ETV Bharat / state

২০২৪ ৰ জানুৱাৰীৰ পৰা জুলাইলৈ ৫০০ ৰো অধিক হত্যাকাণ্ড: তথাপিও অসম শান্তিময় নে ? - Crime rate in Assam

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 10:41 AM IST

Crime in Assam: অসমত এতিয়া কেউফালে শান্তিয়ে বিৰাজ কৰা বুলি চৰকাৰ তথা আৰক্ষী বিভাগৰ জ্যেষ্ঠ বিষয়াই দাবী কৰিলেও কিন্তু খোদ গৃহবিভাগৰ তথ্যত প্ৰকাশ পাইছে ৰাজ্যৰ আইন-শৃংখলাৰ এখন ভয়াৱহ ছবি ৷ মাত্ৰ সাত মাহত মুঠ ৫৩৩ টা হত্যাকাণ্ড সংঘটিত হোৱা অসমত শান্তিৰ বতাহ বলিছে বুলি ক’লে আপুনি বাৰু বিশ্বাস কৰিব পাৰিব নে ?

Crime in Assam
CRIME RATE IN ASSAM (ETV Bharat)

গুৱাহাটী, ২২ আগষ্ট: দহ বা পোন্ধৰটা নহয়, অসমত যোৱা জানুৱাৰীৰ পৰা জুলাই মাহৰ ৩১ তাৰিখলৈকে সাত মাহত মুঠ ৫৩৩ টা হত্যাকাণ্ড সংঘটিত হৈছে ৷ এয়াই আজিৰ ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিৰ এক প্ৰতিচ্ছবি । এয়া আমাৰ তথ্য নহয় ৷ এয়া অসম বিধানসভাৰ মজিয়াত গৃহ বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিয়া তথ্য ৷

বিভিন্ন সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমীক্ষাৰ ভিত্তিত/বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতি উন্নত হোৱা বুলি দাবী কৰি আহিছে ৷ কিন্তু বিধানসভাৰ মজিয়াত অসম চৰকাৰৰ গৃহ বিভাগে দিয়া তথ্যই বিষয়টোত প্ৰশ্নৰ অৱতাৰণা কৰিছে । ৰাজ্যত ৭ মাহত ৫৩৩ টা হত্যাকাণ্ড সংঘটিত হোৱা তথ্য নিশ্চিতভাৱে ৰাজ্যখনৰ বাবে এক দুঃসংবাদ ৷

বৃহস্পতিবাৰে আৰম্ভ হোৱা অসম বিধানসভাৰ শৰৎকালীন অধিবেশনত গৃহ বিভাগে বিৰোধী কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ এক প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰী কৰিছে ৷ কেৱল ৰাজ্যত সংঘটিত হত্যাকাণ্ডৰ তথ্যই নহয়, ৰাজ্যত সংঘটিত চুৰি, ডকাইতিৰো তথ্য দিছে গৃহ বিভাগে, যিবোৰ তথ্য অসমৰ বাবে মুঠেই সুখদায়ক নহয় ।

অসমৰ 'স্মাৰ্ট আৰক্ষী’ৰ নাকৰ তলতে ৭ মাহত অসমত সর্বমুঠ ৫৩৩ টা হত্যাকাণ্ড সংঘটিত হৈছে ।

কোন জিলাত সৰ্বাধিক হত্যাকাণ্ড ?

  • সৰ্বাধিক হত্যাকাণ্ড সংঘটিত হৈছে নগাঁও আৰু কামৰূপ মহানগৰ জিলাত
  • ৩৬ টাকৈ হত্যাৰ ঘটনা সংঘটিত হৈছে দুয়োখন জিলাত

জানুৱাৰীৰ পৰা কোন জিলাত কিমান হত্যাকাণ্ড ?

  • চৰাইদেউ জিলাত ১৯ টাকৈ হত্যাকাণ্ড
  • বৰপেটা জিলাত ১৬ টা হত্যাকাণ্ড
  • বিশ্বনাথত ১৫ টা
  • কাছাৰত ১৭ টা
  • দৰঙত ১৪ টা
  • ধেমাজিত ১৬ টা
  • গোলাঘাটত ২০ টা
  • যোৰহাটত ১৪ টা
  • কামৰূপত ৩০ টা
  • লখিমপুৰত ১৮ টা
  • শোণিতপুৰত ৩০ টা

