ETV Bharat / state

এৰাবাৰীলৈ পৰিণত দ্বিতীয় সবৰমতী আশ্ৰম : স্বাধীনতা দিৱসৰ সময়তহে মনত পৰে চৰকাৰৰ - Gandhi Ashram in Jorhat

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 10:20 PM IST

Assam Govt negligence : এসময়ত মহামানৱে জিৰণি লোৱা ঠাইখিনিত এতিয়া কেৱল হাবি ৷ অৱশ্যে কিছুদিনৰ পিচতে কিছু চাফ-চিকুণ কৰিব, যিহেতু স্বাধীনতা দিৱস উদযাপন কৰিব লাগিব ৷ কিন্তু তাৰ পিচত পুনৰ হাবি-বননি, গৰু-ছাগলীৰে ভৰি পৰিব গান্ধী আশ্ৰম ৷

GANDHI ASHRAM IN JORHAT
এৰাবাৰীলৈ পৰিণত দ্বিতীয় সবৰমতী আশ্ৰম (ETV Bharat Assam)

যোৰহাট, 3 আগষ্ট : কেইটামান দিনৰ পিচতে দেশে উদযাপন কৰিব স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস আড়ম্বপূৰ্ণভাৱে উদযাপন কৰিবলৈ প্ৰস্তুতি তুংগত কৰি তুলিছে অসম চৰকাৰে ৷ ইয়াৰ ব্যতিক্ৰম নহয় যোৰহাট জিলা প্ৰশাসনো ৷

তাৰ মাজতে এক দুখলগা ছবিয়ে প্ৰত্যেকগৰাকী লোকৰে হৃদয় সেমেকাই তুলিব ৷ স্বাধীনতা সংগ্ৰামৰ বিভিন্ন বিষয় আলোচনাৰ স্থল তথা য’ত মহামানৱ মহাত্মা গান্ধীয়ে জিৰণি লৈছিল আৰু অসম পটভূমিৰ স্বাধীনতাৰ সম্পৰ্কে খতিয়ান লৈছিল, সেই গান্ধী আশ্ৰম আজি এৰাবাৰীলৈ পৰিণত হ’ল ৷ হৈ পৰিল ভূতবাংলা !

যোৰহাটৰ সৰ্বাইবন্ধা কৃষ্ণ নগৰত ১৯৩৬ চনত হৰিজন বন্ধু আৰু স্বাধীনতা সংগ্ৰামী কৃষ্ণনাথ শৰ্মাই উক্ত আশ্ৰমখন প্ৰতিষ্ঠা কৰিছিল ৷ বৰ্তমান পোহনীয়া জীৱ-জন্তুৱে আশ্ৰয় লোৱা গান্ধী আশ্ৰমখনৰ চাৰিওফালে কেৱল জংঘল আৰু জংঘল ৷ উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন ঐতিহাসিক স্থান, কীৰ্তি চিহ্নসমূহ সংৰক্ষণ কৰাৰ উপৰিও দেশৰ স্বাধীনতাৰ লগত সম্পৰ্ক থকা স্থানক পূৰ্ণাংগৰূপত সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰিছে চৰকাৰে ৷ কিন্তু ৰাজ্যত এনে বহু স্থান আছে যিসমূহ বিভাগীয় তথা চৰকাৰৰ অৱহেলাৰ বাবে ধ্বংসস্তূপত পৰিণত হোৱাৰ লগতে ভূত বাংলালৈ পৰিণত হৈছে ৷

দেশৰ স্বাধীনতা আন্দোলনৰ সময়ত যি স্থান লোকাৰণ্য হৈ পৰিছিল, সেই স্থান এতিয়া পৰিণত হৈছে এৰাবাৰীলৈ ৷ তেনে এক ঐতিহাসিক স্থান হৈছে যোৰহাটৰ সৰ্বাইবন্ধাৰ ‘গান্ধী আশ্ৰম’ ৷ যি ‘গান্ধী আশ্ৰম’ক জনা যায় দ্বিতীয় সৱৰমতি আশ্ৰম’ হিচাবে ৷

কিন্তু চৰকাৰৰ অৱহেলা বাবে যোৰহাটৰ এই গান্ধী আশ্ৰম এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে৷ চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসনক ৰাইজে উক্ত স্থান সংৰক্ষণ কৰিবৰ বাবে বাৰম্বাৰ আহ্বান জনাই আহিছে যদিও সকলো পক্ষৰে অৱহেলাৰ বাবে আজিও উপেক্ষিত হৈ ৰ’ল ‘গান্ধী আশ্ৰম’৷

প্ৰত্যেক বছৰেই দেশৰ স্বাধীনতা দিৱসৰ পূৰ্বে ৰজাঘৰে এই আশ্ৰম পৰিদৰ্শন কৰি হাবি-জংঘল কাটি মুকলি কৰি তোলে যদিও কিন্তু পৰৱৰ্তী সময়ত ই পুনৰ হাবি-জংঘলেৰে ভৰি পৰি পৰিণত হয় এৰাবাৰীলৈ ৷

লগতে পঢ়ক : কস্তুৰবা গান্ধী আশ্ৰমৰ আন্তঃগাঁঠনি উন্নত কৰিব ৰাজ্য চৰকাৰে : হিমন্ত

লগতে পঢ়ক : মহাত্মাৰ অমূল্য স্মৃতি বিজড়িত এখন অখ্যাত গাঁৱৰ কাহিনী...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.