স্পৰ্টছ ডেস্ক,২৫ ফেব্ৰুৱাৰী : মহিলা প্ৰিমিয়াৰ লীগ আৰম্ভ হৈছে । শনিবাৰে মহিলা প্ৰিমিয়াৰ লীগৰ দ্বিতীয়খন খেল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ইউপি ৱাৰিয়ৰ্ছৰ মাজত অনুষ্ঠিত হয় । এই ৰোমাঞ্চকৰ খেলখনত বেংগালুৰুৱে ২ ৰাণত জয়লাভ কৰে । এই বিজয়ৰ নায়িকা আছিল বেংগালুৰুৰ বলাৰ শোভানা আশা । তেওঁ প্ৰভাৱশালী প্ৰদৰ্শনেৰে মহিলা প্ৰিমিয়াৰ লীগৰ এক অভিলেখো ৰচনা কৰিছে ।
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল । প্ৰথমে বেটিং কৰি বেংগালুৰুৱে ২০ অভাৰত ১৫৭ ৰাণ সংগ্ৰহ কৰে । বেংগালুৰুৰ হৈ চাবিনেনি মেঘনাই ৪৪ টা বলত ৫৩ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ উপৰিও উইকেটকীপাৰ ৰিচা ঘোষে ৩৭ টা বলত ৬২ ৰাণ সংগ্ৰহ কৰে । কেপ্টেইন মান্ধানাই ১৩ ৰাণ কৰি আউট হয় ।
১৫৭ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ইউপি ৱাৰিয়াৰ্ছ দলে ১৫৫ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । গ্ৰেছ হেৰিছে ইউপি ৱাৰিয়াৰ্ছৰ হৈ সৰ্বাধিক ৩৮ ৰাণ সংগ্ৰহ কৰে । ইউপি ৱাৰিয়াৰ্ছৰ বেটিং অৰ্ডাৰৰ মেৰুদণ্ড ভাঙি বলাৰ শোভানা আশাই ৫ টা উইকেট দখল কৰে ।
ইয়াৰ লগে লগে তেওঁ মহিলা প্ৰিমিয়াৰ লীগত প্ৰথম ৫ টা উইকেট দখল কৰাৰ ক্ষেত্ৰতো অভিলেখ গঢ়িবলৈ সক্ষম হয় । পূৰ্বে কোনো বলাৰে এখন মেচত ৫ টা উইকেট ল'ব পৰা নাছিল । তেওঁ ডব্লিউপিএলৰ দ্বিতীয় সংস্কৰণত এই অভিলেখ ৰচনা কৰা প্ৰথমগৰাকী বলাৰ হৈ পৰিছে শোভানা । ইয়াৰ পূৰ্বে শুকুৰবাৰে এক ৰোমাঞ্চকৰ খেলত মুম্বাই এ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অন্তিম বলত জয়লাভ কৰিছিল । মুম্বাইৰ বিজয়ৰ নায়িকা আছিল শেষ বলটোত এটা ছিক্সাৰ কোবোৱা সজীৱন সজনা ।
লগতে পঢ়ক :২২ মাৰ্চৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ আই পি এল; উদ্বোধনী মেচত CSK বনাম RCB