(ইয়াত কেৱল হত্যাকাণ্ডৰ ঘটনা সংখ্যাত অধিক জিলা কেইখনহে সন্নিৱিষ্ট কৰি হৈছে ।)

জানুৱাৰীৰ পৰা মুঠ ৪,৬৯২টা চুৰি আৰু ৩২ টা কৈ ডকাইতিৰ ঘটনা:

বিধানসভাত বৃহস্পতিবাৰে গৃহবিভাগৰ হৈ মুখ্যমন্ত্ৰীয়ে দাখিল কৰা তথ্য অনুসৰি এই বছৰৰ ১ জানুৱাৰীৰ পৰা জুলাই মাহলৈ ৰাজ্যত সংঘটিত চুৰি আৰু ডকাইতি, লুট-পাতৰ ঘটনাৰ সংখ্যাও উদ্বেগজনক ৷

যোৱা জানুৱাৰীৰ পৰা ৩১ জুলাইলৈ ৰাজ্যত সংঘটিত চুৰিৰ সংখ্যা মুঠ ৪,৬৯২টা ৷ এই বৃহৎ সংখ্যক চুৰিৰ ঘটনাই অসম আৰক্ষীৰ দক্ষতাক লৈয়ো যে প্ৰশ্ন উত্থাপন কৰিব সেয়া সহজেই অনুমেয় ৷ বিধানসভাত দাখিল কৰা তথ্য অনুসৰি বিগত ৭ মাহত অসমত ৩২ টাকৈ ডকাইতি আৰু লুট-পাতৰ ঘটনাও সংঘটিত হৈছে ।

অপৰাধৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হৈ পৰে গুৱাহাটী ! অসমৰ ভিতৰত গুৱাহাটী মহানগৰীতে সৰ্বাধিক পঞ্জীয়ন হৈছে চুৰিৰ ঘটনা ৷

  • পল্টন বজাৰ থানাত ১০৫ টা
  • দিছপুৰ থানাত ২২৪ টা
  • বশিষ্ঠ থানাত ১৪২ টা
  • জালুকবাৰী থানাত ১০০ টা,
  • পাণবজাৰ থানাত ৬৪ টা
  • হাতীগাঁও থানাত ৬৬ টা চুৰিৰ গোচৰ ৰুজু

চুৰিৰ ঘটনাত দ্বিতীয় স্থানত কাছাৰ:

গুৱাহাটী মহানগৰ জিলাৰ পাছতেই চুৰিৰ ঘটনাৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে বৰাকৰ কাছাৰ জিলা । কাছাৰৰ বৰখলা থানাত ১৩৩ টা চুৰিৰ গোচৰ পঞ্জীয়ন হৈছে । একেদৰে হত্যাৰ ঘটনাৰ শীৰ্ষত থকা নগাঁৱত ১৩৪ টা আৰু বৰপেটাত ১০২ টা চুৰিৰ গোচৰ ৰুজু হৈছে ।

অৱশ্যে এটা কথা উল্লেখ কৰিবই লাগিব যে বিধানসভাত দিয়া তথ্যত যোৱা ৭ মাহত এটাও গোচৰ ৰুজু নোহোৱা বহু থানা থকাৰ তথ্যও উল্লেখ আছে ।

শেহতীয়াকৈ ৰাজ্যত আলফা স্বাধীনে ১৫ আগষ্টৰ দিনা ২৫ টাকৈ বোমা সংস্থাপন কৰি শক্তি প্ৰদৰ্শন কৰাৰ পিছত ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিক লৈ গৃহবিভাগৰ প্ৰতি ব্যৰ্থতাৰ অভিযোগ উত্থাপিত হৈছে । বিধানসভাত গৃহবিভাগে দাখিল কৰা যোৱা ৭ মাহত ৰিজ্যত ৫৩৩ টা হত্যাকাণ্ডৰ ঘটনাৰ উদ্বেগজনক তথ্যয়ো প্ৰশ্নৰ উদ্বেগ ঘটাইছে ।

লগতে পঢ়ক: দুৰ্বৃত্তৰ নৃশংসতাৰ বলি দুজনকৈ মাছমৰীয়া: আৰক্ষীৰ তদন্ত আৰম্ভ - MURDER IN BOKOLIAGHAT

7 লক্ষাধিক টকাসহ বশিষ্ঠ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইতৰ গেং

মঙলদৈৰ বৰ আঠিয়াবাৰী গাঁৱত যুৱতীৰ মৃতদেহ উদ্ধাৰ - Deadbody recovered in Mangaldoi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.