ETV Bharat / sports

জিম্বাব’ৱেৰ বিৰুদ্ধে আফগানিস্তানৰ টেষ্ট দল ঘোষণা; তিনি বছৰৰ পিছত দললৈ প্ৰত্যাৱৰ্তন ৰছিদ খানৰ - ZIM VS AFG TEST SERIES

Afghanistan test squad for zimbabwe: তিনি বছৰৰ মূৰত দললৈ প্ৰত্যাৱৰ্তন লেগ স্পিনাৰ ৰছিদ খান ৷ সোমবাৰে আফগানিস্তানে ঘোষণা কৰে টেষ্ট দল ৷

ZIM VS AFG TEST SERIES
আফগানিস্তানৰ টেষ্ট দলৰ একাংশ (AFP PHOTO)
author img

By ETV Bharat Sports Team

Published : 2 hours ago

স্প’ৰ্টছ ডেস্ক: আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে জিম্বাব’ৱেৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাৰ বাবে 15 জনীয়া দলটোৰ ঘোষণা কৰিছে । প্ৰায় তিনিবছৰীয়া বিৰতিৰ মূৰত দললৈ প্ৰত্যাৱৰ্তন ঘটাইছে লেগ স্পিনাৰ ৰছিদ খানে ৷

শেষবাৰৰ বাবে খেলুৱৈগৰাকীয়ে 2021 চনত জিম্বাব’ৱেৰ বিৰুদ্ধে এখন টেষ্ট মেচত অংশগ্ৰহণ কৰিছিল ৷ উক্ত শৃংখলাটো 1-1 ব্যৱধানৰে অমীমাংসিতভাৱে সামৰণি পৰিছিল ৷ তাৰপিছত ৰছিদে বিশ্ৰামৰ লগতে আঘাতৰ বাবে বাংলাদেশ, শ্ৰীলংকা আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে আফগানিস্তানৰ পৰৱৰ্তী টেষ্ট মেচসমূহৰ পৰা বাদ পৰে ৷

জিম্বাব’ৱে ভ্ৰমণত ব্যস্ত আছে আফগানিস্তান

আফগানিস্তানৰ ক্ৰিকেট দলটো বৰ্তমান জিম্বাব’ৱে ভ্ৰমণত ব্যস্ত আছে ৷ এই ভ্ৰমণৰ সময়ত দলটোৱে বগা বলৰ শৃংখলাত অংশগ্ৰহণ কৰে ৷ ইতিমধ্যে ভ্ৰমণকাৰী দল আফগানিস্তানে তিনিখন মেচৰ টি-20 শৃংখলাটো 2-1 ব্যৱধানত দখল কৰিছে ৷

টি-20 শৃংখলাৰ সামৰণিৰ পিছত তিনিখন এদিনীয়া মেচৰ শৃংখলাত অংশগ্ৰহণ কৰিব দলটোৱে ৷ এই এদিনীয়া খেলসমূহ 17 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব । পৰৱৰ্তী সময়ত 26 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈ বুলাৱায়োত দুয়োটা দলৰ মাজত দুখন টেষ্ট মেচো অনুষ্ঠিত হ’ব ৷ শৃংখলাৰ প্ৰথমখন টেষ্ট 26 ডিচেম্বৰৰ পৰা আৰু দ্বিতীয়খন টেষ্ট 2 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব ।

হাছমাতুল্লাহ শ্বাহিদীৰ ওপৰত অধিনায়কৰ দায়িত্ব

হাছমাতুল্লাহ শ্বাহিদীয়ে জিম্বাব’ৱেৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট শৃংখলাত আফগানিস্তানৰ দলটোৰ অধিনায়কৰ দায়িত্ব বহন কৰিব ৷ আফগানিস্তানে এতিয়ালৈকে তিনিখন টেষ্ট মেচ জিকিছে, যাৰ ভিতৰত আছে 2021 চনত জিম্বাব’ৱেৰ বিৰুদ্ধে অনুষ্ঠিত এখন মেচ । আফগানিস্তানে বাওঁহতীয়া টপ অৰ্ডাৰ বেটছমেন ছেদিকুল্লাহ আতালকো দলত অন্তৰ্ভুক্ত কৰিছে, যি ইতিমধ্যে দলটোৰ হৈ এদিনীয়া আৰু টি-20 মেচ খেলিছে ।

দলটোত আছে সাতগৰাকী আনকেপড খেলুৱৈ

দলটোত সাতগৰাকী আনকেপড খেলুৱৈক ৰখা হৈছে ৷ যাৰ ভিতৰত আছে আজমতুল্লাহ উমাৰজাই, ফৰিদ আহমেদ মালিক আৰু ৰিয়াজ হাছান । প্ৰথম শ্ৰেণীৰ প্ৰতিযোগিতাত 723 ৰাণ সংগ্ৰহৰ লগতে 12 টা উইকেট দখল কৰাৰ পিছত যুৱ মিডিয়াম পেচাৰ ইছমত আলমক প্ৰথমবাৰৰ বাবে টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

ইয়াৰোপৰি ঘৰুৱা প্ৰথম শ্ৰেণীৰ খেলসমূহত কিছু আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়োৱাৰ পিছত বাওঁহতীয়া স্পিনাৰ জাহিৰ শ্বাহজাদ আৰু বাওঁহতীয়া ফাষ্ট বলাৰ বছিৰ আহমেদ আফগানকো দলত অন্তৰ্ভুক্ত কৰা হৈছে । নাছেৰ জামাল, জিয়াউৰ ৰহমান শ্বৰীফি আৰু ইব্ৰাহিম আব্দুল ৰহিমজাই হৈছে দলত অন্তৰ্উক্ত হোৱা আন তিনিগৰাকী খেলুৱৈ ৷

আফগানিস্তানৰ টেষ্ট দলটো

হাছমাতুল্লাহ শ্বাহিদী (অধিনায়ক), ৰহমত শ্বাহ (সহ অধিনায়ক), ইক্ৰাম আলিখিল (উইকেটকীপাৰ), আফছাৰ জাজাই (উইকেটকীপাৰ), ৰিয়াজ হাছান, চেদিকুল্লাহ আতাল, আব্দুল মালিক, বাহিৰ শ্বাহ মাহবুব, ইছমত আলম, আজমতুল্লাহ উমাৰজাই, জাহিৰ খান, জিয়া-উৰ-ৰহমান আকবৰ, জাহিৰ শ্বাহজাদ, ৰছিদ খান, য়ামিন আহমেদজাই, বছিৰ আহমেদ আফগান, নাভিদ জাদৰান আৰু ফৰিদ আহমেদ মালিক ।

লগতে পঢ়ক: কোনো শৃংখলাতে কৰিব নোৱাৰিব বলিং; আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ বিৰুদ্ধে নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.