ETV Bharat / sports

পাকিস্তানী খেলুৱৈৰ সলনি যশপ্ৰীত বুমৰাহক প্ৰিয় দ্ৰুত বলাৰ আখ্যা ৱাছিম আক্ৰামৰ - WASIM AKRAM

author img

By ETV Bharat Sports Team

Published : Aug 16, 2024, 4:45 PM IST

Wasim Akram calls Jasprit Bumrah is favourite: কোনো পাকিস্তানী খেলুৱৈক পছন্দ কৰাৰ পৰিৱৰ্তে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ৱাছিম আক্ৰামে ভাৰতৰ দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহক তেওঁৰ প্ৰথম পছন্দ হিচাপে নিৰ্বাচিত কৰিছে ৷ ইয়াৰ লগতে আক্ৰামে প্ৰিয় বেটছমেন কোন, সেয়াও মুকলিকৈ প্ৰকাশ কৰিছে ৷

WASIM AKRAM
পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ৱাছিম আক্ৰাম (ANI PHOTOS)

স্প’ৰ্টছ ডেস্ক, 16 আগষ্ট: প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ ৱাছিম আক্ৰামৰ দ্ৰুত বলিঙৰ ক্ষেত্ৰত প্ৰথম পছন্দ এজন ভাৰতীয় ক্ৰিকেটাৰ ৷ পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন দ্ৰুত বলাৰ আক্ৰামে এক সাক্ষাৎকাৰত অৱগত কৰিছিল প্ৰিয় দ্ৰুত বলাৰগৰাকীৰ বিষয়ে ৷ সমান্তৰালকৈ তেওঁ প্ৰকাশ কৰে পছন্দৰ বেটছমেনৰো নাম ৷ তাৎপৰ্যপূৰ্ণ কথা এয়ে যে, পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেট খেলুৱৈগৰাকীয়ে লোৱা নামৰ ভিতৰত নাই এজনো পাকিস্তানী ক্ৰিকেট খেলুৱৈৰ নাম ৷

এইগৰাকী ভাৰতীয় দ্ৰুত বলাৰ আক্ৰামৰ প্ৰিয়

শেহতীয়া এক টিভি সাক্ষাৎকাৰত পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কয়, "যদি মই কাৰোবাক বাছনি কৰিবলগা হয়, মোৰ উত্তৰ সম্ভৱতঃ মোৰ দেশবাসীয়ে পছন্দ নকৰিব । এই মুহূৰ্তত মোৰ প্ৰিয় দ্ৰুত বলাৰগৰাকী হৈছে যশপ্ৰীত বুমৰাহ । কাৰণ তেওঁ অনন্য ৷ তেওঁ তিনিওটা ফৰ্মেটৰ এজন উৎকৃষ্ট বলাৰ । সেয়েহে মই তেওঁৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হৈছোঁ" ৷

আক্ৰামৰ পছন্দৰ বেটছমেন কোন

আনহাতে, সাক্ষাৎকাৰটোত প্ৰিয় বেটছমেনগৰাকীৰ বিষয়ে সোধাত আক্ৰামে কয়, "মই ৯০ ৰ দশকত খেলিছিলো । মই ভাৰতৰ সুনীল গাভাস্কাৰ আৰু শচীন তেণ্ডুলকাৰ, নিউজিলেণ্ডৰ মাৰ্টিন ক্ৰ', অষ্ট্ৰেলিয়াৰ এলান বৰ্ডাৰ আৰু ৱেষ্ট ইণ্ডিজৰ ব্ৰায়ান লাৰাৰ সৈতেও খেলিছো ৷ কিন্তু ৱেষ্ট ইণ্ডিজৰ মহান ছাৰ ভিভিয়ান ৰিচাৰ্ডছ মোৰ প্ৰিয় ।

উল্লেখ্য যে, আই চি চিয়ে জুন মাহৰ বাবে ঘোষণা কৰা শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও লাভ কৰিছে ভাৰতীয় দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহে ৷ অধিনায়ক ৰোহিত শৰ্মাক পৰাস্ত কৰি দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহে এই বঁটা লাভ কৰিছিল । চলিত বৰ্ষৰ টি-20 বিশ্বকাপত ভাৰতৰ বিজয়ী অভিযানৰ নায়ক হিচাপেও আখ্যা দিয়া হৈছিল যশপ্ৰীত বুমৰাহক ৷

লগতে পঢ়ক: বুমৰাহ-মন্ধানা আই চি চিৰ জুন মাহৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত - ICC Player Of The Month Award

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.