ETV Bharat / state

৫ দিনৰ ভিতৰত বেনাৰ হ’ব লাগিব অসমীয়াত : অনা-অসমীয়াক বিক্ৰী কৰিব নোৱাৰিব মাটি - Assamese Non Assamese Conflict

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 10:53 PM IST

Decisions against Non-Assamese in Moran : মৰাণত ১৭ টা সংগঠনৰ ৰাজহুৱা সভা ৷ ৫ দিনৰ ভিতৰত মৰাণৰ সকলো ব্যৱসায় প্ৰতিষ্ঠানৰ বেনাৰ-ফলক অসমীয়াত লিখাৰ সিদ্ধান্ত ৷ ব’হাগ বিহুৰ সাতদিনপৰ্যন্ত কোনো অনা অসমীয়া লোকে সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী হাতত ল’ব নোৱাৰিব ৷ মৰাণত কোনো অনা অসমীয়া লোকক মাটি বিক্ৰী কৰিব নোৱাৰিব ৷

Decisions against Non-Assamese in Moran
মৰাণত ১৭ টা সংগঠনৰ ৰাজহুৱা সভা (ETV Bharat Assam)

ডিব্ৰুগড়, ২৪ আগষ্ট : শিৱসাগৰ আৰু তিনিচুকীয়াত অসমীয়া-অনা অসমীয়া লোকৰ মাজত আৰম্ভ হোৱা সংঘাতৰ বিষয়টোৱে ৰাজ্যত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে ৷ ৰাজ্য চৰকাৰে অসমীয়া অনা অসমীয়াৰ নামত সংঘাতৰ সৃষ্টি নকৰি সকলোকে মিলাপ্ৰীতিৰে বাস কৰাৰ আহ্বান জনাইছে যদিও উজনি অসমত অসমীয়া-অনা অসমীয়াৰ মাজৰ সংঘাত যেন ক্ৰমাৎ বৃদ্ধি পাইছে ।

শনিবাৰে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ মৰাণত অনুষ্ঠিত হ’ল ১৭ টাকৈ জাতীয় দল-সংগঠনৰ এখন বিশাল ৰাজহুৱা সভা ৷ মৰাণৰ লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱনত অনুষ্ঠিত হোৱা অনুষ্ঠানত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ আলোচনা কৰাৰ সমান্তৰালভাৱে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা সম্পৰ্কত আলোচনা কৰা হয় ৷

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা ক্ষীৰোদ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনত অসমীয়া যুৱমঞ্চ, অসমীয়া মহিলাৰ মঞ্চ, বীৰ লাচিত সেনা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম চাব্বাছ জনজাতি ছাত্ৰ সন্থা, গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদ, চুতীয়া জাতি যুৱ সন্মিলন, সদৌ তাই আহোম ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, তাই আহোম যুৱ পৰিষদ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থা আৰু আহোম সেনাৰ নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে ।

উক্ত সভাত শিৱসাগৰৰ এগৰাকী নাবালিকা তথা ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈক ৰাজপথত অনা অসমীয়াই শাৰীৰিকভাৱে আক্ৰমণ কৰা ঘটনাৰ দোষীক কঠোৰ শাস্তি দিবলৈ দাবী জনোৱাৰ লগতে শিৱসাগৰ ঘটনাক লৈ মাৰোৱাৰী যুৱমঞ্চই ক্ষমা নোখোজা পৰ্যন্ত মৰাণত মাৰোৱাৰী যুৱমঞ্চ বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

কেৱল ইমানেই নহয়, সভাত ৰাজহুৱাভাৱে কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় । সেই অনুসৰি অহা ৫ দিনৰ ভিতৰত মৰাণৰ সকলো ব্যৱসায় প্ৰতিষ্ঠানৰ বেনাৰ-ফলক অসমীয়াত লিখা হ’ব লাগিব । ব’হাগ বিহুৰ সাতদিন নোযোৱা পৰ্যন্ত কোনো অনা অসমীয়া লোকে ৰাজহুৱা অনুষ্ঠানৰ কাৰ্যসূচী ল’ব নোৱাৰিব ৷ মৰাণৰ আশে পাশে কোনো অনা অসমীয়া লোকক মাটি বিক্ৰী কৰিব নোৱাৰিব ।

তদুপৰি স্মাৰ্ট মিটাৰৰ সন্দৰ্ভতো আলোচনা কৰা হয় । স্মাৰ্ট মিটাৰে যিধৰণৰে সাধাৰণ ৰাইজক সমস্যাত পেলাইছে তাৰ বিৰোধিতা কৰি স্মাৰ্ট মিটাৰ ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ইয়াৰ উপৰিও অনা অসমীয়া লোকে অসমীয়া লোকৰ ওপৰত কৰা নিৰ্যাতনক লৈ শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

লগতে পঢ়ক : মহিলা ব্যৱসায়ীক ভাবুকি : এইবাৰ গোলাঘাটত অনা অসমীয়া ব্যৱসায়ীয়ে খুজিলে ক্ষমা

তিনিচুকীয়াত অনা অসমীয়াই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে অসমীয়া যুৱকক

অনা-অসমীয়া বণিয়াৰ টিঘিলঘিলনি : উত্তপ্ত তিনিচুকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.