ETV Bharat / state

একতাৰ অনন্য নিদৰ্শন; গুৰুজনাৰ আবিৰ্ভাৱ তিথিত ভিন্নধৰ্মী লোকৰ মুখেৰে নিগৰিত হ’ল বৰগীত

Srimanta Sankardeva: গুৰুজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে আয়োজিত বৰগীত প্ৰতিযোগিতাত মুছলমান আৰু নেপালী সম্প্ৰদায়ৰ প্ৰতিযোগীৰ অংশগ্ৰহণ ।

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 10:09 AM IST

Srimanta Sankardeva
গুৰুজনাৰ আবিৰ্ভাৱ তিথিত ছানিয়া আৰু অক্ষাই দেখুৱালে একতাৰ অনন্য নিদৰ্শন (ETV Bharat)

কলিয়াবৰ,১২ অক্টোবৰ : আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৬৭ সংখ্যক আবিৰ্ভাৱ তিথি । ৰাজ্যৰ প্ৰতিখন সত্ৰ, নামঘৰত গুৰুজনাৰ আবিৰ্ভাৱ তিথি পালন কৰা হৈছে । নগাঁও জিলাৰ জখলাবন্ধা সত্ৰত দুদিনীয়াকৈ উদযাপন কৰা হৈছে গুৰুজনাৰ ৫৭৬ সংখ্যক আবিৰ্ভাৱ তিথি ।

ধৰ্মীয় সম্প্ৰীতিৰ নিদৰ্শন

প্ৰথম দিনা অৰ্থাৎ শনিবাৰে ইয়াৰ লগত সংগতি ৰাখি বৰগীত প্ৰতিযোগিতা আয়োজন কৰা হয় । জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীসকলে এই বৰগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । কিন্তু প্ৰতিযোগিতাত সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল এগৰাকী প্ৰতিযোগী । যিয়ে নিম্ন শাখাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে । তেওঁ হৈছে ছানিয়া আৰিফ । ধৰ্মীয় সংকীৰ্ণতাৰ প্ৰাচীৰ ভাঙি মুছলমান সম্প্ৰদায়ৰ প্ৰতিযোগীগৰাকীয়ে বৰগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে প্ৰথম স্থান লাভ কৰি ৰাইজৰ বিপুল প্ৰশংসা লাভ কৰিছে ।

ষোল্ল শতিকাতে স্থাপন হোৱা কলিয়াবৰৰ অসমীয়া মুছলমান সম্প্ৰদায়ৰ বাসস্থান জয়ন্তীপুৰৰ ছানিয়াৰ সাফল্যই বৰ্তমানৰ অসহিষ্ণু সমাজখনলৈ এক অনন্য বাৰ্তা প্ৰেৰণ কৰিছে । কেৱল ছানিয়াই নহয় বৰগীত প্ৰতিযোগিতাত নেপালী সম্প্ৰদায়ৰ অক্ষা টিমচিনাই অংশগ্ৰহণ কৰি একতাৰ নিদৰ্শন দাঙি ধৰিলে ।

কলিয়াবৰবাসীয়ে পালন কৰিলে গুৰুজনাৰ আবিৰ্ভাৱ তিথি

উল্লেখ্য যে, কলিয়াবৰৰ জখলাবন্ধা সত্ৰৰ ব্যৱস্থাপনাত ৫৭৬ সংখ্যক গুৰু আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰিছে কলিয়াবৰ জিলা সত্ৰ মহাসভাই । কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ অন্তৰ্গত সত্ৰীয়া কৃষ্টি কেন্দ্ৰ, সতী ৰাধিকা মহিলা তীৰ্থ আৰু সমন্বিত যুৱতীৰ্থ কলিয়াবৰ জিলা সমিতিৰ প্ৰত্যক্ষ সহযোগত দুদিনীয়াকৈ এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।

ইফালে শনিবাৰে দ্বিতীয় দিনা পুৱা ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ সভাপতি তথা শ্ৰীশ্ৰী বগাজন সত্ৰৰ সত্ৰাধিকাৰ কৈলাশ গোস্বামীয়ে । ধৰ্মধ্বজা উত্তোলনৰ পিছতেই বিশিষ্ট শিক্ষাবিদ প্ৰয়াত অৰবিন্দ বৰগোঁহাঞি সোঁৱৰণী স্থায়ী তোৰণ উন্মোচন কৰিব শ্ৰীশ্ৰীবালি সত্ৰৰ ডেকা সত্ৰীয়া তথা অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মণিমাধৱ মহন্তই ।

সত্ৰৰ নামঘৰত আইসকলৰ নাম-প্ৰসংগৰ পিছতেই ডেৰপৰীয়া প্ৰসঙ্গৰে দিনৰ কাৰ্যসূচীৰ সামৰণি পৰিব । কাৰ্যসূচী অনুসৰি সন্ধিয়া প্ৰতিটো ঘৰ তথা কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ কাৰ্যালয় আৰু অঞ্চলটোৰ সত্ৰসমূহত বন্তি প্ৰজ্বলন কৰা হ'ব । নিশালৈ সত্ৰীয়া কৃষ্টি কেন্দ্ৰৰ ব্যৱস্থাপনাত 'দ্ৰৌপদীৰ সয়ম্বৰ' ভাওনা প্ৰদৰ্শন কৰা হ'ব । ভাওনা কাৰ্যসূচীত অংশ ল'ব শ্ৰীশ্ৰীবালি সত্ৰৰ ডেকা সত্ৰীয়া তথা অসম চৰকাৰ মন্ত্ৰী কেশৱ মহন্তই ।

লগতে পঢ়ক :দৌলে-দেৱালয়ে, মন্দিৰে-মণ্ডপে মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.