ETV Bharat / state

অকৰ্মণ্য কৃষি বিভাগ! পথাৰ এৰি নেদেখাজনৰ ভৰষাত ৰাজ্যৰ কৃষক - assam Agriculture Department - ASSAM AGRICULTURE DEPARTMENT

Assam Agriculture Department: বৰষুণৰ কামনাৰে কৃষকে কৰিছে পূজা-পাতল আৰু ভেকুলীৰ বিয়া ৷ জলসিঞ্চন প্ৰকল্পবোৰ অকাৰ্যক্ষম হৈ থকাৰ ফলত সমস্যাত পৰিছে ৰাজ্যৰ কৃষক । বৰষুণৰ অভাৱত পথাৰবোৰত ছিৰাল ফাঁট দিয়াত মূৰে-কপালে হাত দিবলগীয়াত পৰিছে কৃষক ।

1585 out of 3919 irrigation projects of assam have failed
সমস্যাত ৰাজ্যৰ কৃষক (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 9:24 PM IST

গুৱাহাটী, 22 মে': কৃষি প্ৰধান ৰাজ্য অসমত এতিয়াও বতৰৰ ওপৰতে নিৰ্ভৰশীল কৃষকে । বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰি কৃষকে পথাৰত কৃষি কাৰ্য কৰিবলগীয়া হয় । কিন্তু বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ বাবে ক্ষতিগ্ৰস্ত হৈছে কৃষকসকল ।

1585 out of 3919 irrigation projects of assam have failed
সমস্যাত ৰাজ্যৰ কৃষক (Etv bharat assam)

বৰষুণ হ্ৰাস:

অসমত উদ্বেগজনকভাৱে হ্ৰাস পাইছে বৰষুণ । পানীৰ অভাৱত জেঠ মাহতো পথাৰত নামিব পৰা নাই কৃষক ৰাইজ । পথাৰবোৰত ছিৰাল ফাঁট দিয়াত মূৰে-কপালে হাত দিবলগীয়া হৈছে কৃষকে । আনকি বহু অঞ্চলত কৃষকে বৰষুণৰ বাবে ভেকুলীৰ বিয়াও পাতিছে ।

অকাৰ্যক্ষম জলসিঞ্চন প্ৰকল্প (Etv bharat assam)

সংকটৰ সন্মুখীন কৃষক:

লক্ষণীয় বিষয় যে, যি সময়ত চৰকাৰে কৃষকৰ আয় দুগুণ কৰাৰ কথা কৈ আহিছে সেই সময়তে ৰাজ্যৰ কৃষিখণ্ডৰ এই অৱস্থা । জলসিঞ্চনৰ ব্যৱস্থা নথকাত ৰাইজে বৰষুণৰ কামনাৰে পূজা-পাতল নাইবা ভেকুলীৰ বিয়া পাতিবলৈ বাধ্য হৈছে । অসমৰ দৰে কৃষি প্ৰধান ৰাজ্য এখনৰ কৃষকে বৰষুণৰ ওপৰত নিৰ্ভৰশীল হৈ থকাৰ সময়তে পঞ্জাৱ, হাৰিয়ানা আদি দেশৰ বিভিন্ন ৰাজ্যৰ কৃষকে 12 মাহেই পথাৰত পানী লাভ কৰে ।

অকাৰ্যক্ষম জলসিঞ্চন প্ৰকল্প:

চৰকাৰী তথ্য অনুসৰি ৰাজ্যখনত থকা জলসিঞ্চন প্ৰকল্পৰ সংখ্যা হৈছে 3919 টা । ইয়াৰে 1585 টাই কাৰ্যক্ষম হৈ থকা নাই । আনহাতে ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থাটো ত্বৰান্বিত কৰিবলৈ গ্ৰহণ কৰা কেন্দ্ৰীয় চৰকাৰৰ ‘প্রধানমন্ত্রী কৃষি সিঁচাই যোজনা' আৰু ‘হৰ খেত কো পানী' নামৰ আঁচনি দুখনো অসমত একপ্ৰকাৰ ব্যৰ্থ হৈছে ।

