স্প’ৰ্টছ ডেস্ক, 4 ছেপ্টেম্বৰ: হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি চৰ্চিত হৈছে বহুকেইগৰাকী তাৰকা প্ৰাৰ্থীৰ নাম ৷ এই চৰ্চা অব্যাহত থকাৰ মাজতে বুধবাৰে বিৰোধী দলপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰে ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাট আৰু বজৰং পুনিয়াই ৷
ৰাহুল গান্ধীৰ সৈতে দুয়োগৰাকী মল্লযোদ্ধাই উঠা এখন ফটো বুধবাৰে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷ যাক লৈ এতিয়া সৰ্বত্ৰে চলিছে চৰ্চা ৷
नेता विपक्ष श्री @RahulGandhi से विनेश फोगाट जी और बजरंग पुनिया जी ने मुलाकात की। pic.twitter.com/UK7HW6kLEL
— Congress (@INCIndia) September 4, 2024
বজৰং পুনিয়া আৰু বিনেশ ফোগাটে কংগ্ৰেছত যোগদান কৰিব নেকি ?
ৰাহুল গান্ধীৰ সৈতে দুয়োগৰাকী মল্লযোদ্ধাৰ বৈঠকৰ পিছত উঠা ফটোখনে বিশেষ চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত ৷ দুয়োগৰাকী মল্লযোদ্ধাই কংগ্ৰেছত যোগদান কৰাৰ সন্দৰ্ভতো চলিছে চৰ্চা ৷ কংগ্ৰেছৰ হৈ টিকট প্ৰত্যাশী দুই খেলুৱৈয়ে সমাগত হাৰিয়ানা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথাও নুই কৰিব নোৱাৰি ৷ পেৰিছ অলিম্পিকৰ পৰা ঘৰলৈ অহাৰ পিছতে বিনেশ ফোগাটে ৰাজনীতিত যোগদান কৰিব বুলি প্ৰচাৰ হৈছিল এক খবৰ ৷ যি খবৰ প্ৰদান কৰিছিল খেলুৱৈগৰাকীৰে নিকটাত্মীয়ই ৷
কংগ্ৰেছে দুয়োগৰাকী মল্লযোদ্ধাক টিকট দিব নেকি ?
সূত্ৰ অনুসৰি, কংগ্ৰেছে দাদৰী বিধানসভা সমষ্টিৰ পৰা মল্লযোদ্ধা বিনেশ ফোগাটক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে । একে সময়তে দলটোৱে বদলী বিধানসভাৰ পৰা বজৰং পুনিয়াক প্ৰদান কৰিব পাৰে টিকট ।
দীৰ্ঘদিন ধৰি কংগ্ৰেছত যোগদানৰ আলোচনা
বিনেশ ফোগাটৰ অতিৰিক্ত ওজন সম্পৰ্কীয় বিতৰ্ক অব্যাহত থকাৰ মাজতে মল্লযোদ্ধাগৰাকীয়ে ঘোষণা কৰিছিল অৱসৰ ৷ ঘৰলৈ অহাৰ পিছত সেই কঠিন সময়ত মল্লযোদ্ধাগৰাকীৰ সৈতে উপস্থিত আছিল কংগ্ৰেছৰ সাংসদ দীপেন্দৰ সিং হুদা ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুদায়ো কৈছিল যে, যদি তেওঁৰ ওচৰত প্ৰয়োজনীয় ক্ষমতা থাকিলহেঁতেন, তেন্তে তেওঁ বিনেশ ফোগাটক ৰাজ্যসভালৈ পঠিয়ালেহেঁতেন ।
উল্লেখ্য যে, হাৰিয়ানাত 5 অক্টোবৰত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন । ফলাফলসমূহ 8 অক্টোবৰত ঘোষণা কৰা হ'ব ।