ETV Bharat / state

বলিয়া কুকুৰে কামোৰা লোকেৰে ভৰিছে গোলাঘাটৰ চিকিৎসালয় - MAD DOG TERROR - MAD DOG TERROR

DOG ATTACKED 23 PEOPLE IN GOLAGHAT : ঘৰৰ পৰা বাহিৰলৈ য৷ওঁতে সাৱধান হওক ৷ নহ’লে কোন সময়ত আপুনিও বলিয়া কুকুৰৰ আক্ৰমণৰ বলি হ’ব পাৰে ঠিক নাই ৷ এটা বলিয়া কুকুৰে সমগ্ৰ গোলাঘাট চহৰত ত্ৰাসৰ সৃষ্টি কৰিছে ৷

MAD DOG TERROR
গোলাঘাটত বলীয়া কুকুৰৰ সন্ত্ৰাস, কামুৰিলে ২৩ জনক (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 10:36 AM IST

Updated : May 22, 2024, 12:37 PM IST

গোলাঘাটত বলিয়া কুকুৰৰ সন্ত্ৰাস (ETV BHARAT ASSAM)

গোলাঘাট, 22 মে’ : গোলাঘাটত ত্ৰাসৰ সৃষ্টি কৰা কুকুৰটোৰ মৃত্যু ৷ বুধবাৰে কুকুৰটোৱে মৃত্যুক সাৱটি লয় ৷ প্ৰকৃততে মঙলবাৰৰ দিনটোত গোলাঘাট জিলাত এটা বলিয়া কুকৰে ৰাইজৰ টোপনি হৰিছিল ৷ গোলাঘাট নগৰত বলিয়া কুকুৰে সন্ত্ৰাসৰ ফলত কোনো লোক বাহিৰলৈ ওলাব নোৱাৰা হৈছে ৷ চহৰখনৰ মাজমজিয়াত মুকলিকৈ ঘূৰি ফুৰা বলীয়া কুকুৰটোৱে বিগত কেইদিনত কেইবাজনো লোকক আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ জানিব পৰা মতে, মঙলবাৰে বিয়লিৰ পৰা 24 ঘণ্টাৰ ভিতৰত 30 জনকৈ লোকক আক্ৰমণ কৰিছে কুকুৰটোৱে । তাৰপিচতে এতিয়া অঞ্চলটোৰ লোকসকল আতংকিত হৈ পৰিছে ৷

বিশেষকৈ বাটৰুৱা, চাইকেল আৰোহী, বাইক চলাই যোৱা লোকক আক্ৰমণ কৰিছে বলিয়া কুকুৰটোৱে । জানিব পৰা মতে, গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা বেজবৰুৱা চাৰিআলি আৰু মডিনা টায়াৰছ হৈ পাচলি বজাৰ, পাঁচ আলি, হামদৈপুল, কছাৰীহাট, বামুণগাঁও, কমাৰবন্ধা, জোনাকী নগৰলৈ যোৱা পথত এই বলিয়া কুকুৰটোৱে সাধাৰণ পথচাৰীক কামুৰি আহত কৰিছে ।

এতিয়ালৈকে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মুঠ 23 গৰাকী লোকে চিকিৎসা গ্ৰহণ কৰা বুলি চিকিৎসকে জানিবলৈ দিয়ে । তাৰ উপৰিও বুধবাৰে কমাৰবন্ধা উপস্বাস্থ্য কেন্দ্ৰত 7 জন লোকে চিকিৎসা গ্ৰহণ কৰে । এই ঘটনাই সমগ্ৰ গোলাঘাট নগৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে । পিছলৈ কুকুৰে কামোৰা লোকৰ সংখ্যাই স্পৰ্শ কৰে 30 ৰ ঘৰ ৷ ইয়াৰে এজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে ৷

ইতিমধ্যে এই সন্দৰ্ভত স্থানীয় লোকে জিলা প্ৰশাসনক অৱগত কৰিছে ৷ তাৰপাচতো কিন্তু জিলা প্ৰশাসন তথা সংশ্লিষ্ট বিভাগে কুকুৰটোক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিহে অভিযোগ উত্থাপন হৈছিল ৷ এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় কুকুৰে কামোৰা ব্যক্তিৰে ভৰি পৰে ৷ পিছে সকাহৰ কথা এয়ে যে, কুকুৰটোৰ ইতিমধ্যে মৃত্যু ঘটিছে ৷

লগতে পঢ়ক: শোকাৱহ ! গছ পৰি থিতাতে মৃত্যু এজনৰ - Heavy storm in Bongaigaon

Last Updated : May 22, 2024, 12:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.