ETV Bharat / sports

ৱেষ্ট ইণ্ডিজ বনাম দক্ষিণ আফ্ৰিকা: দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনটোতে পতন 17 টাকৈ উইকেট - WI VS SA 2ND TEST

author img

By ETV Bharat Sports Team

Published : Aug 16, 2024, 6:15 PM IST

17 wickets Fall On WI vs SA 2nd test: গায়ানাৰ প্ৰভিন্স ষ্টেডিয়ামত আৰম্ভ হৈছে দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ দ্বিতীয়খন টেষ্ট মেচ ৷ এই মেচৰ প্ৰথম দিনটোতে পিটচত আধিপত্য বিস্তাৰ কৰে দুয়োদলৰ পেচাৰে ৷ মেচখনৰ আৰম্ভণিৰ দিনটোতে পতন ঘটিছে 17 টাকৈ উইকেটৰ ৷

WI VS SA 2ND TEST
ৱেষ্ট ইণ্ডিজ বনাম দক্ষিণ আফ্ৰিকা (AFP PHOTO)

স্প’ৰ্টছ ডেস্ক, 16 আগষ্ট: দক্ষিণ আফ্ৰিকাৰ দলটো বৰ্তমান ৱেষ্ট ইণ্ডিজ ভ্ৰমণত ব্যস্ত ৷ দলটোৱে বৰ্তমান আয়োজক দল ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলা খেলি আছে । শৃংখলাটোৰ প্ৰথমখন মেচ ড্ৰ হোৱাৰ পিছত দ্বিতীয়খন মেচ গায়ানাত আৰম্ভ হৈছে বৃহস্পতিবাৰৰ পৰা ৷

ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ এই দ্বিতীয়খন টেষ্ট মেচ উপনীত হৈছে আকৰ্ষণীয় পৰ্যায়ত ৷ এই মেচখনৰ প্ৰথম দিনটোতে পতন ঘটিছে 17 টাকৈ উইকেটৰ ৷ দুয়োটা দলৰে পেচাৰসকলে পিটচত আধিপত্য বিস্তাৰ কৰা পৰিলক্ষিত হৈছে ৷ এই মেচখন অনুষ্ঠিত হৈছে গায়ানাৰ প্ৰভিন্স ষ্টেডিয়ামত ৷

এই মেচখনত টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা দক্ষিণ আফ্ৰিকাই দিনান্তত সংগ্ৰহ কৰে 160 ৰাণ ৷ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে 7 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 97 ৰাণ ৷

শ্বামাৰ যোছেফৰ 5 উইকেট দখল

আয়োজক দল ৱেষ্ট ইণ্ডিজৰ দ্ৰুত বলাৰসকল আৰম্ভণিৰে পৰা মূৰৰ কামোৰণি হৈ পৰিছিল দক্ষিণ আফ্ৰিকাৰ বাবে । দলটোৱে মাত্ৰ এক ৰাণতে হেৰুৱাই অপেনাৰ টনি ডিজৰ্জৰ উইকেট ৷ জাইডেন চিলছে দখল কৰে এই উইকেট ৷

পৰৱৰ্তী সময়ত শ্বামাৰ যোছেফ মাৰ্কৰাম আৰু অধিনায়ক বাভুমাক তিনিটা বলৰ ব্যৱধানত আউট কৰে । তাৰপিছত ক্ৰিজলৈ অহা কোনো এজন বেটছমেনে ৱেষ্ট ইণ্ডিজৰ বিধ্বংসী বলাৰসকলৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে ৷ যাৰ বাবে দক্ষিণ আফ্ৰিকাই দিনান্তত 97 ৰাণ সংগ্ৰহৰ বিনিময়ত হেৰুৱাই 9 টাকৈ উইকেট ৷

অন্তিম উইকেটত ডেন পিয়েট আৰু নান্দ্ৰে বাৰ্জাৰৰ অংশীদাৰীত্বৰে দলটোৱে সংগ্ৰহ কৰে 63 ৰাণ ৷ পিটে দলটোৰ হৈ 38 ৰাণ সংগ্ৰহ কৰে । বছৰটোৰ আৰম্ভণিতে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰা ৱেষ্ট ইণ্ডিজৰ হৈ বিধ্বংসী বলিং বিক্ৰমৰে শ্বামাৰ জোছেফে লাভ কৰিছিল 5 টাকৈ উইকেট ৷ আনহাতে, চিলেছেও লাভ কৰিছিল 3 টা উইকেট ৷

বিয়ান মুল্ডাৰৰ সন্মুখত ধূলিসাৎ ৱেষ্ট ইণ্ডিজৰ বেটছমেন

গায়ানা টেষ্টত মাত্ৰ 160 ৰাণতে সামৰণি পৰে দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছ ৷ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজৰ দলটোৱে বেটছমেনসকলৰ পৰা আশা কৰিছিল উন্নত প্ৰদৰ্শন । অৱশ্যে দক্ষিণ আফ্ৰিকাৰ হৈ প্ৰথম দিনাৰ খেলত ৱিয়ান মুল্ডাৰৰ বিস্ফোৰক বলিং পৰিলক্ষিত নহ’ল ৷ ভিয়ানে প্ৰথম দিনাৰ মেচত মাত্ৰ 6 অভাৰ বলিং কৰি 18 ৰাণৰ ব্যয়সাপেক্ষে দখল কৰিছিল 4 টা উইকেট ৷

ৱেষ্ট ইণ্ডিজৰ অধিনায়ক ক্ৰেগ ব্ৰেথৱেটৰ লগতে ৱিয়ানেও আলিক আথানাজ, কেভেম হজ আৰু যিহোচুৱা ডি চিলভাৰ উইকেট দখল কৰে । প্ৰথম দিনাৰ মেচত দক্ষিণ আফ্ৰিকাৰ হৈ ভিয়ানৰ উপৰিও নন্দ্ৰে বাৰ্জাৰে দুটা আৰু কেশৱ মহাৰাজে এটা উইকেট দখল কৰে ।

দুটা সংখ্যাত উপনীত হোৱাত ব্যৰ্থ 10 গৰাকী বেটছমেন

গায়ানা টেষ্টৰ প্ৰথম দিনা পিটচত আধিপত্য বিস্তাৰ কৰে বলাৰসকলে ৷ দুয়োটা দলৰে মুঠ 10 গৰাকী বেটছমেনে দুটা সংখ্যাৰ স্ক’ৰ কৰাত ব্যৰ্থ হয় । তাৰ ভিতৰত 5 গৰাকী বেটছমেনে শূন্যতে আউট হৈ পেভিলিয়নমুখী হয় ৷

  • দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছ: 160 (ডেন পিয়েট 38*, ডেভিড বেডিংহাম 28)
  • ৱেষ্ট ইণ্ডিজৰ বলিং: (শ্বামাৰ জোচেফ 5-33, জাইডেন চিলেছ 3-45)
  • ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছ: 97/7 (জেচন হোল্ডাৰ 33*, কে চি কাৰ্টী 26)
  • দক্ষিণ আফ্ৰিকাৰ বলিং: ৱিয়ান মুল্ডাৰ 4-18, আন্দ্ৰে বাৰ্জাৰ 2-32)
  • অগ্ৰগতি: দক্ষিণ আফ্ৰিকা 63 ৰাণত আগবাঢ়ি আছে

লগতে পঢ়ক: পাকিস্তানী খেলুৱৈৰ সলনি যশপ্ৰীত বুমৰাহক প্ৰিয় দ্ৰুত বলাৰ আখ্যা ৱাছিম আক্ৰামৰ - WASIM AKRAM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.