ETV Bharat / state

বিষাক্ত কাঠফুলা সেৱন কৰি চিকিৎসাধীন ৫ জন - poisonous mushrooms

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 8:50 AM IST

Poisonous mushrooms in Golaghat : কাঠফুলা খোৱাৰ পূৰ্বে চিন্তা কৰক ৷ পুনৰ গোলাঘাট জিলাৰ পুলিবৰত বিষাক্ত কাঠফুলা খাই দুটাকৈ পৃথক পৃথক অঞ্চলৰ পাঁচজন লোক চিকিৎসাধীন হ'বলগীয়া হৈছে ।

poisonous mushrooms
বিষাক্ত কাঠফুলা সেৱন কৰি চিকিৎসাধীন ৫ জন (ETV BHARAT ASSAM)

গোলাঘাট, 4 জুন : ৰাজ্যত ভিন্ন সময়ত বিষাক্ত কাঠফুলা খাই বহুজন লোকে প্ৰাণ হেৰুৱাব লগা হোৱা ঘটনা সংঘটিত হৈ আহিছে ৷ এইবাৰ গোলাঘাট জিলাত বিষাক্ত কাঠফুলাই মাতিলে কাল ৷ আজিৰ পৰা দুদিনৰ পূৰ্বে গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটত বিষাক্ত কাঠফুলা সেৱন কৰি দুটা পৰিয়ালৰ ৮ জনকৈ লোক আক্ৰান্ত হোৱাৰ পাচতে সোমবাৰে পুনৰ বিষাক্ত কাঠফুলা খাই জিলাখনৰ দুটাকৈ পৃথক পৃথক অঞ্চলৰ পাঁচজন লোক চিকিৎসাধীন হ'বলগীয়া হৈছে ।

এই ঘটনা সংঘটিত হৈছে বৰপথাৰ পাভজান আৰু গোলাঘাট পুলিবৰত । কাঠফুলা খাই অসুস্থ হৈছে 5 গৰাকী লোক ৷ সম্প্ৰতি আটাইকে পৰিয়ালৰ লোকে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছে । বিষাক্ত কাঠফুলা সেৱন কৰি আক্ৰান্ত হোৱা লোককেইজন হৈছে ক্ৰমে সুনীল ওৰাং, সোণেশ্বৰ ওৰাং, আকাশ গড় । অনুৰূপ ধৰণেৰে গোলাঘাট পুলিবৰৰ কুঞ্জ দেৱী আৰু নয়নজ্যোতি শৰ্মা আক্ৰান্ত হৈ বৰ্তমান গোলাঘাট কুশল কোঁৱৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

ভুক্তভোগীয়ে কোৱা অনুসৰি, তেওঁলোকে ঘৰৰ কাষৰ এখন পথাৰৰ পৰা কাঠফুলা আনি ভক্ষণ কৰিছিল ৷ তাৰ পিচৰে পৰা তেওঁলোকৰ পেটৰ বিষ, বমি আৰু শৌচ হয় ৷ লগে লগে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ সম্প্ৰতি তেওঁলোক সুস্থ অৱস্থাত আছে বুলি জানিবলৈ পৰা গৈছে ৷

আনহাতে ভুক্তভোগী শ্ৰমিককেইজনে মালিকৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল ৷ তাৰ পিচৰে পৰাই তেওঁলোক অসুস্থ হৈ পৰে ৷ সম্প্ৰতি শ্ৰমিককেইজনক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷

লগতে পঢ়ক: বিষাক্ত কাঠফুলাই কাল হ'ল; চিকিৎসালয়ত ভৰ্তি ৮ গৰাকী - Consumption of poisonous mushrooms

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.