ETV Bharat / state

সোণাই ৰূপাই সংৰক্ষিত বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ অৱস্থিতি - SONAI RUPAI WILDLIFE SANCTUARY

জলাশয় নিৰীক্ষণৰ সময়ত কেমেৰাত আৱদ্ধ হোৱা এই বাঘটোৰ অৱস্থিতিয়ে বছৰৰ পাছত বছৰ ধৰি বাঘৰ জনসংখ্যা বৃদ্ধি হোৱাৰ প্ৰমাণ দিছে ।

SONAI RUPAI WILDLIFE SANCTUARY
সোণাই ৰূপাই সংৰক্ষিত বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ অৱস্থিতি (@namerinptr)
author img

By ETV Bharat Assamese Team

Published : Dec 5, 2024, 4:37 PM IST

তেজপুৰ: বছৰৰ শেষ সময়ত প্ৰকৃতি প্ৰেমীৰ বাবে এক ইতিবাচক খবৰ । শোণিতপুৰ জিলাৰ সোনাই ৰূপাই অভয়াৰণ্যত ঢেকীয়াপতীয়া বাঘৰ অৱস্থিতি পোৱা গৈছে । উপগ্ৰহ চিত্ৰৰ জৰিয়তে এটা ঢেকীয়াপতিয়া বাঘৰ চিত্ৰ উপলব্ধ হৈছে । এই বিষয়ে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সামাজিক মাধ্যম 'X' ত সদৰী কৰিছে বন বিভাগে । জলাশয় নিৰীক্ষণৰ সময়ত কেমেৰাত আৱদ্ধ হোৱা এই বাঘটোৰ অৱস্থিতিয়ে বছৰৰ পাছত বছৰ ধৰি বাঘৰ জনসংখ্যা বৃদ্ধি হোৱাৰ প্ৰমাণ দিছে ।

ঢেকীয়াপতিয়া বাঘ কেমেৰাত বন্দী: পশ্চিম অসম বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰাধিকাৰী পিৰাইসুদন বিয়ে ইটিভি ভাৰতক কয় যে, ‘‘সংৰক্ষিত বনাঞ্চলৰ বাবে চৰকাৰীভাৱে লোৱা আঁচনিৰ অধীনত মুঠ ১২ টা জলাশয় নামেৰী ব্যাঘ্র প্ৰকল্পই নতুনকৈ নিৰ্মাণ কৰিছিল ৷ এই জলাশয় সমূহ জীৱ-জন্তুৱে কেনেধৰণে ব্যৱহাৰ কৰিছে তাৰ নিৰীক্ষণৰ বাবে বন বিভাগে নিজাববীয়াকৈ কেমেৰা সংস্থাপন কৰিছিল ৷ সেই কেমেৰাতেই এই বাঘৰ উপস্থিতি দেখা গৈছে ।’’

Sonai Rupai Wildlife Sanctuary
সোণাই ৰূপাই সংৰক্ষিত বনাঞ্চলত ঢেকীয়াপতীয়া বাঘ (@namerinptr)

তেওঁ পুনৰ কয় যে ‘‘এই কেমেৰাত বিভিন্ন জীৱ-জন্তুৰ লগতে নাহৰফুটুকী, পহু আৰু অন্যান্য জন্তুৰ তথ্য উপলব্ধ হৈছে । জীৱ-জন্তুৰ গণনা প্ৰত্যেক বছৰেই কৰা হয়, এই বছৰ শেহভাগৰ পৰা বনাঞ্চলখনত পুনৰ গণনা আৰম্ভ হ’ব ।’’

উল্লেখ্য যে বন্যপ্ৰাণী অভয়াৰণ্যখনৰ এক বৃহৎ অংশ জনবসতিৰে ভৰপূৰ হৈ থকাৰ সময়তে বাকী থকা অংশত এই ঢেকীয়াপতীয়া বাঘৰ ফটো বন বিভাগৰ গোপন কেমেৰাত বন্দী হোৱাটো এক ইতিবাচক দিশ ।

পীড়াই কয় যে, ‘‘সোনাই ৰূপাই সংৰক্ষিত বনাঞ্চলত সৰহ সংখ্যক এলেকা বেদখল হোৱাৰ পাছত এতিয়া মাত্ৰ আধা অংশত জীৱ-জন্তুৰ বিচৰণ আছে ৷ মাত্ৰ ১২০ বৰ্গ কিলোমিটাৰ অঞ্চলত বন্যপ্ৰাণী সংৰক্ষণ হৈ আছে । পূৰ্বতে গঁড়ৰ বিচৰণ থলী আছিল সোণাই ৰূপাই, এতিয়া সেইয়া নাই ৷ কিন্তু বাঘ এটা পোৱা গৈছে যেতিয়া হয়তো আৰু থকাৰ অৱকাশ আছে ।’’

Sonai Rupai Wildlife Sanctuary
সোণাই ৰূপাই সংৰক্ষিত বনাঞ্চলৰ মানচিত্ৰ (ETV Bharat)

