ETV Bharat / sports

স্পেইন গ্ৰাঁ প্ৰিৰ ফাইনেলত প্ৰৱেশ মল্লযুঁজাৰু বিনেশ ফ’গাটৰ - Wrestler Vinesh Phogat - WRESTLER VINESH PHOGAT

Wrestler Vinesh Phogat: পেৰিছ অলিম্পিকৰ পূৰ্বে ভাৰতৰ তাৰকা মল্লযুঁজাৰু বিনেশ ফ’গাটৰ আন এক সাফল্য ৷ ফ’গাটে কানাডাৰ কেটি ডাচকক ৯-৪ ত পৰাস্ত কৰি স্পেইন গ্ৰাঁ প্ৰিৰ ফাইনেলত প্ৰৱেশ কৰে । পঢ়ক সম্পূৰ্ণ খবৰ...

Wrestler Vinesh Phogat
স্পেইন গ্ৰাঁ প্ৰিৰ ফাইনেলত প্ৰৱেশ মল্লযুঁজাৰু বিনেশ ফ’গাটৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 11:00 PM IST

স্প’ৰ্টছ ডেস্ক, ৬ জুলাই : ভাৰতৰ দুবাৰৰ অলিম্পিয়ান বিনেশ ফ’গাটে শনিবাৰে গ্ৰাঁ প্ৰি অৱ স্পেইন আন্তঃৰাষ্ট্ৰীয় মহাদেশীয় মল্লযুঁজ চেম্পিয়নশ্বিপত মহিলাৰ ৫০ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ কৰে ।

শেষ মুহূৰ্তত স্পেনিছ ভিছা লাভৰ আবেদনৰ অন্তত পলমকৈ মাদ্ৰিদত উপস্থিত হোৱা আৰু যাত্ৰাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে ভিছা লাভ কৰা বিনেশে মহিলাৰ ৫০ কেজি শাখাত তিনিটা বাউটত সহজেই জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে ।

লগতে পঢ়ক: ৰেছলিং অলিম্পিক কোৱালিফায়াৰ ট্ৰায়েল: বিনেশ ফোগাটৰ নাটক !

ফাইনেলত তেওঁ মুখামুখি হ’ব প্ৰাক্তন ৰাছিয়ান মল্লযুঁজাৰু মাৰিয়া টিউমাৰেকোভা, যিয়ে এতিয়া ব্যক্তিগত নিৰপেক্ষ খেলুৱৈ (এআইএন)ক প্ৰতিনিধিত্ব কৰি আছে ।

টকিঅ’ অলিম্পিক গেমছত মহিলা ৫৩ কেজিত অংশগ্ৰহণ কৰিবলগীয়া বিনেশ ফ’গাটে দিনটোৰ আৰম্ভণিতে পেন আমেৰিকান আৰু চেণ্ট্ৰেল আমেৰিকান চেম্পিয়নশ্বিপৰ বিজয়ী কিউবাৰ ইউছনেলিছ গুজমেনৰ বিৰুদ্ধে ৰাউণ্ড ১ ত জয়লাভ কৰে । কিউবাৰ মল্লযুঁজাৰুগৰাকীক পইণ্টত ১২-৪ ত পৰাস্ত কৰে ভাৰতৰ তাৰকা মল্লযুঁজাৰু বিনেশ ফ’গাটে ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় মল্লযুঁজ চেম্পিয়নশ্বিপত স্বৰ্ণ জয় বিনেশ ফোগাটৰ

কোৱাৰ্টাৰ ফাইনেলত ২০২২ চনত বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত ৰূপৰ পদক বিজয়ী কানাডাৰ মেডিচন পাৰ্কছক পৰাস্ত কৰে হাৰিয়ানাৰ চৰখী দাদ্ৰীৰ ২৯ বছৰীয়া ৰিয়ানে । ছেমি ফাইনেলত বিনেশে আন এগৰাকী কানাডিয়ান খেলুৱৈ কেটি ডাচকক ৯-৪ ত পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে ।

স্পেইন গ্ৰাঁ প্ৰিৰ পিচত তেওঁ স্পেইনত অনুষ্ঠিত হ’বলগীয়া শিবিৰত অংশগ্ৰহণ কৰিব আৰু ২৬ জুলাইৰ পৰা ফ্ৰান্সৰ ৰাজধানী পেৰিছত আৰম্ভ হ’বলগীয়া বিশ্বৰ ক্ৰীড়া মহাৰণ পেৰিছ অলিম্পিক ২০২৪ গেমছৰ বহু আগতেই ফ্ৰান্সত উপস্থিত হ’ব । ১১ আগষ্টত অন্ত পৰিব পেৰিছ অলিম্পিক ২০২৪ ৰ ।

লগতে পঢ়ক: গ্ৰাঁ প্ৰি ২০২৪ : ৰূপৰ পদকতে সন্তুষ্ট থাকিল লাভলীনা - Grand Prix 2024 boxing tournament

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.