ETV Bharat / sports

চেম্পিয়নছ ট্ৰফীক লৈ অনুৰাগীয়ে সোধা প্ৰশ্নৰ উত্তৰত কি ক’লে সূৰ্যকুমাৰ যাদৱে ? ভিডিঅ’ ভাইৰেল - CHAMPIONS TROPHY 2025

Suryakumar Yadav Viral Video: এজন অনুৰাগীয়ে সূৰ্যকুমাৰ যাদৱক ভাৰতে চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰাৰ বিষয়ে সুধিছিল। যাৰ উত্তৰত তেওঁ দিছিল।

CHAMPIONS TROPHY 2025
সূৰ্যকুমাৰ যাদৱ (AFP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 12, 2024, 3:53 PM IST

স্প’ৰ্টছ ডেস্ক: আই চি চি চেম্পিয়নছ ট্ৰফী 2025 ৰ আয়োজকৰ দায়িত্বত আছে পাকিস্তান ৷ চুবুৰীয়া দেশখনত এই প্ৰতিযোগিতাখনৰ প্ৰস্তুতি যুদ্ধংদেহী ৰূপত চলি আছে । কিন্তু, ভাৰতে আই চি চি ইভেণ্টটোৰ বাবে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰাত বৃহৎ বিফলতাৰ সন্মুখীন হৈছে দেশখন ।

ভাৰতে পাকিস্তানলৈ নোযোৱাৰ সন্দৰ্ভত বিতৰ্ক

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বি চি চি আই) চেম্পিয়নছ ট্ৰফী 2025 ৰ বাবে টীম ইণ্ডিয়াক পাকিস্তানলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লৈছে ৷ এই সিদ্ধান্ত ৰাজহুৱা হোৱাৰ লগে লগে অনুৰাগী আৰু প্ৰাক্তন ক্ৰিকেটাৰসকলৰ মাজত বিষয়টো সন্দৰ্ভত এক ডাঙৰ বিতৰ্ক আৰম্ভ হয় ।

বি চি চি আইয়ে কৈছিল যে, নিৰাপত্তাজনিত কাৰণত এই ভ্ৰমণ সম্ভৱ নহয় । যাৰ পিছত বহুতো প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰে কয় যে, এই দেশখন ভাৰতীয় খেলুৱৈসকলৰ বাবে যিমান সুৰক্ষিত হ'ব লাগে, সিমানে সুৰক্ষিত । অৱশ্যে, এই বিষয়টো এতিয়া উপ-মহাদেশতে সীমাবদ্ধ নহয় ৷ দক্ষিণ আফ্ৰিকাৰ অনুৰাগীসকলেও এই বিষয়টো আলোচনা কৰি আছে ।

অনুৰাগীয়ে সূৰ্যক সুধিছিল- কিহৰ বাবে নাহে পাকিস্তানলৈ ?

টীম ইণ্ডিয়া বৰ্তমান 4 খন খেলৰ টি-20 শৃংখলাটোৰ বাবে দক্ষিণ আফ্ৰিকা ভ্ৰমণত ব্যস্ত আছে । কিন্তু, অনুৰাগীসকলে জানিব বিচাৰে যে, টীম ইণ্ডিয়াই চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তান ভ্ৰমণ নকৰে কিয় । দক্ষিণ আফ্ৰিকাত ভাৰতৰ টি-20 অধিনায়ক সূৰ্যকুমাৰ যাদৱক এজন অনুৰাগীয়ে এই সন্দৰ্ভত প্ৰশ্ন কৰে ৷ লগতে টীম ইণ্ডিয়াই কিহৰ বাবে পাকিস্তানলৈ নাযায়, তাৰ প্ৰকৃত কাৰণ প্ৰকাশ কৰিবলৈ অনুৰোধ কৰে ।

এগৰাকী অনুৰাগীয়ে সূৰ্যকুমাৰক সুধিছিল, "আপুনি মোক এটা কথা ক'ব পাৰিবনে, আপুনি পাকিস্তানলৈ কিয় নাহে?"

ইয়াৰ উত্তৰ সূৰ্যই সততাৰে উত্তৰ দি কয় যে, এয়া খেলুৱৈসকলৰ হাতত থকা বিষয় নহয় । তেওঁ লগতে কয় যে, "আৰে ভাই, আমাৰ হাতত থাকিলেহে"। অনুৰাগী আৰু সূৰ্যৰ এই প্ৰশ্ন-উত্তৰৰ ভিডিঅ’ ব্যাপক ৰূপত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ।

শৃংখলাত 1-1 ব্যৱধানত সমতা স্থাপন ভাৰত-দক্ষিণ আফ্ৰিকাৰ

ভাৰত আৰু আয়োজক দেশ দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'বলগীয়া 4 খন খেলৰ টি-20 শৃংখলাত দুয়োটা দলে 1-1 ব্যৱধানত স্থাপন কৰিছে সমতা ৷ শৃংখলাটোৰ তৃতীয়খন মেচ বুধবাৰে চেঞ্চুৰিয়ানৰ চুপাৰস্প’ৰ্ট পাৰ্কত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 8.30 বজাৰ পৰা অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: পাকিস্তানৰ সলনি দক্ষিণ আফ্ৰিকাত হ’ব চেম্পিয়নছ ট্ৰফী !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.