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বাঘৰ অৱস্থিতি সন্দৰ্ভত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে ৷ সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ কয়, ‘‘অসমৰ বাবে এক গৌৰৱৰ খবৰ আপোনালোকক জনাব বিচাৰিছোঁ ৷ প্ৰথমবাৰৰ বাবে নামেৰী ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বন বিভাগৰ কেমেৰাত আবদ্ধ হৈছে এটা বাঘ । এই কৃতিত্বই বছৰ বছৰ ধৰি বৰ্ধিত সুৰক্ষা ব্যৱস্থা আৰু স্থায়ী আৱাসভূমি ব্যৱস্থাপনাক প্ৰতিফলিত কৰিলে । বন বিভাগৰ দলটোক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৷’’

আনহাতে, ডব্লিউ টি আইৰ এগৰাকী বিশেষজ্ঞ ৰথীন বৰ্মনে ইটিভি ভাৰতক কয়, ‘‘বন বিভাগে নিজাববীয়াকৈ কেমেৰা ট্রেপিঙৰ জড়িয়তে পোন প্ৰথমবাৰৰ বাবে এই বাঘৰ অৱস্থিতি নিশ্চিত কৰিছে, ই এটা ভাল খবৰ । কিন্ত এতিয়া বাঘৰ অৱস্থিতি পোৱা গৈছে যেতিয়া সকলোৰে দায়িত্ব যথেষ্ট বাঢ়িল ।’’

সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য:

এই অভয়াৰণ্যৰ ২২০ বৰ্গ কিলোমিটাৰ সংৰক্ষিত এলেকাৰ ভিতৰত প্ৰায় আধা অংশ অবৈধভাৱে বসতি কৰা লোকৰ দখলত আছে । ৰাজ্যৰ বন বিভাগৰ তথ্য অনুসৰি তেওঁলোকৰ সংখ্যা কমেও ১২ হাজাৰ । এসময়ত এশিঙীয়া গঁড়, নাহৰফুটুকী আদিৰ বিচৰণ থলী আছিল অৰণ্যখন ৷ সিপাৰে উত্তৰ দিশে ঘাঁহনিৰে আৱৰা অৰুণাচল প্ৰদেশৰ পাহাৰৰ সৌন্দৰ্য । আশীৰ দশকত বড়োসকলৰ কিছু ৰাজনৈতিক প্ৰব্ৰজন হৈছিল যদিও ১৯৯০ চনত বনাঞ্চলৰ আৱৰণ তেতিয়াও ৯৭ শতাংশ আছিল । ২০০১ চনৰ পৰা ২০০৫ চনৰ ভিতৰত ইয়াৰ ৩৫ শতাংশ বেদখল হৈছিল । আটাইতকৈ বেছি বেদখল হৈছিল ঢেকীয়াজুলি সমষ্টিৰ বটাছিপুৰ আৰু গেলাইৰ অঞ্চলত ।

Sonai Rupai Wildlife Sanctuary
সোণাই ৰূপাই সংৰক্ষিত বনাঞ্চল (ETV Bharat)

চলিত বৰ্ষৰত অসম চৰকাৰে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণক দিয়া এক শপতনামাত উল্লেখ আছে যে অভয়াৰণ্যখনত চৰকাৰী ন’টিফিকেচন নম্বৰ ৫ অনুসৰি ১৭/১০/১৮৭৮ চনত চাৰিদুৱাৰ ৰিজাৰ্ভ ফৰেষ্টৰ মুঠ ২৪০৭২ হেক্টৰ ভূমি আছিল আৰু বালিপৰা সংৰক্ষিত অঞ্চলত ২৭/১০/১৮৭৮ চনৰ চৰকাৰী ন’টিফিকেচন অনুসৰি ১৮৯৭২ হেক্টৰ এলেকা আছিল ৷ চাৰিদুৱাৰ ৰিজাৰ্ভ ফৰেষ্টৰ এটা অংশ ২২০০০ হেক্টৰ এলেকা সোনাই ৰূপাই সামৰি শোণিতপুৰৰ জিলা প্ৰশাসনৰ অধীনত আছিল । উল্লেখনীয় যে ২২/১০/১৯৯৮ চনৰ চৰকাৰী ন’টিফিকেচন নম্বৰ ১৭২ অনুসৰি ২০০৬ চনৰ ২২ জুলাইত পশ্চিম অসম বন্য প্ৰাণী ডিভিজনৰ অধীনলৈ হস্তান্তৰ কৰা হয় আৰু সেই সময়তে সোনাই ৰূপাই অভয়াৰণ্যৰ ৮৫ বৰ্গ কিলোমিটাৰ অংশ বেদখলৰ গৰাহত পৰে ।

বৰ্তমান এই অঞ্চলত মুঠ ৩৮ খন বিদ্যালয় আৰু ৫ কিলোমিটাৰ পকী পথ, ভোটগ্ৰহণ কেন্দ্ৰৰ লগতে চাৰিদুৱাৰ অঞ্চলত এটা জলসিঞ্চন প্ৰকল্পও সংস্থাপন কৰা হয় । ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে শপতনামা দাখিল কৰিবলৈ দিয়াৰ পিছত শোণিতপুৰৰ বন বিভাগৰ দলে ঢেকীয়াজুলি আৰু সোনাই ৰূপাই অঞ্চলত জৰীপ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে । অৱশ্যে এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই ।

লগতে পঢ়ক: চৰাইৰ আত্মহত্যাথলী জাতিংগা ! ৰহস্যৰ পৰা বাস্তৱলৈ

পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কাৰ্বি আংলং সীমান্তৰ এটা জলপ্ৰপাত ! আপুনি চালে নে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.