ETV Bharat / state

বিহু উদযাপন কৰি এঘৰীয়া হ’ল 20টা পৰিয়াল; বিহা হ’ল জৰিমনাও - Boycott from Society - BOYCOTT FROM SOCIETY

SIPAJHAR FAMILY BOYCOTT: আন সম্প্ৰদায়ৰ লগত একত্ৰিত হৈ বিহু উদযাপন কৰাৰ অপৰাধত এঘৰীয়া প্ৰায় ২০ টা পৰিয়ালক । ১০ হাজাৰ টকাৰ জৰিমনা । সৃষ্টি হৈছে তীব্য প্ৰতিক্ৰিয়াৰ ৷

SIPAJHAR FAMILY BOYCOTT
বিহু উদযাপন কৰি এঘৰীয়া হ’ল 20টা পৰিয়াল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 8:03 PM IST

বিহু উদযাপন কৰি এঘৰীয়া হ’ল 20টা পৰিয়াল (ETV Bharat Assam)

ছিপাঝাৰ, ১৬ মে’ : বিহু অসমীয়া জাতিৰ সমন্বয়ৰ প্ৰতীক ৷ কিন্তু এইখন অসমতে বিহু চোৱাৰ অপৰাধত এঘৰীয়া কৰা হ’ল ২০ টাকৈ পৰিয়ালক ৷ আন সম্প্ৰদায়ৰ সৈতে বিহু চোৱাৰ অপৰাধত এঘৰীয়া কৰি জৰিমনা বিহাৰ দৰে লজ্জাজনক ঘটনা সংঘটিত হৈছে ৷

অতীতৰে পৰা বিহুৱে অসমত সকলো জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে ৷ একতাৰ ডোলেৰে অসমীয়া জাতিক একত্ৰিত কৰি ৰখাৰ সময়তে মঙলদৈ জিলাৰ ছিপাঝাৰৰ বামুণঝাৰত দেখা গৈছে এক বিপৰীত ছবি । এটা সম্প্ৰদায়ৰ একাংশ লোকে আন সম্প্ৰদায়ৰ লোকে আয়োজন কৰা বিহু অনুষ্ঠানত সহযোগ কৰাৰ বাবেই এতিয়া এঘৰীয়া কৰাৰ দৰে ঘটনা সংঘটিত হৈছে ।

ছিপাঝাৰৰ বামুণঝাৰত বামুণঝাৰ ৰাংঢ়ালী মহিলা বিহু সমিতিয়ে প্ৰতিবাৰৰ দৰে এইবাৰো সাৰ্বজনীন সহযোগিতাৰে অলপতে আয়োজন কৰিছিল বিহু অনুষ্ঠান । অঞ্চলটোৰ প্ৰায় ৬টা সম্প্ৰদায়ৰ লোকে একত্ৰিত উদযাপন কৰা বিহুত সহযোগ কৰাৰ বাবে বিভাজন নাথ সম্প্ৰদায়ৰ মাজত ।

নাথ সমাজৰ একাংশ লোকে এই বিহুত সহযোগ কৰাত বাধা আৰোপ কৰিছিল । কিন্তু এই বাধা নামানি ২০ টা পৰিয়ালে বিহুত সহযোগিতা কৰি অংশগ্ৰহণ কৰে । বিহুত অংশগ্ৰহণ কৰা এই পৰিয়ালকেইটাক নাথ সমাজৰ তৰফৰ পৰা এঘৰীয়া কৰাৰ লগতে ১০,০০০ টকাকৈ জৰিমনা আৰোপ কৰে ।

১০ হাজাৰ টকা নিদিলে এবছৰলৈ এঘৰীয়া কৰাৰ কথা জনাইছে ভুক্তভুগী পৰিয়ালকেইটাই । এই ঘটনাই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ । ভুক্তভুগী পৰিয়ালকেইটাৰ লগতে আন সকলোৱে এই ঘটনাক গৰিহণা দিছে । তদুপৰি পূৰ্বৰ দৰে জাতি-ভেদ নিৰ্বিশেষে একত্ৰিত হৈ থাকিবলৈ আহ্বান জনাইছে লোকসকলে ৷

লগতে পঢ়ক: গাহৰি পালন কৰা বাবেই আকৌ সমাজে বৰ্জন কৰিলে এটা পৰিয়ালক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.