ETV Bharat / sports

ভাৰত বনাম দক্ষিণ আফ্ৰিকা; বৰুণ দেৱতাৰ ওপৰতে এতিয়া ভৰসা - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 12:13 PM IST

T20 World Cup 2024: ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ ফাইনেলত বৰষুণৰ লগতে ধুমুহাৰ আশংকা কৰা হৈছে । বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ধুমুহা-বজ্ৰপাতৰ সম্ভাৱনা ৷ শনিবাৰে খেল বাতিল হ'লেও দেওবাৰে সংৰক্ষিত দিনত খেল অনুষ্ঠিত হ'ব ।

T20 World Cup 2024
ভাৰত বনাম দক্ষিণ আফ্ৰিকা (AP PHOTOS)

স্প’ৰ্টছ ডেস্ক,২৯ জুন : আজি বাৰ্বাডোছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ফাইনেল খেল অনুষ্ঠিত হ'ব । কিন্তু প্ৰতিকূল বতৰে খেলখনত বিধি-পথালি দিব নেকি ? কিয়নো বাৰ্বাডোছত ক্ৰান্তীয় ধুমুহাৰ আগজাননী দিছে বতৰ বিজ্ঞানে । দুদিন ধৰি অঞ্চলটোত ধুমুহাৰ আগজাননী দিয়া হৈছে । যাৰ বাবে খেলুৱৈ, দৰ্শক তথা অনুৰাগীসকল উদ্বিগ্ন হোৱা দেখা গৈছে ।

স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে শনিবাৰে বাৰ্বাডোছৰ বতৰৰ পৰিস্থিতি ডাৱৰীয়া হোৱাৰ লগতে বতাহ আৰু ঠায়ে ঠায়ে বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে । পুৱাৰ ভাগতে বতৰে বিধি-পথালি দিব পাৰে । ৯৯ শতাংশ ডাৱৰীয়া আৰু বজ্ৰপাতৰ ৪৭ শতাংশ সম্ভাৱনাও আছে ।

এনে পৰিস্থিতিত খেলৰ পূৰ্বে টছৰ ওপৰতো দল দুটাই যথেষ্ট নিৰ্ভৰ কৰিব লাগিব । অৱশ্যে শনিবাৰে প্ৰতিকূল বতৰৰ বাবে খেল অনুষ্ঠিত কৰিব নোৱাৰিলেও ৩০ জুন অৰ্থাৎ দেওবাৰে খেল আয়োজনৰ বাবে অতিৰিক্ত এটা দিন সংৰক্ষিত ৰখা হৈছে । কিন্তু এই সংৰক্ষিত দিনটো যদি খেল অনুষ্ঠিত কৰিব নোৱাৰে তেনেহ'লে ভাৰত আৰু দক্ষিণ আফ্ৰিকাক যুটীয়াভাৱে বিজয়ী ঘোষণা কৰা হ'ব ।

উল্লেখ্য যে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল আৰু এডেন মাৰ্ক্ৰামৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাৰ দলটো এতিয়ালৈকে প্ৰতিযোগিতাখনত অপৰাজিত হৈ আছে । আনহাতে মেন ইন ব্লুৱে গায়ানাত অনুষ্ঠিত ছেমি ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডক ৬৮ ৰাণত পৰাস্ত কৰি শীৰ্ষ সন্মিলনত অৱতীৰ্ণ হয় আৰু দক্ষিণ আফ্ৰিকাই প্ৰথম খন ছেমি ফাইনেলত আফগানিস্তানক পৰাস্ত কৰে ।

ইফালে আইচিচি বিশ্বকাপত এয়া দক্ষিণ আফ্ৰিকাৰ প্ৰথম খন ফাইনেল হ'ব আৰু তেওঁলোকে আকাংক্ষিত ট্ৰফী লাভ কৰিবলৈ আগ্ৰহী হ'ব । ভাৰতেও ২০১৩ চনত আইচিচি ট্ৰফী লাভ কৰিছিল । মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত দলটোৱে আইচিচি চেম্পিয়নছ ট্ৰফী দখল কৰিছিল । যাৰ বাবে ভাৰতীয় দলটোৱে যিকোনো প্ৰকাৰে ট্ৰফী লাভ কৰিবলৈ প্ৰয়াস কৰিব ।

লগতে পঢ়ক :ভাৰতীয় ক্ৰিকেট দলৰ ডায়নামিক 7 ; শৰ্মাৰ নেতৃত্ব, কোহলীৰ সংকল্প, পাণ্ডিয়াৰ বহুমুখী প্ৰতিভাই ট্ৰফী জয়ত কৰিব সহায় - T20 World Cup 2024

লগতে পঢ়ক :টি-২০ বিশ্বকাপৰ ফাইনেলত বৰষুণৰ সম্ভাৱনা: খেল বাতিল হ’লে কোন হ’ব বিজয়ী ? - T20 World Cup 2024 final

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.