ETV Bharat / state

ব্যক্তিগত চিকিৎসালয়ত উদণ্ড যুৱকৰ দলৰ তাণ্ডৱ: দুজনক আটক - Bongaigaon hospital

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 9:36 PM IST

Tense situation: 20 জনীয়া যুৱকৰ এটা দলৰ গুণ্ডাগিৰি চিকিৎসালয়ৰ ভিতৰত ৷ চিকিৎসালয়ৰ মূলদ্বাৰত তলা ওলোমাই ভিতৰত চলালে উপদ্ৰৱ ৷ আৰক্ষী অহাৰ উমান পাই স্থান ত্যাগ যুৱকৰ দলটোৰ ৷

Bongaigaon hospital
ব্যক্তিগত চিকিৎসালয়ত উদণ্ড যুৱক (ETV Bharat Assam)

বঙাইগাঁও, ৩০ আগষ্ট ২০২৪: বঙাইগাঁৱৰ বৰপাৰাস্থিত আৰোগ্য হস্পিতাল এণ্ড ৰিছাৰ্চ চেন্টাৰ নামৰ ব্যক্তিগত চিকিৎসালয়খনত শুকুৰবাৰে বিয়লি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । প্ৰায় ২০ জনীয়া যুৱকৰ এটা দলে চিকিৎসালয়খনত প্ৰৱেশ কৰি ভিতৰৰ কেতবোৰ আচবাব ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে ব্যক্তিগত চিকিৎসালয়খনৰ মূল গেটত তলা লগাই দিয়ে ।

ব্যক্তিগত চিকিৎসালয়ত উদণ্ড যুৱকৰ তাণ্ডৱ (ETV Bharat Assam)

চিকিৎসালয়খনত কৰ্মৰত এজন যুৱকক বিচাৰি আহিছিল এই যুৱকৰ দলটোৱে । পিছে যুৱকজনক নাপাই তেওঁলোকে চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু বিভিন্ন সামগ্ৰী লণ্ডভণ্ড কৰে ।

জানিব পৰা মতে আৰোগ্য হস্পিতাল এণ্ড ৰিছাৰ্চ চেন্টাৰত কৰ্মৰত এগৰাকী নাৰ্ছক সেই চিকিৎসালয়তে ষ্টোৰ মেনেজাৰ হিচাপে কৰ্মৰত এজন যুৱকে বহু দিনৰ পৰাই ফোনত হাৰাশাস্তি কৰি আছিল । পৰৱৰ্তী সময়ত যুৱতীগৰাকীৰ অভিযোগ মৰ্মে যুৱকজনৰ বিৰুদ্ধে তদন্ত কৰি তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হয় ৷

কিন্তু বৃহস্পতিবাৰে যুৱতীগৰাকীয়ে মাতৃ আৰু লগত প্ৰায় 20 জন যুৱকক লৈ চিকিৎসালয়খনত উপস্থিত হয় ৷ তাৰ পিছতেই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ হাস্পতালখনৰ মূল গেটত তলা লগাই দিয়াত ৰোগীৰ অহা-যোৱাত ব্যাপক অসুবিধাৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত হাস্পতাল কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষী অহাৰ পূৰ্বেই সেই স্থান ত্যাগ কৰে যুৱকৰ দলটোৱে ৷

অৱশ্যে হাস্পতাল কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত যোৱা নিশা বিকাশ সিং আৰু ব্ৰিজ মোহন গুপ্তা নামৰ দুজন যুৱকক আটক কৰে আৰক্ষীয়ে ৷ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে । শুকুৰবাৰে এক সংবাদমেলযোগে এই সমস্ত ঘটনা বৰ্ণনা কৰে আৰোগ্য হস্পিতাল এণ্ড ৰিছাৰ্চ চেন্টাৰ কৰ্তৃপক্ষই ৷

লগতে পঢ়ক: এইবাৰ লখিমপুৰত উঠিল বেনাৰ-ফলক অসমীয়া ভাষাত লিখাৰ দাবী - Non Assamese controversy

চিৰাঙত চৰকাৰী বিদ্যালয়ৰ পয়ালগা অৱস্থা: ভাৰাতীয়া শিক্ষকেৰে চলে বিদ্যালয়ত পাঠদান - Chirang govt schools condition

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.