ETV Bharat / sports

১৬ বছৰ অনুৰ্ধ ছোৱালীৰ ড্ৰাগছ সেৱন বিৰোধী প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা - প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা

অনুপম জীৱনৰ প্ৰথম বাৰ্ষিক ড্ৰাগছ সেৱন বিৰোধী ১৬ বছৰ অনুৰ্ধ ছোৱালীৰ প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা সম্পন্ন । এদিনীয়াকৈ আয়োজিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৬টা ভলীবল দলে ।

Prize money volleyball
ছোৱালীৰ প্ৰাইজমানি ভলীবল
author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 9:37 PM IST

গুৱাহাটী, ২৫ ফেব্ৰুৱাৰীঃ স্বেচ্ছাসেৱী সংগঠন 'অনুপম জীৱন'ৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় ১৬ বছৰ অনুৰ্ধ ছোৱালীৰ প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা । গুৱাহাটী মহানগৰীৰ জজ খেলপথাৰস্থিত গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ খেলপথাৰত আয়োজন কৰা এই প্ৰথম বাৰ্ষিক ড্ৰাগছ সেৱন বিৰোধী ১৬ বছৰৰ অনুৰ্ধ ছোৱালীৰ আন্তঃ ক্লাৱ,আন্তঃ গোট, প্ৰতিষ্ঠান প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাত বিজয়ী হয় গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰ (খ) দল ।

১৬ বছৰ অনুৰ্ধ ছোৱালীৰ প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাখনিৰ চড়ান্ত খেলখনত গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰ (খ) দলটোৱে উক্ত প্ৰশিক্ষণ কেন্দ্ৰৰেই (ক) দলক পৰাজিত কৰে । খেলৰ সামৰণিত বিজয়ী দলক বঁটা প্ৰদান কৰে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ স্নিগ্ধা বৰুৱাই । আনহাতে, বঁটা বিতৰণি অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ অধিবক্তা চাইজুদ্দীন আহমেদ, অইল ইন্ডিয়াৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰণয় বৰুৱা,এছোচিয়েচন অৱ ড্ৰাগ ৰিহেবিলিটেচন চেন্টাৰছৰ উপদেষ্টা সিদ্ধাৰ্থ প্ৰতীম দত্ত,সভাপতি যুগব্ৰত হাজৰিকাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে দেওবাৰে পুৱা অনুষ্ঠিত এই ভলীবল প্ৰতিযোগিতাখন উদ্বোধন কৰে ৰাজ্যিক নিচাযুক্ত আৰু মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষ জিতু বৰগোহাঁয়ে । উক্ত প্ৰতিযোগিতাখন উদ্বোধন কৰি উপাধ্যক্ষ বৰগোহাঁয়ে ড্ৰাগছ সেৱনৰ ভয়াবহতাৰ সন্দৰ্ভত ৰাইজক ব্য়াখ্য়া কৰে । তেওঁ ৰাইজক এই মৰণব্য়াধিৰ পৰা নিজৰ লগতে সন্তানক আতৰাই ৰাখিবলৈ আহ্বান জনায় ।

আজি প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান আৰু বঁটা বিতৰণী অনুষ্ঠানটোৰ আঁত ধৰে অনুপম জীৱনৰ উপদেষ্টা বসন্ত কুমাৰ শৰ্মাই । উক্ত প্ৰতিযোগিতাখনত গুৱাহাটী মহানগৰীৰ ৬টা ভলীবল দলৰ লগতে দ্বিশতাধিক ছাত্ৰ- ছাত্ৰী আৰু অভিভাৱকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ; ভাৰতৰ জোলোঙাত দুটা স্বৰ্ণসহ চাৰিটা পদক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.