ETV Bharat / sports

পাঁচ বছৰৰ পাছত আফগানিস্তানৰ বিৰুদ্ধে জিম্বাব’ৱেৰ দ্বিতীয়টো জয় - ZIM VS AFG 1ST T20

Zim vs afg 1st t20 score: 2019 চনত শেষবাৰৰ বাবে আফগানিস্তানৰ বিৰুদ্ধে টি-20 ৰ প্ৰথমখন মেচত জয়লাভ কৰিছিল জিম্বাব’ৱেই ।

Zim vs AFG 1st T20
আফগানিস্তান ক্ৰিকেট দল (ACB 'X' handle screen grab)
author img

By ETV Bharat Sports Team

Published : Dec 12, 2024, 1:25 PM IST

স্প’ৰ্টছ ডেস্ক: জিম্বাব’ৱে আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত প্ৰথমখন টি-20 মেচত জিম্বাব’ৱেৰ ৰোমাঞ্চকৰ জয় ৷ মেচখনৰ অন্তিমটো বলত জয় সাব্যস্ত কৰা দলটোৰ আফগানিস্তানৰ বিৰুদ্ধে এয়া দ্বিতীয়টো বিজয় ৷

হাৰাৰে স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত প্ৰথমখন মেচত জিম্বাব’ৱেই আফগানিস্তানক চাৰি উইকেটত পৰাস্ত কৰি দ্বি-পাক্ষিক শৃংখলাটোত 1-0 ৰ অগ্ৰগতি লাভ কৰে । শেষবাৰৰ বাবে দলটোৱে 2019 চনৰ 20 ছেপ্টেম্বৰত আফগানিস্তানৰ বিৰুদ্ধে জয়লাভ কৰিছিল ৷

ব্ৰায়ান বেনেটলৈ প্লেয়াৰ অৱ দ্য মেচৰ বঁটা

অলৰাউণ্ডাৰ ব্ৰায়ান বেনেটে এই খেলত কৰা সুন্দৰ প্ৰদৰ্শনৰ বাবে আগবঢ়োৱা হয় প্লেয়াৰ অৱ দ্য মেচৰ বঁটা ৷ ক্ৰিকেটাৰগৰাকীয়ে 49 ৰাণৰ ইনিংছ খেলি 20 অভাৰত 145 ৰাণৰ লক্ষ্যত উপনীত হোৱাত পালন কৰে গুৰুত্বপূৰ্ণ ভূমিকা ।

জিম্বাব’ৱে বনাম আফগানিস্তান প্ৰথম টি-20

খেলখনৰ পূৰ্বে ৰছিদ খানে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । অৱশ্যে দলটোৱে প্ৰথম অভাৰত শূন্য ৰাণতে হেৰুৱাই গুৰবাজৰ উইকেট ৷ এটা সময়ত দলটোৰ স্ক'ৰ আছিল 58/5 । কিন্তু তাৰপিছত কৰিম জানতে অপৰাজিত 54 ৰাণ আৰু মহম্মদ নবীয়ে 44 ৰাণ সংগ্ৰহ কৰি দলৰ ইনিংছ আগুৱাই নিয়াৰ দায়িত্ব গ্ৰহণ কৰে । দুয়োগৰাকীয়ে ষষ্ঠ উইকেটৰ যুটিত সংগ্ৰহ কৰে 79 ৰাণৰ অংশীদাৰিত্ব ৷ দলটোৱে মুঠ 144/6 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

145 ৰাণৰ লক্ষ্য আগত ৰাখি বেটিং কৰা জিম্বাব’ৱেৰ হৈ ব্ৰায়ান বেনেটে (49) আৰু ডায়েন মেয়াৰ্ছে (32) ৰাণৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে । আনহাতে, নবীন-উল-হকে তিনিটা উইকেট আৰু ৰছিদ খানে দুটা উইকেট দখল কৰে ।

এটা অভাৰত 13 বল নবীন উল হকৰ

আফগানিস্তানৰ পেচাৰগৰাকীয়ে তিনিটা উইকেট দখল কৰা স্বত্বেও প্ৰতিপক্ষৰ বেটছমেনক বহু অতিৰিক্ত ৰাণ দিয়া পৰিলক্ষিত হৈছিল ৷ এনেদৰে 13 টা বল প্ৰদান কৰা হৈছিল এটা অভাৰতে ৷ সোঁহতীয়া পেচাৰগৰাকীয়ে ছয়টা ৱাইড আৰু এটা নো-বল দিয়ে, যাৰ ফলত অভাৰটো দীঘলীয়া হৈছিল । তেওঁৰ দীঘলীয়া অভাৰবোৰেও জিম্বাব’ৱেৰ জয়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

জিম্বাব’ৱে বনাম আফগানিস্তানৰ মুখামুখি

জিম্বাব’ৱে আৰু আফগানিস্তানে এতিয়ালৈকে টি-20 ক্ৰিকেটত মুঠ 16 খন খেলত মুখামুখি হৈছে । য'ত জিম্বাব’ৱেই মাত্ৰ দুখন মেচ জিকাৰ বিপৰীতে আফগানিস্তানে 14 বাৰকৈ জয়ী হৈছিল ৷ শৃংখলাটোৰ দ্বিতীয়খন টি-20 মেচ 13 ডিচেম্বৰত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: অষ্ট্ৰেলিয়াত বলিং ধুমুহা ভাৰতীয় পেচাৰৰ; ধৰাশায়ী কেংগাৰু বাহিনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.