গুৱাহাটী, ২মে’ : ম’বাইল ফোনত ব্যস্ত থকাৰ সময়ত আপুনি সাৱধান হওক । আপোনাৰ অলপ অসাৱধনতাই মাতি আনিব পাৰে ভয়ংকৰ বিপদ । মোবাইল ফোনত কথা পাতি থকাৰ সময়তে এজন লোকে হেৰুৱাব লগা হ’ল জীৱন ।
এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে নাৰেংগী, ফৰেষ্টগেটৰ ৰে’ল পথত । ফোনত কথা পাতি ৰে’ল পথৰে আহি থকাৰ সময়ত তীব্ৰবেগী ৰে’লে মহতীয়াই নিয়ে মোহন বৰ্মন(৩৬) নামৰ এজন লোকক ।
- " class="align-text-top noRightClick twitterSection" data="">
জানিব পৰা মতে নাৰেংগী, ফৰেষ্টগেট যুৱ নগৰ নিবাসী মোহন বৰ্মনে বৃহস্পতিবাৰে পুৱা দুই সন্তানক নাৰেংগী এ এছ ই বি স্কুলত থ’বলৈ গৈছিল । দুই সন্তানক স্কুলত থৈ আহি তেওঁ ফৰেষ্টগেটৰ ৰে’ল পথেৰে মোবাইল ফোনত কথা পাতি খোজ কাঢ়ি আহি থকাৰ সময়তে পিচফালৰ পৰা তীব্ৰ বেগী নামনিমুৱা কামৰূপ এক্সপ্ৰেছ ৰে’লখনে খুন্দা মাৰি দিয়ে । ফলত থিতাতে নিহত হয় লোকজন ।
স্থানীয় লোকৰ পৰা জানিব পৰা মতে, কামৰূপ এক্সপ্ৰেছ ৰে’ল গাড়ীৰ চালক, গেট মেন আৰু স্থানীয় ৰাইজে সম্ভাব্য দুৰ্ঘটনাৰ উমান পাই মোহন বৰ্মনক ৰে’ল পথৰ পৰা আঁতৰি যাবলৈ চিঞৰি চিঞৰি কৈছিল । কিন্তু মোবাইল ফোনত ব্যস্ত মোহন বৰ্মনে সেই চিঞৰ নুশুনাৰ ফলত এই শোকাৱহ ঘটনাটো সংঘটিত হয় ।
পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে ততালিকে বামুণীমৈদামস্থিত বি জি য়াৰ্ডৰ জি আৰ পি ৰে’ল আৰক্ষী চকীত অৱগত কৰে । ঘটনাৰ কিছু সময়ৰ পিচত ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ নাৰেংগীৰ ফৰেষ্টগেটৰ ৰে’ল পথৰ পৰা ৰক্তাক্ত অৱস্থাত মোহন বৰ্মনৰ মৃতদেহটো উদ্ধাৰ কৰে ।
ৰে’ল আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰিছে ৷ ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে থানাত এটা ইউ ডি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: ৰে’লে মহতিয়ালে এল্ট’ বাহন: থিতাতে নিহত চালক