ETV Bharat / state

কৃত্ৰিম বান ডুবিল শিক্ষামন্ত্ৰীৰ ঘৰৰ পৰা মাত্ৰ ৫০০ মিটাৰ নিলগৰ এখন বিদ্যালয় - Flash flood in Dhemaji - FLASH FLOOD IN DHEMAJI

Flash flood in Dhemaji: বানৰ সমস্যাৰ পৰা মুক্ত নহয় ধেমাজি । বলিয়া বানে ধেমাজি জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিস্তৰ ক্ষতিসাধন কৰি থৈ যোৱাৰ পাচত এইবাৰ কৃত্ৰিম বানৰ কবলত পৰিছে ধেমাজি নগৰ । কৃত্ৰিম বানৰ মাজতে পাঠদান চলিছে শিক্ষামন্ত্ৰীৰ বাসগৃহৰ পৰা মাত্ৰ ৫০০ মিটাৰ নিলগত এখন বিদ্যালয়ত ।

A school in Dhemaji town is in the grip of flash floods
কৃত্ৰিম বানৰ কবলত এখন বিদ্যালয় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 6:56 PM IST

ধেমাজি, ৬ আগষ্ট: ভয়ানক বানৰ পাচত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নগৰাঞ্চল এতিয়া কৃত্ৰিম বানৰ কবলত । সোমবাৰৰ দিনটোত গুৱাহাটী মহানগৰীত ভয়ানক ৰূপ ধাৰণ কৰে কৃত্ৰিম বানে । যাৰ ফলত জলবন্দী হৈ পৰে মহানগৰবাসী । আনহাতে বানে বিধ্বস্ত কৰি থৈ যোৱা ধেমাজিত পুনৰ জলমগ্ন হৈছে বিভিন্ন অঞ্চল । এইবাৰ ধেমাজি নগৰৰ বিভিন্ন প্ৰান্তত দেখা দিছে কৃত্ৰিম বানে । কৃত্ৰিম বানৰ কবলত পৰিছে শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টি অৰ্থাৎ শিক্ষামন্ত্ৰীৰ বাসগৃহৰ পৰা মাত্ৰ ৫০০ মিটাৰ নিলগত এখন বিদ্যালয় । এজাক বৰষুণ আহিলেই হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় ধেমাজি নগৰৰ এইখন পুৰণি চৰকাৰী শিক্ষানুষ্ঠান ধেমাজি টাউন এম ই স্কুলত ।

কৃত্ৰিম বানৰ কবলত এখন বিদ্যালয় (ETV Bharat Assam)

কৃত্ৰিম বানৰ ফলত বিদ্যালয়খনৰ চৌহদ, শ্ৰেণীকোঠা, মধ্যাহ্ন ভোজনৰ ৰান্ধনীগৃহ, শৌচাগাৰ আদিৰ ভিতৰত পানী সোমাই একাঁঠু পৰ্যন্ত পানীত বুৰ যায় । যাৰ ফলত ব্যাপক অসুবিধাই দেখা দিয়ে পাঠদানৰ ক্ষেত্ৰত । উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীসকলে বছৰ বছৰ ধৰি এই দুৰ্ভোগ ভুগি অহা বিষয়টোৰ সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই জিলা আয়ুক্ত, পৌৰসভা, স্থানীয় বিধায়ক তথা শিক্ষামন্ত্ৰীকো আবেদন নিবেদন কৰিও আজিলৈকে কোনো সুফল লাভ নকৰিলে ।

মন কৰিবলগীয়া যে সাম্প্ৰতিক সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আধিপত্য সময়তো অসমীয়া মাধ্যমৰ এইখন চৰকাৰী বিদ্যালয়খনত সৰ্ব্বমুঠ তিনিটা শ্ৰেণীত ৪১২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে যদিও বিদ্যালয়খনৰ এনে দুৰৱস্থাই চিন্তিত কৰি তুলিছে শিক্ষক, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীক । শীঘ্ৰেই অঞ্চলবাসীক কৃত্ৰিম বানৰ সমস্যাৰ পৰা মুক্ত কৰিবলৈ আহ্বান জনাইছে সাধাৰণ ৰাইজৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ।

লগতে পঢ়ক: মাত্ৰ এজাক বৰষুণ; কৃত্ৰিম বানত ককবকাইছে যোৰহাট নগৰৰ ৰাইজে - Artificial flood in Jorhat

ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত একাঁঠু পানী : পথ অৱৰোধ কৰি আছুৰ প্ৰতিবাদ - AASU protest in Dibrugarh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.