫০০ গৰাকী । একেটা পৰিয়ালৰ ঠাল-ঠেঙুলি বাঢ়ি বৰ্তমান ৩০০ টা পৰিয়াল হৈছেগৈ গাঁওখনত । এই গাঁওখন আছে শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিত । গাঁওখনৰ নাম হৈছে ফুলগুৰি নেপালী পাম ।
এই পৰিয়ালটোৰ মুৰব্বী ৰণ বাহাদুৰ থাপাই বিটিছ শাসনৰ সময়তে আহি ফুলগুৰিত খোপনি পুতি খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰিছিল । পিচলৈ সেই ঠাই টুকুৰা ফুলগুৰি নেপালী পাম হিচাপে পৰিচিত হৈ পৰে । ৰণ বাহাদুৰৰ পত্নী আছিল ৫ গৰাকী । তেওঁলোক ক্ৰমে হৰি মায়া থাপা, পবি মায়া থাপা, হৰখা মায়া থাপা, কলি মায়া থাপা আৰু খজি মায়া থাপা । ৰণ বাহাদুৰ আৰু তেওঁৰ পঞ্চপত্নীৰ আছিল মুঠ ১২ জন পুত্ৰ ১০ গৰাকী জীয়াৰী । তেওঁলোকৰেই নাতি-পৰিনাতিৰ সংখ্যা বাঢ়ি এতিয়া নেপালী পাম এখন গাঁৱলৈ পৰিণত হ'ল ।
১৯৯৭ চনত ৰণ বাহাদুৰ থাপাৰ মৃত্যু হয় । বৰ্তমান ৰণ বাহাদুৰৰ ৬৫ জন নাতি আৰু ৭০ গৰাকী নাতিনীৰে এখন পৰিপূৰ্ণ গাঁও । পূৰ্বতে তেওঁলোকে ৫০ জনলৈকে একেলগে আছিল যদিও সময়ৰ পৰিবৰ্তনৰ লগে লগে সকলো পৃথক হৈ একেখন গাঁৱতে আছে । ৰণ বাহাদুৰৰ পুত্ৰসকল হৈছে থমানে বাহাদুৰ থাপা, ৰাম প্ৰসাদ থাপা, পূৰ্ণ বাহাদুৰ থাপা, ধন বাহাদুৰ থাপা, চাৰ্কি বাহাদুৰ থাপা, তিল বাহাদুৰ থাপা, জিত বাহাদুৰ থাপা, জুল্ফে বাহাদুৰ থাপা, জোতে বাহাদুৰ থাপা, মচীন বাহাদুৰ থাপা, লীলা বাহাদুৰ থাপা আৰু ধনলো বাহাদুৰ থাপা ।
ৰণ বাহাদুৰৰ পৰিয়ালৰ শিপা বিস্তাৰ হৈ এতিয়া ৩০০ টা পৰিয়াল হ'লগৈ । তেওঁলোকৰ মুঠ জনসংখ্যা প্ৰায় ২৫০০ গৰাকী । তেওঁলোক সকলোবোৰ একেখন গাঁৱতে আছে । ৰণ বাহাদুৰ থাপাৰ পুত্ৰ তিল বাহাদুৰ থাপাই (গাঁওখনৰ মুখীয়াল) ই টিভি ভাৰতক জনায় যে তেওঁলোকৰ ককাই-ভাইৰ ৬ জনৰ মৃত্যু হৈছে বৰ্তমান ৬ জন জীৱিত আছে । এই পৰিয়ালটোৰ দুই এজনেহে চৰকাৰী চাকৰি কৰে ৷ বাকী নতুন প্ৰজন্মৰ ল'ৰা বা নাতি-নাতিনী সকলো অসমৰ বাহিৰত বিভিন্ন কোম্পানীৰ অধীনত কৰ্মৰত হৈ আছে ।
গাঁওখনৰ লোকসকল চৰকাৰী আঁচনি বিশেষকৈ খোৱাপানী আৰু অন্যান্য দিশত পিচপৰা । পৰিয়ালটোৰ এগৰাকী জীয়াৰীৰ স্বামীয়ে (তেওঁৰ নাম প্ৰকাশৰ পৰা অনিচ্ছুক) ই টিভি ভাৰতক কয় যে, " এই পৰিয়ালটোৰ অংশ হোৱাটো একো বিশেষ কথা নহয় । ই আনৰ দৰেই স্বাভাৱিক, মাত্ৰ এটা কথাই আমাক বা সকলোকে আচৰিত কৰিছে যে এজন মানুহে কেনেকৈ নিজৰ ইমান ডাঙৰ পৰিয়ালৰ সদস্যক যত্ন ল'বলৈ সক্ষম হ'ব পাৰে ? যিটো বৰ্তমানৰ পৰিস্থিতিত সম্পূৰ্ণ অসম্ভৱ বা অকল্পনীয় । "
অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্বত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সাজু হৈছে এই পৰিয়ালটোৰ ১২০০ গৰাকী সদস্য ।
উল্লেখ্য যে বিশ্বৰ অন্যতম বিশাল পৰিয়ালটো হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ মিজোৰামৰ ঝিনা চনাৰ । যি ৩৮ গৰাকী মহিলাক বিয়া কৰাইছিল আৰু মুঠ ১৯২ জনীয়া পৰিয়াল আছিল । তাৰ সমান্তৰালভাৱে শোণিতপুৰৰ প্ৰয়াত ৰণ বাহাদুৰ থাপাৰ পৰিয়ালৰ ঠাল-ঠেঙুলিৰ সৈতে জনসংখ্যা ২৫০০ গৰাকী ।
লগতে পঢ়ক: তিনিচুকীয়াত নিৰ্বাচনী কাম-কাজৰ পৰা সাময়িকভাবে অব্যাহতি 3 বিষয়া-কৰ্মচাৰীক - Lok Sabha Election 2024