ETV Bharat / state

গুৰুজনাৰ তিৰোভাৱ তিথিত ৰাজ্যজুৰি গুঞ্জৰিত হৰিনামৰ অমিয়া ধ্বনি - Srimanta Sankardev

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 6:06 PM IST

Sankardev death anniversary: ৰাজ্যজুৰি উলহ-মালহেৰে পালন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি ৷ পুৱাৰে পৰা খোল-তাল আৰু হৰিনামৰ অমিয়া ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ ৷

Sankardev death anniversary
SRIMANTA SANKARDEV (ETV Bharat Assam)

কলিয়াবৰ/টীয়ক/হোজাই, 4 ছেপ্টেম্বৰ: এসময়ত ধৰ্মৰ নামত চলা অনাচাৰ আঁতৰাই, জাতি-ভেদ, বর্ণ, উচ্চ-নীচৰ ভেদাভেদৰ প্ৰাচীৰ ভাঙি সু-শৃংখলিত ৰূপত সমাজ গঢ়াৰ বাবে নৱ বৈষ্ণৱ ধর্ম বা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে । আজি সেইগৰাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি । এই উপলক্ষে আজি নাম-কীর্তন, জগত গুৰু বন্দনাৰে মুখৰিত তথা ভক্তি ৰসেৰে জীপাল এক পৰিবেশৰ মাজত ৰাজ্যজুৰি সৰ্বগুণাকৰ গুৰুজনাক স্মৰণ কৰিছে ৰাজ্যৰ জনগণে ।

ৰাজ্যজুৰি গুঞ্জৰিত হৰিনামৰ অমিয়া ধ্বনি (ETV Bharat Assam)

ধৰ্ম প্ৰচাৰৰ লগতে অসমীয়া জাতিৰ সাহিত্য-সংস্কৃতিৰ ভেটিও নির্মাণ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে । সৰ্বগুণাকৰ মহাপুৰুষজনা আছিল একেৰাহে ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, গায়ক, নর্তক, অভিনেতা, নাট্যকাৰ আৰু অসমীয়া জাতিৰ সাহিত্য-সংস্কৃতিৰ নিৰ্মাতা । অসমৰ সৰ্বস্তৰৰ জনগণৰ অন্তৰে অন্তৰে বিদ্যমান গুৰুজনাৰ প্রতি অসীম ভক্তি । সেই ভক্তিকে সাৰোগত কৰি আজি ৰাজ্যজুৰি পালন কৰা হৈছে গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথি ।

পবিত্ৰ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ‘গুৰু কীৰ্তন’ কৰি পৰম্পৰাগত নীতি-নিয়মেৰে তিৰোভাৱ তিথি পালন কৰিছে ভক্তসকলে । আজি কাহিলি পুৱাৰে পৰা অসমৰ ভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰত গুৰুজনাক সভক্তিৰে সশ্ৰদ্ধ স্মৰণৰ যো-জা চলিছে । ভাদ মাহৰ পৰম্পৰাগত প্ৰসংগসমূহৰ উপৰিও আজি গুৰু কীৰ্তন উপলক্ষে গীত-ভটিমা, ঘোষা-কীৰ্তন আদি সকলো ধৰ্মীয় কাৰ্য সত্ৰীয়া ৰীতি-নীতিৰে সম্পন্ন কৰা হয় অসমৰ বিভিন্ন সত্ৰ-নামঘৰত । কলিয়াবৰতো ৰাজ্যৰ আন ঠাইৰ লগতে পালন কৰা হৈছে গুৰুজনাৰ তিৰোভাৱ তিথি ৷

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত শংকৰদেৱৰ তিথি উদযাপন

যোৰহাট জিলাৰ টীয়কৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে নিজহাতে প্ৰতিষ্ঠা কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো দেখা গৈছে ভক্তৰ ভিৰ । পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে আজি বিশেষকৈ শংকৰদেৱ তিথি উপলক্ষে এই ঐতিহাসিক পীঠত উপস্থিত হৈ ধূপ-নৈবদ্য আগবঢ়াই নেদেখাজনৰ শৰণাপন্ন হৈছে । আশীষ লৈছে অক্ষয় বন্তিৰ । ইপিনে বৰনামঘৰ পৰিচালনা সমিতিয়ে আজি গুৰুজনাৰ তিথি উপলক্ষে অক্ষয় বন্তিত তেল, শৰাই আগবঢ়োৱাৰ লগতে পুৱা ঊষা কীৰ্তন, দিহানাম, খোল প্ৰসংগ, নাম প্ৰসংগ আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিছে আৰু এই পবিত্ৰ দিনটোত সকলো ৰাজ্যবাসীৰ মংগল কামনা কৰিছে ।

হোজাই জিলাতো শংকৰদেৱৰ তিথি পালন:

হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত থকা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিৰ বাকৰিত গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠান অনুষ্ঠিত কৰা হয় । প্ৰথম কাৰ্যসূচী অনুসৰি গুৰুজনাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰা হয় । পৰৱৰ্তী সময়ত জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীয় লোকৰ দ্বাৰা এক শোভাযাত্রা উলিওৱা হয় । উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক শ্ৰীযুত কুসুম মহন্ত ৷

পিছত, শংকৰদেৱ নগৰস্থিত শ্ৰীমন্ত শংকৰদেৱ নগৰ কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত হয় মুকলি সভা ৷ মুকলি সভা আৰম্ভণি কৰা হয় দিহা নামেৰে । হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ প্ৰচেষ্টাত শংকৰদেৱ নগৰত আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত থকা উদ্যানত নিৰ্মাণ কৰা হৈছিল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি ৷ উক্ত প্ৰতিমূৰ্তিতেই আজি গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰা হয় ৷

লগতে পঢ়ক: মাজুলীত চাৰিদিনীয়াকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি পালন - Sankardev Death anniversary

শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ আহ্বান পাটেকীবড়ি সত্ৰৰ সত্ৰাধিকাৰৰ - Death anniversary of Sankardev

সত্ৰনগৰীত মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ তিৰােভাৱ তিথিত ঘোষাপাঠ - Mahapurush Srimanta Sankaradeva

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.