ETV Bharat / state

11 জুলাইত আছিল জন্মদিন : কাৰ ভুলৰ বাবে আকস্মিক মৃত্যুক সাৱটিলে যোৰহাটৰ কণমানিটিয়ে - CHILD DEATH AT JMCH

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 6:40 PM IST

Controversy at JMCH : চিকিৎসাধীন অৱস্থাতে প্ৰাণ হেৰুৱালে যোৰহাটৰ এটি এঘাৰমহীয়া শিশুৱে ৷ ভুল চিকিৎসাৰ বলি হৈ শিশুটিৰ মৃত্যু হোৱা বুলি দাবী পৰিয়ালৰ ৷ ঘটনা সন্দৰ্ভত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত উত্তপ্ত পৰিস্থিতি ৷

CHILD DEATH AT JMCH
ভুল চিকিৎসাৰ অভিযোগ (ETV Bharat Assam)

যোৰহাট, 10 জুলাই : মাত্ৰ এটা বেজীয়ে থানবান কৰি দিলে যোৰহাটৰ এটা পৰিয়ালৰ সুখ-শান্তি ৷ হাঁহি-মাতি খেলা-ধূলা কৰি থকা এটি এঘাৰমহীয়া শিশুৰ কলকলনি চিৰদিনলৈ স্তব্ধ কৰি দিলে মাত্ৰ এটা বেজীয়ে ৷ শিশুটিয়ে বৃহস্পতিবাৰে ভৰি দিলেহেতেন এবছৰত ৷ যাৰ বাবে ঘৰখনত যো-জা চলিছিল জন্মদিন উদযাপনৰ ৷

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শিশুৰ মৃত্যু (ETV Bharat Assam)

পিছে নিয়তিয়ে পৰিয়ালটোৰ এই সুখকণ হয়তো সহ্য কৰিব পৰা নাছিল ৷ যাৰ বাবে পৰিয়ালটোৰ মাজৰ পৰা একমাত্ৰ সন্তানটিক কাঢ়ি নিলে চিৰদিনৰ বাবে ৷ ঘৰখনত জন্মদিনৰ ৰং বিয়পাৰ পৰিৱৰ্তে বিয়পিলে শোকৰ ক’লা ডাৱৰ ৷ নিথৰ দেহ হৈ ঘৰলৈ উভতি আহিল এঘাৰমহীয়া কণমানিটো ৷

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে যোৰহাটত ৷ ঘটনাৰ বিৱৰণী অনুসৰি, জিলাখনৰ চেউনি গাঁৱৰ মঞ্জিত দাস আৰু শিৱানী দাস নামৰ দম্পতীটোৰ এঘাৰমহীয়া কন্যা সন্তানটি তিনিদিন পূৰ্বে জ্বৰত আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে ভৰ্তি কৰাইছিল যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷

লগতে পঢ়ক: যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালক কেন্দ্ৰ কৰি চলা অপপ্ৰচাৰৰ বিৰুদ্ধে স্থিতি স্পষ্ট অধীক্ষকৰ - Jorhat Medical College Hospital

চিকিৎসকৰ তত্বাৱধানত থকাৰ পিচত ক্ৰমাৎ সুস্থ হ’বলৈ ধৰিছিল কন্যা শিশুটি ৷ বুধবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ যো-জা চলোৱা দম্পতীটোৰ কন্যা সন্তানটিক হাস্পতালখনৰ এগৰাকী নাৰ্চে পুৱাৰ ভাগত ককাকে কোলাত লৈ থকা অৱস্থাতে এটা বেজী দিবলগীয়া আছে বুলি কৈ বেজীটো দিয়ে ৷

পিছে বেজীটো শিশুটিৰ শৰীৰত প্ৰয়োগ কৰাৰ কিছুসময় পিচতে শিশুটিৰ শৰীৰটো ৰঙা পৰি যোৱাৰ লগতে মূৰ্ছা যায় ৷ এই মূৰ্ছা যোৱাৰ পিচত শিশুটিয়ে পুনৰ চকু দুটি মেলাৰ পৰিৱৰ্তে মৃত্যুক আঁকোৱালি লয় বুলি পৰিয়ালৰ লোকে উত্থাপন কৰিছে অভিযোগ ৷

লগতে পঢ়ক: যোৰহাটত মৃত্যুৰ কিৰিলি: তিনিটি শিশুৰ মৃত্যুৰ কাৰণ বৰ্ণনা J.M.C.Hৰ অধীক্ষকৰ - CHILDS DEATH AT JMCH

মূলতঃ ভুল চিকিৎসাৰ বলি হৈ শিশুটিয়ে প্ৰাণ হেৰুৱাই বুলি বাৰে বাৰে অভিযোগ উত্থাপন কৰে পৰিয়ালবৰ্গই ৷ মৃত শিশুটিৰ পৰিয়ালবৰ্গই হাস্পতাল কৰ্তৃপক্ষক শিশুটিৰ শৰীৰত কি বেজী প্ৰয়োগ কৰা হৈছিল বুলি একাধিকবাৰ প্ৰশ্ন কৰাৰ পাচতো কিন্তু লাভ নকৰিলে সদুত্তৰ ৷ তাৰ পৰিৱৰ্তে হাস্পতাল কৰ্তৃপক্ষই শিশুটিৰ নিথৰ দেহ চমজাই দিয়ে পৰিয়ালক ৷

শিশুটিৰ মৃত্যুৰ পিচতে উত্তপ্ত হৈ পৰে হাস্পতাল চৌহদ ৷ হাস্পতালত উপস্থিত একাংশ লোকে খিৰিকীৰ আইনা পৰ্যন্ত ভাঙি বিস্তৰ ক্ষতিসাধন কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ ইফালে, এই ঘটনাৰ তদন্ত ঘোষণা কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ মানৱজ্যোতি গোঁহাইয়ে ৷

আনহাতে, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰাও আৰম্ভ কৰা হৈছে ঘটনাটোৰ প্ৰাথমিক তদন্ত । প্ৰকৃততে কাৰ ভুলৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ’বলৈ পালে, তাৰ উচিত তদন্তৰ খাতিৰত চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষৰ ফালৰ পৰাও এজাহাৰ দাখিল কৰা হ’ব বুলি সদৰী কৰে অধ্যক্ষগৰাকীয়ে ৷

লগতে পঢ়ক: তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ গাত সৰি পৰিল চিলিং - Tinsukia Medical College Hospital

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.