চৰকাৰী তথ্য মতে বৰ্ত্তমান সময়ত ৰাজ্যখনত কৃষিকাৰ্য হোৱা মুঠ ভূমিৰ পৰিমাণ হৈছে 38.88 লাখ হেক্টৰ । ইয়াৰে মাত্ৰ 11.03 লাখ হেক্টৰ ভূমিকহে জলসিঞ্চন ব্যৱস্থাই সামৰি ল'বলৈ সক্ষম হৈছে যদিও বাস্তৱত পানী যোগান ধৰা ভূমিৰ পৰিমাণ হৈছে মাত্র 5.5 লাখ হেক্টৰ । ৰাজ্যৰ মাত্র 14 শতাংশ কৃষিভূমিতহে জলসিঞ্চন বিভাগৰ আঁচনিৰ দ্বাৰা বৰ্তমান জলসিঞ্চনৰ ব্যৱস্থা আছে ।

লগতে পঢ়ক: জলসিঞ্চন ব্যৱস্থাৰ পৰা আজিও বঞ্চিত ৰাজ্যৰ চাহ বাগিচাসমূহ

উল্লেখ্য যে চৰকাৰে ৰাজ্যৰ 100 শতাংশ কৃষিভূমিত জলসিঞ্চন কৰিব বুলি প্রতিশ্রুতি দিছিল যদিও এইপর্যন্ত মাত্র 14 শতাংশ কৃষিভূমিতহে জলসিঞ্চনৰ যোগান ধৰিছে । চৰকাৰী তথ্য মতে বর্তমান জলসিঞ্চন বিভাগৰ অধীনত ৰূপায়ণ কৰি থকা আঁচনিসমূহ হৈছে বোৱঁতী জলসিঞ্চন প্রকল্প, বৈদ্যুতিক উত্তোলক জলসিঞ্চন প্রকল্প, গভীৰ নলী-নাদ প্রকল্প, মধ্য গভীৰ নলী-নাদ প্ৰকল্প আৰু অগভীৰ নলী-নাদ প্রকল্প ।

জলসিঞ্চন ব্যৱস্থাৰ বাবে আৱণ্টিত ধন:

উল্লেখ্য যে জলসিঞ্চন ব্যৱস্থাৰ নামত প্ৰত্যেক বছৰে পুঁজি ব্যয় কৰি অহা হৈছে যদিও কৃষক ৰাইজ উপকৃত হোৱা নাই । বিগত তিনি বছৰত জলসিঞ্চন বিভাগলৈ মঞ্জুৰ কৰা মুঠ ধনৰ পৰিমাণ হৈছে 3,68,736.93 লাখ টকা । ইয়াৰ ভিতৰত 2021-22 বিত্তীয় বৰ্ষত 1,40,239.32 লাখ টকা, 2022-23 বিত্তীয় বৰ্ষত 1,25,177.29 লাখ টকা আৰু 2023-24 বিত্তীয় বৰ্ষত 1,03,320.32 লাখ টকাৰ মঞ্জুৰ কৰা হয় ।

লক্ষণীয় বিষয় যে, জলসিঞ্চনৰ সুব্যৱস্থা নথকাৰ বাবেই ৰাজ্যৰ কৃষক ৰাইজে বতৰৰ ওপৰতে নিৰ্ভৰ কৰি কৃষিকাৰ্য কৰিবলগীয়া হৈ আহিছে । ইফালে জলসিঞ্চনৰ আঁচনিসমূহ কাৰ্যক্ষম কৰি তোলাৰ ক্ষেত্রতো কোনো ধৰণৰ উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৰাজ্য চৰকাৰে । এনে পৰিস্থিতিত ৰাজ্যৰ কৃষকসকলে এতিয়া বৰষুণৰ বাবে বৰুণ দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰিবলগীয়া অৱস্থা হৈছে ।

ইফালে জলবায়ুৰ পৰিৱৰ্তনৰ ফলত এইবাৰ ৰাজ্যখনত বৰষুণৰ পৰিমাণ যথেষ্ট হ্রাস পাইছে । যাৰ ফলত ৰাজ্যৰ অৰ্থনীতিত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা চাহৰ উৎপাদনটো প্ৰভাৱ পৰিছে ।

লগতে পঢ়ক: কৃষি বিভাগৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনত আশাহত ৰাজ্যৰ কৃষক - assam Agriculture Department

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.